টি-২০ ছিৰিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

Story by  atv | Posted by  [email protected] • 29 d ago
টি-২০ ছিৰিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়
টি-২০ ছিৰিজৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়
 
নতুন দিল্লী
 
শুকুৰবাৰে ডাৰবানত অনুষ্ঠিত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰে ভাৰতে। মাৰ্কৰাম বাহিনীক ১৪১ ৰানতে স্তব্ধ কৰি ৬১ ৰানৰ বৃহৎ জয় সাব্যস্ত কৰে ভাৰতে।
 
দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱো ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ ছিৰিজৰ প্ৰথমখন মেচত ভাৰতে জয়লাভ কৰি ১-০ ব্যৱধানত আগবাঢ়ি আছে। অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতৰ যুৱ দলটোৱে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই।
 
সঞ্জু চেমছনৰ শতৰাণৰ ফলত ভাৰতে ২০ অভাৰত ২০২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টি-২০ শৃংখলাত দুটাকৈ ছিৰিজত শতৰাণ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত সঞ্জু।
 
দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত লৈছিল যদিও, মাৰ্কাৰাম বাহিনীৰ সেই সিদ্ধান্তক ভুল প্ৰমাণিত কৰি ভাৰতীয় বেটছমেনসকলে দুৰ্দান্ত প্ৰদৰ্শনেৰে এটা বৃহৎ ৰানৰ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়।
 
উইকেট কিপাৰ বেটছমেন সঞ্জু চেমছনে নিজাকৈয়ে ১০৭ ৰান সংগ্ৰহ কৰি ২১৪.০০ ষ্ট্ৰাইক ৰেটৰে আকৰ্ষণীয় ইনিংছ খেলে। আনহাতে অধিনায়ক সূৰ্যকুমাৰ যাদৱে ২১ ৰান, তিলক বৰ্মাই ৩৩ ৰান সংগ্ৰহ কৰে। ভাৰতে ৮টা উইকেট হেৰুৱাই ২০২ ৰানত উপনীত হৈ দক্ষিণ আফ্ৰিকাক ২০৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
 
সঞ্জু চেমছনৰ শতকৰ পিছত স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণইৰ নেতৃত্বত কিছু ক্লিনিকেল বলিঙে ভাৰতে ডাৰবানত অনুষ্ঠিত প্ৰথম টি-২০ত দক্ষিণ আফ্ৰিকাক ৬১ ৰাণত পৰাস্ত কৰাত সহায় কৰে। বৰুণ চক্ৰৱৰ্তীয়ে ৪ অভাৰত ২৫ ৰান দি আৰু ৰবি বিষ্ণইয়ে ৪ অভাৰত ২৮ ৰান দি ৩টাকৈ উইকেট ল’বলৈ সক্ষম হয়।
 
আনহাতে আৱেশ খানে ২টা আৰু অৰ্শ্বদীপ সিঙে ১টাকৈ উইকেট লৈ দক্ষিণ আফ্ৰিকাৰ টীমটোক ১৪১ ৰানতে অলআউট কৰি মেচ জয়ী হয়।। ভাৰতে ৬১ ৰানত জয়লাভ কৰি চাৰিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।
 
আনহাতে দক্ষিণ আফ্ৰিকাৰ হৈ ৰিয়ান ৰিকেলটন ২১ ৰান, হাইনৰিখ ক্লাচেনে ২৫ ৰান, জেৰাল্ড কোটজি ২৩ ৰান, ডেভিদ মিলাৰে ১৮ ৰান কৰিবলৈ সক্ষম হয়।