নতুন দিল্লী
এছিয়া কাপ ২০২৫ ৰ ষষ্ঠখন খেলত ভাৰতৰ হাতত ধৰাশায়ী হ'ল পাকিস্তান। ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতীয় দলটোৱে ১৬ নং অভাৰত ৩টা উইকেট হেৰুৱাই ১২৮ ৰাণৰ লক্ষ্যত উপনীত হয়। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টছত জয়লাভ কৰি পাকিস্তানে বেটিং কৰিবলৈ বাছি লৈ ৯ টা উইকেট হেৰুৱাই ১২৭ ৰাণ সংগ্ৰহ কৰে।
খেলখনত জয়লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চলি থকা দুয়ো দেশৰ তিক্ততাৰ বাবে এক প্ৰকাৰ প্ৰতীকী অসন্তুষ্টি দেখুৱাই পাকিস্তানী খেলুৱৈৰ সৈতে সৌজন্যতামূলক কৰমৰ্দনৰ কৰাৰ পৰাও বিৰত থাকে। ইয়াৰ পূৰ্বে টছৰ পাছতো অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ অধিনায়ক ছলমান আলীক হেণ্ডশ্বেক কৰা নাছিল।
এই গ্ৰুপ-এ মেচখনত ভাৰতীয় বলাৰসকলে পাৱাৰপ্লে’ৰ পৰাই হেঁচা সৃষ্টি কৰি শেষলৈকে পাকিস্তানী বেটছমেনসকলক ওপৰলৈ উঠিবলৈ সুযোগ নিদিলে। ছাহিবজাদা ফাৰহান (৪০ ৰাণ) আৰু শ্বাহীন আফ্ৰিদি (৩৩ ৰাণ)ৰ বাহিৰে কোনো বেটছমেনে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।
কুলদীপ যাদৱে ৩টা উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলে ২-২কৈ উইকেট লাভ কৰে। হাৰ্দিক পাণ্ডিয়া আৰু বৰুণ চক্ৰৱৰ্তীয়ে এটাকৈ উইকেট লাভ কৰে।
ভাৰতীয় দলৰ হৈ অ’পেনাৰ অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই ৩১ ৰাণকৈ সংগ্ৰহ কৰে। আনহাতে অধিনায়ক সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৪৭ ৰাণ সংগ্ৰহ কৰে। তৃতীয় উইকেটৰ বাবে ৫৬ ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব ভাগ কৰে সূৰ্য-তিলকে। পাকিস্তানৰ ছাইম আয়ুবে তিনিওটা উইকেট দখল কৰে।
এই জয়ৰ লগে লগে ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু দলটোৰ ছুপাৰ-৪ত প্ৰৱেশৰ সম্ভাৱনাও বৃদ্ধি পাইছে। আনহাতে পাকিস্তানে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব বিচাৰিলে ইউএইৰ বিৰুদ্ধে অন্তিমখন খেলত জয়ী হ’ব লাগিব।
ভাৰতীয় একাদশত আছিল অভিষেক শৰ্মা, শুভমন গিল, সঞ্জু চেমছন, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তী।
পাকিস্তানৰ একাদশত ছাইম আয়ুব, চাহিবজাদা ফাৰহান, মহম্মদ হাৰিছ (উইকেটকীপাৰ), ছলমান আঘা (অধিনায়ক), ফখৰ জামান, হাছান নৱাজ, মহম্মদ নৱাজ, ফাহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, আব্ৰাৰ আহমেদ আৰু চুফিয়ান মুকীম।