ইংলেণ্ডলৈ যোৱাৰ পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল বিৰাট কোহলি

Story by  atv | Posted by  [email protected] • 1 Years ago
ইংলেণ্ডলৈ যোৱাৰ পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল বিৰাট কোহলি
ইংলেণ্ডলৈ যোৱাৰ পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল বিৰাট কোহলি
মুম্বাই

সম্প্ৰতি ভাৰতীয় দলৰ সৈতে ইংলেণ্ড ভ্ৰমণত ব্যস্ত থকা তাৰকা বেটছমেন বিৰাট কোহলি কিছুদিন পূৰ্বে ক'ভিড-১৯ আক্ৰান্ত হৈছিল। বহু পলমকৈ পোহৰলৈ অহা এই বাতৰি অনুসৰি, মালদ্বীপত অৱসৰ বিনোদন কটাই মুম্বাইলৈ উভতি অহাৰ পিছতে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীৰ শৰীৰত ক'ভিডৰ উপস্থিত ধৰা পৰিছিল। 
 
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে শেহতীয়াকৈ খেলা পাঁচখন মেচৰ টি-২০ শৃংখলাৰ পৰা বিচিচিআইয়ে কোহলিক বিশ্ৰাম দিছিল আৰু এই সময়ছোৱাত তাৰকাগৰাকীয়ে  ছুটি উদযাপন কৰিবলৈ পত্নী অনুষ্কা শৰ্মা আৰু কন্যা ভামিকাৰ সৈতে মালদ্বীপলৈ গৈছিল। শেহতীয়া প্ৰতিবেদন অনুসৰি, মালদ্বীপৰ পৰা উভতি অহাৰ পিছতে কোহলি ক'ভিড পজিটিভ হয়। 
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, অভিজ্ঞ বেটছমেনগৰাকী এতিয়া সুস্থ হৈ উঠিছে আৰু ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্টত খেলপথাৰত নামিবলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু হৈছে। মঙলবাৰে কোহলিয়ে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ তত্ত্বাৱধানত দীৰ্ঘ সময় ধৰি বেটিং অনুশীলন চলায় আৰু ছ'চিয়েল মিডিয়াত ইয়াৰ ফটো শ্বেয়াৰ কৰিছে। 
ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকাৰ অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনো ক'ভিড পজিটিভ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। সম্প্ৰতি তেওঁ সুস্থ হৈ উঠিছে আৰু দুই-এদিনৰ ভিতৰতে ইংলেণ্ডলৈ ৰাওনা হ'ব। ক'ভিডৰ বাবে তেওঁ ভাৰতীয় দলৰ সৈতে ইংলেণ্ডলৈ যাব পৰা নাছিল।