আই পি এলত গুজৰাট জায়েন্টছৰ হৈ খেলিব কাশ্মীৰৰ ৰুবিয়া চৈয়দে

Story by  atv | Posted by  [email protected] • 10 Months ago
ৰুবিয়া চৈয়দ
ৰুবিয়া চৈয়দ
 
শ্ৰীনগৰ

দক্ষিণ কাশ্মীৰৰ এগৰাকী প্ৰতিভাশালী মহিলা ক্ৰিকেটাৰ ৰুবিয়া চৈয়দে আগন্তুক ছিজনত মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত গুজৰাট জায়েন্টছৰ হৈ খেলিব। অনন্তনাগ জিলাৰ বদাছগাম গাঁৱৰ ২৯ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে নিউজ এজেন্সী কাশ্মীৰ নিউজ অবজাৰ্ভাৰ (কে এন অ’)ক কয় যে, ‘মই দলটোৰ সফলতাৰ বাবে মোৰ সাধ্য অনুসৰি কাম কৰিম।
 
উল্লেখ্য যে, ৰুবিয়া এগৰাকী উদীয়মান অলৰাউণ্ডাৰ। তেওঁ সোঁহাতেৰে বেটিং কৰাৰ লগতে এগৰাকী উপযোগী মিডিয়াম পেচাৰ। ২০১২ চনৰ পৰা ক্ৰিকেট খেলি থকা ৰুবিয়াই যোৱা দহ বছৰ ধৰি জম্মু আৰু কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যন (জেকেচিএ)ক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ৰঞ্জি ট্ৰফী আৰু ছিনিয়ৰ মহিলা টি-২০তো খেলিছে।
 
শুকুৰবাৰে গুজৰাট জায়েণ্টছৰ পৰা ৰুবিয়ালৈ ফোন আহিছিল। এই সন্দৰ্ভত ৰুবিয়াই কয়, ‘গুজৰাট জায়েণ্টছৰ বিষয়াসকলৰ পৰা মোলৈ ফোন আহিছিল, তেওঁলোকে মোক জনাইছিল যে মই আগন্তুক ছিজনৰ বাবে আই পি এল দল গুজৰাট জায়েণ্টছৰ অংশ হ’ম।
 
প্ৰশিক্ষক ছাকিনা আখতাৰৰ সৈতে ৰুবিয়া চৈয়দ
 
ৰুবিয়াই কয় যে তেওঁৰ পিতৃ গুলাম কাদিৰ শ্বেখ এজন ফলৰ ব্যৱসায়ী আৰু তেওঁ সদায় নিজৰ কন্যাৰ ওপৰত বিশ্বাস কৰি আহিছে। কন্যা ৰুবিয়াক তেওঁ সকলো সময়তে সমৰ্থনো আগবঢ়াই আহিছে। এনে এটা পৰিয়ালৰ সদস্য ৰুবিয়াই মহিলা আই পি এত অংশ লোৱাৰ সুযোগ পোৱাত জম্মু আৰু কাশ্মীৰৰ অনুৰাগীৰ মাজত যথেষ্ট আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ প্ৰত্যেকেই আশা কৰিছে যে ৰুবিয়াই গুজৰাট জায়েণ্টছৰ হৈ খেলাৰ সুযোগ পাব আৰু দলটোৰ হৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ব। 
 
ইয়াৰ পূৰ্বে ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ঘৰত আৰ্থিক অনাটনৰ মাজতো পিতৃ-মাতৃয়ে তেওঁক ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণক আগুৱাই নিবলৈ অনুমতি দিছিল। “কেতিয়াবা দেউতাৰ হাতত টকা নাছিল যদিও তেওঁ মোক কেতিয়াও বোজা অনুভৱ কৰিবলৈ নিদিলে,” তেওঁ কয়।
 
ইয়াৰ পূৰ্বে, জম্মু আৰু কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ জাছিয়া আখতেৰে আইপিএলৰ নিলামত ২০ লাখ টকাৰ বিনিময়ত দিল্লী কেপিটেলছৰ হৈ খেলাৰ সুযোগ পাইছিল। 
 
উল্লেখ্য যে, ৰুবিয়া হৈছে জম্মু আৰু কাশ্মীৰৰ মহিলা ক্ৰিকেটৰ নৰ্থ জ’ন দলত স্থান লাভ কৰা প্ৰথমগৰাকী মহিলা। ৰুবিয়া চৈয়দে নিজৰ সফলতাৰ কৃতিত্ব দিব বিচাৰে কাশ্মীৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা প্ৰশিক্ষক ছাকিনা আখতাৰক। মহিলা ক্ৰিকেটাৰগৰাকীয়ে কয় যে ছাকিনা আখতাৰে প্ৰথমতে তেওঁ ক্ৰিকেটৰ আদিপাঠ শিকাইছিল আৰু তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিছিল।
 
"ছাকিনা আখতাৰ মোৰ প্ৰেৰণা আৰু তেওঁ সদায় ছোৱালীবোৰক খেলিবলৈ উৎসাহিত কৰি আহিছে। তেওঁ মোৰ দৰে বহুতক প্ৰশিক্ষণ দিছে।"-ৰুবিয়াই কয়।