ইছলামিক দৃষ্টিভংগীৰে পৰিৱেশ ৰক্ষাৰ অভিনৱ আন্দোলন 'সেউজ ইছলাম'

Story by  atv | Posted by  Munni Begum • 2 Years ago
ইস্তিকলাল মছজিদ
ইস্তিকলাল মছজিদ
 
আব্দুৰ ৰছিদ চৌধুৰী
 
বিশ্বৰ ভিতৰত সৰ্বাধিক মুছলমান ধৰ্মাৱলম্বী লোক বাস কৰা দেশ ইন্দোনেছিয়া। বৰ্তমান সময়ত দেশখনৰ মুঠ জনসংখ্যা হ’ল ২৭.৯৫ কোটি। ইয়াৰ প্ৰায় ৯০ শতাংশ লোক মুছলমান। কয়লা আৰু পাল্ম তেল ৰপ্তানিৰ ক্ষেত্ৰত প্ৰথম ইন্দোনেছিয়া। শেহতীয়াভাৱে দেশখন বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে দেখা দিছে। এক কথাত ইন্দোনেছিয়াত এতিয়া প্ৰকৃতিয়ে যেন তাৰ ৰূপ সলনি কৰিছে। 
 
দেশখনৰ গৰিষ্ঠ সংখ্যক লোকক পৰিৱেশৰ প্ৰতি সচেতন কৰাৰ বাবে মুছলমান ধৰ্মীয় নেতাসকল নামি পৰিছে। ইছলামিক দৃষ্টিভংগীৰে কৰা এই পৰিৱেশ ৰক্ষাৰ আন্দোলনক মানুহে নাম দিছে গ্ৰীণ ইছলাম (সেউজ ইছলাম)।
 
ইস্তিকলাল মছজিদ (istiqlal Mosque)। ইন্দোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ বৃহৎ মছজিদ। ই হৈছে দেশখনৰ ইছলামৰ কেন্দ্ৰস্থল। মছজিদটোৰ মুখ্য ইমাম নাছিৰুদ্দিন ওমৰ। একেদৰে, দেশৰ প্ৰথম ধৰ্মীয় নেতা। তেওঁৰ নেতৃত্বতে আৰম্ভ হৈছে সেউজ ইছলামৰ। মানুহক পৰিৱেশৰ প্ৰতি সচেতন কৰা কামত তেওঁ অগ্ৰনী ভূমিকা গ্ৰহণ কৰিছে। 
 
ইমাম নাছিৰুদ্দিন ওমৰ
 
পৰিৱেশ ৰক্ষা কৰাৰ বাবে তেওঁ ফটোৱাও জাৰি কৰিছে। ইমাম নাছিৰুদ্দিন ওমৰে জলবায়ু পৰিৱৰ্তনৰ ফলত যি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া কিয়ামত (ধ্বংস) ৰ আগজাননী হিচাপে গন্য কৰিছে। তেওঁৰ মতে প্ৰকৃতৰ প্ৰতি মানুহে যিমান অন্যায় কৰিব কিয়ামত সিমান সোনকালে আহিব। নামাজ আৰু ৰোজাৰ দৰে পৃথিৱীক ৰক্ষা কৰাতোও আমাৰ ফৰ্জ (বাধ্যতামূলক কৰ্তব্য) হোৱা উচিত বুলি তেওঁ অভিহিত কৰিছে।
 
তেওঁৰ মতে, দৈনিক নামাজ আদায় কৰাৰ দৰে গছ পুলিও ৰুব লাগে। আমি পৃথিৱীখনক এটি সাধাৰণ বস্তু হিচাপে গন্য কৰো। 
মানুহ হিচাপে এইটো আমাৰ ডাঙৰ দূৰ্বলতা বুলি ওমৰে উল্লেখ কৰে। ইন্দোনেছিয়াৰ জনসাধাৰণে আইনতকৈ তেওঁৰ কথা বেছি মানে। সেয়ে দেশখনত তেওঁৰ পৰিৱেশ আন্দোলন সফল হৈছে। পৃথিৱীৰ আন দেশতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
 
ওমৰে কেৱল ফটোৱা জাৰি কৰিয়ে নিজৰ দায়িত্ব সামৰি থৈছে এনে নহয়। তেওঁ হাতে-কামেও পৰিৱেশ ৰক্ষাৰ কামত নামি পৰিছে। ইস্তিকলাল মছজিদত তেওঁ কৰা কাম প্ৰতিফলিত হৈছে । মছজিদটোত তেওঁ সৌৰশক্তি লগাইছে। যাৰ ফলত বিদ্যুতৰ খৰচ ৰাহি হৈছে। ইয়াৰ উপৰিও পানী পুনৰ ব্যৱহাৰ প্ৰকল্প স্থাপন কৰিছে মছজিদটোত। এনেবোৰ কাৰণতে ইস্তিকলাল মছজিদে বিশ্ব বেংকৰ পৰা সেউজ গৃহৰ (Green Building) সন্মান লাভ কৰিছে। 
 
ইস্তিকলাল মছজিদত স্থাপনৰ বাবে সাজু কৰা হৈছে সৌৰ ছাদ
 
এনে সন্মান লাভ কৰা ইস্তিকলাল মছজিদ হ’ল এছিয়াৰ সৰ্ববৃহৎ ধৰ্মীয় স্থান। একেদৰে মছজিদটোৰ ওচৰৰে বৈ যোৱা চিলিউং নদীখনো তেওঁ পৰিষ্কাৰ কৰিছে। ইয়াৰ পূৰ্বে নদীখন আৱৰ্জনাৰে ভৰি পৰি প্ৰদূষিত হৈ পৰিছিল। এতিয়া নদীখন প্ৰদূষণ মুক্ত হোৱাই নহয় সৌন্দৰ্যও বৃদ্ধি হৈছে।
 
বিগত কিছু বছৰৰ পৰা ইন্দোনেছিয়াত প্ৰকৃতিয়ে অস্বাভাৱিক আচৰণ কৰা দেখা গৈছিল। দেশখন ২০১৯ চনত খৰাঙৰ কৱলত পৰাছিল। ইয়াৰ লগতে সেই বছৰ বনজুয়ো সংঘটিত হৈছিল ইন্দোনেছিয়াত। ইমানতে ক্ষান্ত হোৱা নাছিল প্ৰকৃতি। পৰৱৰ্তী বছৰ, অৰ্থাৎ ২০২০ চনত অত্যাধিক বৰষুণ হোৱাৰ লগতে বানপানীৰ সৃষ্টি হয়। 
 
ইয়াৰ ফলত দেশখনৰ সৰহসংখ্যক লোক বিশেষকৈ গাঁও অঞ্চলত বাস কৰা লোকসকলে সমস্যাৰ সন্মুখীন হয়। ইফালে, সমূদ্ৰ স্তৰ বৃদ্ধিৰ ফলত নতুন নতুন ঠাই প্লাবিত হৈছে। ইয়াৰ বাসোপযোগী ঠাইৰ অভাৱ হোৱাৰ আশংকাই দেখা দিছে। সেয়ে, ইন্দোনেছিয়াত পৰিৱেশ ৰক্ষাৰ বাবে নতুন নতুন আইন প্ৰণয়ন কৰা হৈছে। কিন্তু, আইনে মানুহৰ স্বভাৱৰ পৰিৱৰ্তন কৰিব পৰা নাই। সেয়ে, ইমাম নাছিৰুদ্দিন ওমৰ আগবাঢ়ি আহিছে। দেশখনৰ উলামা কাউন্সিলৰ মতে আইনতকৈ ধৰ্মীয় নেতাসকলে জনসাধাৰণক অধিক প্ৰভাৱিত কৰিব পাৰে। 
 
ইস্তিকলাল মছজিদৰ চৌহদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ২০১৮ চনৰ ৩০ মে'ৰ ফটো
 
সেয়ে, নাছিৰুদ্দিনে ফটোৱা জাৰি কৰি দেশৰ জনগণক পৰিৱেশ ৰক্ষা কৰাৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত তেওঁ নবী হজৰত মহম্মদে পৰিৱেশ ৰক্ষাৰ বাবে জনোৱা আহ্বানক অনুসৰণ কৰিবলৈ জনসাধাৰণৰ ওচৰত আবেদন জনায়। তেওঁৰ আবেদনৰ প্ৰতি সহাৰি জনাই ইতিমধ্যে দেশখনৰ প্ৰায় বিশ কোটি লোকে পৰিৱেশ ৰক্ষাৰ সংগ্ৰামত নামি পৰিছে। ইয়াৰ ফল লাভ কৰিছে ইন্দোনেছিয়াৰ প্ৰতিজন নাগৰিকে। 
 
পৰিৱেশ ৰক্ষাৰ আন্দোলনত ইছলাম ধৰ্মক জড়িত কৰাৰ বাবে এই আন্দোলনে নাম পাইছে সেউজ ইছলাম (Green Islam)। ইতিবাচক কথা হ’ল সেউজ ইছলামৰ প্ৰভাৱ পৃথিৱীৰ আন আন দেশলৈও প্ৰসাৰিত হৈছে। যিটো পৰিৱেশৰ লগত আমাৰ পৃথিৱীৰ বাবে মংগলজনক হিচাপে বিবেচিত হৈছে।