ফুটবলত নীলা কাৰ্ড

Story by  atv | Posted by  [email protected] • 1 Years ago
ফুটবলত নীলা কাৰ্ড
ফুটবলত নীলা কাৰ্ড
 
গুৱাহাটী
 
খেলৰ নিয়ম ভংগ কৰিলে ৰঙা বা হালধীয়া নহয়, ফুটবলত ৰেফাৰীয়ে দেখুৱাব পাৰে নীলা কার্ডো। অচিৰেই ফুটবলত নতুন নিয়ম প্রচলন হোৱাৰ সম্ভাৱনা প্রবল হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় ফুটবল সংস্থাই অহা কেইদিনমানৰ ভিতৰতে এই নতুন নিয়মৰ কথা ঘোষণা কৰিব। 
 
 
এফ এ কাপ ফুটবল প্রতিযোগিতাত পৰীক্ষামূলকভাৱে দেখিবলৈ পোৱা যাব নীলা কার্ড। জানিব পৰা মতে কোনো ফুটবলাৰক যদিহে নীলা কার্ড দেখুওৱা হয়, তেন্তে তেওঁ দহ মিনিটৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব। আনহাতে এগৰাকী ফুটবলাৰে যদিহে দুবাৰকৈ নীলা কার্ড লাভ কৰে, তেন্তে তেওঁ খেলপথাৰৰ পৰা ওলাই যাব লাগিব। 
 
এবাৰ নীলা আৰু এবাৰ হালধীয়া কার্ড দেখিলে একেই শাস্তি হ'ব। আগশাৰীৰ প্ৰতিযোগিতাত নীলা কার্ড ব্যৱহাৰ কৰিলে এফ এ কাপত এই নিয়ম প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰা হৈছে। পুৰুষ আৰু মহিলা উভয়ৰে এফ এ কাপত এই কাৰ্ড ব্যৱহাৰ কৰা হ'ব।