মুম্বাইত এম এছ ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 10 Months ago
এম এছ ধোনি
এম এছ ধোনি
মুম্বাই

আহমেদাবাদত চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ দখল কৰাৰ তিনিদিনৰ পাছত অধিনায়ক এম এছ ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ কৰা হয়। তেওঁৰ আঁঠুৱে শেহতীয়াকৈ সমাপ্ত হোৱা সমগ্ৰ প্ৰতিযোগিতাখনতে তেওঁক অসুবিধা দিছিল।

ক্ৰিকবাজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অস্ত্ৰোপচাৰটো ভালদৰেই চলিছিল আৰু ভাৰতৰ প্ৰাক্তন অধিনায়ক ধোনী নিখুঁতভাৱে সুস্থ হৈ আছে। ইয়াত লগতে কোৱা হৈছে যে তেওঁ আৰু দুদিনমান চিকিৎসালয়ত থাকিব আৰু তাৰ পিছত তেওঁক ডিচচাৰ্জ দিয়া হ’ব।

চি এছ কেৰ চি ই অ’ কাছি বিশ্বনাথনৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে, "অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ সৈতে কথা পাতিছিলো। অস্ত্ৰোপচাৰটো কিহৰ বিষয়ে মই বুজাব নোৱাৰো কিন্তু আমাক কোৱা হৈছে যে ই এটা সৰু ফুটাৰে কৰা অস্ত্ৰোপচাৰ। আমাৰ কথা-বতৰাৰ সময়ত তেওঁৰ স্বাস্থ্য ভালেই আছিল।"

আই পি এল ২০২৩ৰ  সমগ্ৰ ছিজনটো চেন্নাইৰ হৈ খেলাৰ সময়ত ধোনীয়ে বাওঁ আঁঠুৰ সমস্যাৰ বাবে যথেষ্ট বান্ধ খাই থকা দেখা গৈছিল। ইয়াৰ অৰ্থ আছিল যে তেওঁ আঠ নম্বৰত বেটিং কৰিবলৈ ওলাই আহিছিল আৰু উইকেটৰ মাজত দৌৰি থাকোঁতে তেওঁক বিশেষ আৰামদায়ক যেন নালাগিছিল।

বুধবাৰে সন্ধিয়া ধোনীৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত তেওঁৰ পত্নী সাক্ষী তেওঁৰ কাষত থকাৰ কথা উল্লেখ কৰাৰ লগতে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ধোনীৰ অস্ত্ৰোপচাৰ মুম্বাইৰ আন্ধেৰী পশ্চিমৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত চেণ্টাৰ ফৰ স্প’ৰ্টছ মেডিচিনৰ মুৰব্বী তথা আৰ্থ্ৰস্কপি এণ্ড শ্বোল্ডাৰ চাৰ্ভিচৰ সঞ্চালক ডাঃ দিনশ্ব’ পাৰ্দিৱালাই কৰিছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডাঃ পাৰ্দিৱালাই যুৱ উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টৰ অস্ত্ৰোপচাৰ কৰিছিল, যেতিয়া যোৱা ডিচেম্বৰ মাহত গুৰুতৰ গাড়ী দুৰ্ঘটনাত বহু আঘাতপ্ৰাপ্ত হোৱাৰ পিছত জানুৱাৰী মাহৰ আৰম্ভণিতে সোঁ আঁঠুৰ লিগামেণ্টৰ ছিদ্ৰৰ তাৎক্ষণিক অস্ত্ৰোপচাৰৰ বাবে ডেৰাডুনৰ পৰা মুম্বাইলৈ উৰাজাহাজেৰে লৈ যোৱা হৈছিল।

"ধোনীৰ চিকিৎসা চোৱাচিতা কৰিবলৈ চি এছ কেৰ মেনেজমেণ্টে নিজৰ টিম ডাক্তৰ ডাঃ মধু থোট্টাপিলক মুম্বাইলৈ প্ৰেৰণ কৰিছে। তেওঁৰ সম্পূৰ্ণ সুস্থ হোৱাৰ সঠিক সময় এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰায় দুমাহৰ পিছত ধোনী কাৰ্যক্ষম হ’ব বুলি আশা কৰা হৈছে," প্ৰতিবেদন কোৱা হৈছে।

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে চাৰি উইকেটত জয়লাভ কৰি দলটোক আই পি এলৰ পঞ্চমটো খিতাপ দখল কৰাৰ পিছত ধোনীয়ে কৈছিল যে যদিহে তেওঁৰ শৰীৰে তেওঁক অনুমতি দিয়ে তেওঁ অনুৰাগীৰ বাবে আৰু অন্ততঃ এটা ছিজনৰ বাবে ঘূৰি আহিব।