গুৱাহাটী
পুনৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই। গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়াৰ বক্সাৰ লাভলীনাই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ বিশ্বৰ বুকুতেই চিনাকি হৈ পৰিছিল। লাভলীনাৰ সেই ধাৰা অব্যাহত আছে। এইগৰাকী অসম কন্যা লাভলীনা বৰগোহাঁইৰ সাফল্যই পুনৰ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে৷
স্পেইনত অনুষ্ঠিত হোৱা বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে লাভলীনাই৷ স্পেইনত অনুষ্ঠিত ৭৫ কেজি শাখাত জয়ী লাভলীনা বৰগোহাঁই৷ লাভলীনাৰ হাতত পৰাস্ত ইংলেণ্ডৰ মেৰী কেইট স্মিথ। সামাজিক মাধ্যম ফেচবুকৰ যোগেদি জনালে লাভলীনাই৷ হাতত সোণৰ মেডেল লৈ ফেচবুকত ভিডিঅ’ শ্বেয়াৰ কৰিল লাভলীনাই৷
ইপিনে লাভলীনাই মেডেল গ্ৰহণ কৰাৰ লগে লগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হৈছিল। পুনৰ লাভলীনা বৰগোহাঁইৰ সাফল্যই ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। লাভলীনাক এই সাফল্যত নিজকে অধিক উৎফুল্লিত হোৱা দেখিব পৰা গৈছে। লাভলীনা বৰগোহাঁয়ে নিজৰ ফেচবুক পেজৰ যোগেদি জনাইছে, "বাহিৰত খেল চলি আছে, এইমাত্ৰ শেষ হৈছে, আজি মোৰ ফাইনেল আছিলে আৰু মই ফাইনেলত জিকিছো৷"
বক্সাৰগৰাকীয়ে লগতে কয়, "বহুদিনৰ মূৰত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলিবলৈ আহিছিলো। প্ৰথম খেল আছিল ইউক্ৰেইনৰ লগত। তাৰ পিছত ওৱেলছ, ইংলেণ্ডৰ লগত৷ ইয়াত ছেমি ফাইনলেৰ যিগৰাকী প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰিলোঁ সেইগৰাকীৰ লগত পূৰ্বতে মই কমনৱেলথ গেমছত পৰাজিত হৈছিলোঁ৷ বহুত বেছি ভাল লাগিছে, সকলোৰে শুভেচ্ছা আছিল। যিসকল প্ৰশিক্ষকে মোক সমৰ্থন কৰি আছিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ কেইদিনমানৰ পিছত আকৌ খেল আছে তাত পুনৰ পদক অৰ্জন কৰি আনিব পাৰো তাৰ বাবে শুভেচ্ছা বিচাৰিছোঁ৷"
ইফালে বক্সাম এলিট ইন্টাৰনেছনেল বক্সিঙত সোণৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জনাইছে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ লগতে সৰুপথাৰৰ বহুকেইজন ব্যক্তয়ে৷