পহলগাম আক্ৰমণক যন্ত্ৰণাদায়ক আখ্যা দি ভাৰত-পাক মেচ বৰ্জনৰ আহ্বান আছাদুদ্দিন ওৱাইছিৰ

Story by  atv | Posted by  [email protected] • 7 d ago
আছাদুদ্দিন ওৱাইছি
আছাদুদ্দিন ওৱাইছি
 
নতুন দিল্লী

এআইএমআইএমৰ মুৰব্বী তথা লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱাইছিয়ে কয় যে এছিয়া কাপৰ অংশ হিচাপে ডুবাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট মেচখন তেওঁ উপভোগ নকৰে। 
 
“আমি আচৰিত আৰু স্তম্ভিত হৈছো যে আমি পাকিস্তানৰ সৈতে ডুবাইত ক্ৰিকেট মেচ খেলিবলৈ গৈ আছো। মই এই মেচ কেতিয়াও নাচাও। যেতিয়া প্ৰধানমন্ত্ৰীয়ে নিজেই বহুবাৰ কৈছে যে পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে, আৰু কথা-বতৰা আৰু সন্ত্ৰাসবাদ একেলগে আগবাঢ়িব নোৱাৰে, তেনে সময়ত আপুনি কেনেকৈ ক্ৰিকেট খেলিব পাৰে?”
 
ওৱাইছিয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত মানুহক পৰিয়ালৰ সন্মুখত গুলীচালনা কৰা হৈছিল, ই তেওঁক গভীৰভাৱে কষ্ট দিছে। ‘ঘটনাটো অত্যন্ত ভয়ংকৰ আছিল। কাৰোবাক পত্নী আৰু সন্তানৰ সন্মুখত গুলীবিদ্ধ কৰাটো কিমান বেদনাদায়ক। মোৰ বাবে পাকিস্তানৰ সৈতে ক্ৰিকেট মেচ খেলাৰ কোনো যুক্তি নাই, যিসময়ত আমি পাকিস্তানৰ বিৰুদ্ধে ইমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো।’
 
ভাৰতে কিয় এনে পৰিস্থিতিত খেলিছে বুলি সোধাত তেওঁ কয় যে ইয়াৰ উত্তৰ বিচিচিআই আৰু চৰকাৰৰ ওপৰত নিহিত হৈ আছে, যিয়ে মেচখনৰ অনুমতি দিছে।