নতুন দিল্লী
বিদেশী প্রশিক্ষকৰ নিযুক্তিৰ আশা ত্যাগ কৰি অৱশেষত স্বদেশীৰ হাততেই ভাৰতীয় ফুটবল ফেডাৰেচনে অর্পণ কৰিলে দায়িত্ব। মানোলো মার্কেজৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব লাভ কৰিলে আই এছ এলৰ ক্লাব জামছেদপুৰ এফ চিৰ প্রশিক্ষক খালিদ জামিলক।
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কার্যকৰী কমিটীয়ে এটা বিবৃতিযোগে এই কথা সদৰী কৰিছে। ২০১১ চনৰ অক্টোবৰত মাত্র ৬ মাহৰ বাবে ছাভিঅ' মেদেইৰাই দায়িত্ব লোৱাৰ পিচত ১৪ বছৰ বিৰতিৰ মূৰত প্ৰথমগৰাকী স্বদেশী প্রশিক্ষকক নিযুক্তি দিলে ফেডাৰেচনে।
৪৮ বছৰীয়া খালিদৰ কোনো আন্তর্জাতিক প্ৰশিক্ষণৰ অভিজ্ঞতা নাই। কিন্তু দেশৰ ক্লাব ফুটবলত খালিদৰ সাফল্য ঈর্ষণীয়। মানোলো মাৰ্কেজৰ বিদায়ৰ পিচত ফেডাৰেচনৰ বিজ্ঞাপন অনুসৰি ভাৰতীয় দলৰ প্ৰশিক্ষক পদৰ বাবে দেশ-বিদেশৰ মুঠ ১৭০ গৰাকীয়ে আবেদন কৰিছিল। এই আবেদনসমূহৰ পৰা ফেডাৰেচনৰ কাৰিকৰী সমিতিয়ে তিনিজনৰ নাম চূড়ান্ত কৰি ফেডাৰেচনৰ কাৰ্যকৰী কমিটীক দায়িত্ব অর্পণ কৰে।
এই তিনিজন আছিল খালিদ জামিল, স্টিফেন কনষ্টেনটাইন আৰু ষ্টেফান টাৰক 'ভিচ। এই মুহূর্তত কোনো বিদেশী প্রশিক্ষকক নিযুক্তি দিয়াৰ ক্ষমতা নাই ফেডাৰেচনৰ। খালিদক এনে এটা সময়ত দায়িত্ব অর্পণ কৰা হৈছে, যি সময়ত দেশৰ ফুটবল ক্ৰমাৎ অধোগতিৰ দিশে।
স্বাভাৱিকতে খালিদৰ সন্মুখত লক্ষ্য পর্বতসম কঠিন। খালিদ জামিলৰ লগত হোৱা চুক্তি সন্দৰ্ভত ফেডাৰেচনে কোনো তথ্য প্রকাশ কৰা নাই। তাজিকিস্তান আৰু উজবেকিস্তানত হ'বলগা কাফা নেচনছ কাপৰ পৰাই খালিদৰ অভিযান আৰম্ভ হ'ব। এই প্রতিযোগিতাত ভাৰতৰ লগত একেটা গ্ৰুপত আছে ইৰান, তাজিকিস্তান আৰু আফগানিস্তান। ২৯ আগষ্টৰ পৰা আৰম্ভ হ'ব এই প্রতিযোগিতা।