দীঘলীয়া ক্লান্তিকৰ অনুশীলনৰ পিছত মাইলৰ পিছত মাইল খোজ কাঢ়ি ঘৰলৈ যোৱা দিনবোৰো ছিৰাজৰ মনত আছে। সেই দিনবোৰত কোনেও তেওঁৰ সামৰ্থ আৰু দক্ষতাৰ ওপৰত বিশ্বাস কৰা নাছিল। আনে খেলি থকাৰ সময়ত তেওঁ বেঞ্চত বহি আছিল। কিন্তু এই সকলোবোৰৰ মাজতো তেওঁ কেতিয়াও হাৰ মনা নাছিল।𝘽. 𝙀. 𝙇. 𝙄. 𝙀. 𝙑. 𝙀 pic.twitter.com/ClrCat7IMJ
— Mohammed Siraj (@mdsirajofficial) August 4, 2025
185.3 overs - 'Not a problem when you're playing for the country'
— ESPNcricinfo (@ESPNcricinfo) August 4, 2025
Mohammed Siraj 🙌 #ENGvIND pic.twitter.com/pZ13PT57kE
এই সংগ্ৰাম আৰু কষ্টৰ অন্তত আজি মহম্মদ ছিৰাজ ভাৰতৰ অন্যতম নিৰ্ভৰযোগ্য বেগী বলাৰ হৈ পৰিছে। কিন্তু তেওঁ পাহৰা নাই যে এই সকলোবোৰ আৰম্ভ হৈছিল হায়দৰাবাদত অটো চলাই পুত্ৰক ডাঙৰ সপোন দেখিবলৈ সাহস দিয়া এগৰাকী ইতিবাচক চিন্তাৰ পিতৃৰ পৰা৷ জীৱনৰ আৰম্ভণি দিনৰ এখন আৱেগিক ফটো শ্বেয়াৰ কৰি ছিৰাজে কয়, “মই পিন্ধি থকা ভাৰতীয় দলৰ কেপটোৱে এই কথাৰ প্ৰমাণ দাঙি ধৰিছে যে আপুনি অটো ড্ৰাইভাৰৰ পুত্ৰই হওক বা চফ্টৱেৰ ইঞ্জিনিয়াৰৰ পুত্ৰই হওক, কঠোৰ পৰিশ্ৰমেই সফলতাৰ মূলমন্ত্ৰ।”
কঠোৰ পৰিশ্ৰমত বিশ্বাসী মহম্মদ ছিৰাজে কঠোৰ পৰিশ্ৰম, অগাধ বিশ্বাস, একাগ্ৰতা আৰু সফলতা অৰ্জনৰ দুৰ্বাৰ হাবিয়াসক সাৰথি কৰিয়ে সোমবাৰে ইংলেণ্ডৰ মাটিত ভাৰতৰ স্মৰণীয় জয়ৰ বীৰগাথা ৰচে। জছপ্ৰীত বুমৰাহৰ দৰে তাৰকা বেগী বলাৰৰ অনুপস্থিতিত ভাৰতৰ বলিং শক্তিৰ নেতৃত্ব দিয়া ছিৰাজে প্ৰথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰি ভাৰতীয় দলক টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ জয়ৰ সোৱাদ দিয়ে।Cristiano Ronaldo & BELIEVE — the inspiration for Mohammed Siraj 🐐#Ronaldo #Siraj #Cricket #Football pic.twitter.com/bW2IE5Ug5c
— Sportskeeda (@Sportskeeda) August 4, 2025