শ্যামবাবু সিংহ; (সোঁফালে) মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লা খনি বিস্ফোৰণৰ স্থান
শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি
পৰিয়ালৰ মানুহে হিন্দু ৰীতি-নীতিৰে সৎকাৰ কৰি শ্ৰাদ্ধ সম্পন্ন কৰাৰ দুদিন পিচতেই মানুহজন আহি নিজৰ ঘৰত উপস্থিত হল। এনেই এক চাঞ্চল্যকৰ ঘটনাৰ বাতৰি পোহৰলৈ আহিছে।
ঘটনাটো বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মুলীয়ালাৰ লেংটাৰপাৰ গাওঁৰ। জীৱিত অৱস্থাত ঘৰলৈ উভতি অহা শ্ৰমিকজনৰ নাম হৈছে শ্যামবাবু সিংহ। বয়স আনুমানিক ৪৫ বচৰ। তেওঁ মেঘালয়ৰ এটা কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰি আছিল।
জানিব পৰা মতে কিছু দিন আগতে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লা খনিটোত এটাত বিস্ফোৰণ হোৱাৰ ফলত বহু শ্ৰমিকৰ মৃত্যু হৈছিল। বহু শ্ৰমিকৰ মুখ চিনি নোপোৱাকৈ ক্ষতিগ্ৰস্ত হোৱাত মেঘালয় চৰকাৰৰ ফালৰ পৰা মৃতদেহবোৰ কেনেবাকৈ চিনাক্ত কৰি বাকী থকা অংশবোৰ নিজ নিজ ঘৰলৈ পঠিয়াইছিল।
সেইমতে শ্যামবাবুৰ লেংটাৰপাৰ গাওঁৰ ঘৰতো এটা মৃতদেহ চমজাই দিয়া হৈছিল আৰু পৰিয়ালে মৃতদেহটো অন্তিম সংস্কাৰ কৰিছিল। কিন্তু শ্ৰাদ্ধৰ দুদিন পাছতেই শ্যামবাবু আহি ঘৰত উপস্থিত হোৱাত পৰিয়ালসহ গাঁওৰ ৰাইজ আচৰিত হোৱাৰ লগে লগে ভয় খাই কিংকৰ্তব্যবিমুৰ হৈ পৰে।
এই ঘটনাই চুবুৰীয়া দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে বিস্ফোৰণৰ পিছত শ্ৰমিকজনৰ অভাৱনীয় প্ৰত্যাৱৰ্তনৰ পৰিস্থিতিৰ যৌথ তদন্ত আৰম্ভ কৰিবলৈ বাধ্য কৰিছে।
প্ৰথমতে পৰিয়ালৰ লোকে বিষয়টো গোপনে ৰখাৰ চেষ্টা কৰিছিlল কিন্তু জানিব পৰা মতে মেঘালয় আৰক্ষীয়ে ঘটনাটোৰ উমান পাই শ্যামবাবুক সোধপোচৰ বাবে তলব কৰিছে। ৰাতাবাৰি আৰক্ষী চকীয়েও ইয়াৰ বিষয়ে অৱগত হৈ তদন্ত আৰম্ভ কৰে।
ইফালে শ্যামবাবুৰ পৰিয়ালে সমগ্ৰ বিষয়টোক লৈ আইনী জটিলতাত পৰি চূড়ান্ত আশংকাত দিন কটাইয়াছে।
শ্ৰীভূমি জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই পিটিআইক জনোৱা মতে, "মেঘালয় আৰু অসম আৰক্ষীয়ে যৌথভাৱে এই শৃংখলাবদ্ধ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ই এক অতি স্পৰ্শকাতৰ বিষয় আৰু তদন্তৰ অধীনত থকা বাবে আমি আৰু একো ক'ব নোৱাৰো।"
লগতে তেওঁ কয় যে অভাৱনীয় পৰিস্থিতিৰ বাবে আৰু স্পষ্ট ছবি এখন ওলাই নোযোৱালৈকে সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ পৰিয়ালটোক অনুৰোধ জনোৱা হৈছে।
এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে মেঘালয় আৰক্ষীয়ে শ্যামবাবুৰ মৃতদেহ বুলি চমজাই দিয়া আৰু পিছত পৰিয়ালে শেষকৃত্য সম্পন্ন কৰা দেহটো আচলতে কাৰ আছিল। সেই বিষয়েও এতিয়া তদন্ত হব লাগিব বুলি বিভিন্নজনে মত পোষণ কৰিছে।
উল্লেখ্য যে কেইবা মাহৰ আগতে জীৱিকাৰ সন্ধানত শ্যামবাবু মেঘালয়ৰ কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল কিন্তু দুৰ্ঘটনাৰ পিছত মোবাইল ফোনেৰে পৰিয়ালৰ লগত তেওঁৰ কিবা কাৰণত যোগাযোগ নোহোৱা বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে খনিৰ ভিতৰৰ দুৰ্ঘটনাৰ দিনা তেঁও কামলৈ যোৱা নাছিল।
মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ মীনছংগাট গাঁৱৰ থাংস্কু অঞ্চলত যোৱা ৫ ফেব্ৰুৱাৰীত সংঘটিত এক অবৈধ ৰেট হোল কয়লা খনিত সংঘটিত হোৱা এক বিস্ফোৰণত কমেও ৩১ জন লোকে প্ৰাণ হেৰুৱাইছিল।
খনিটোত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্তৰ বাবে মেঘালয় আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাইও ঘোষণা কৰিছিল যে ন্যায়িক তদন্ত আয়োগে বিস্ফোৰণৰ কাৰণ কি পৰিস্থিতিৰ বিষয়ে জানিব পৰা যাব আৰু এই ঘটনাৰ দায়িত্ব নিৰ্ধাৰণ কৰিব।
৯ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে বিস্ফোৰণস্থলীত উদ্ধাৰ অভিযান বন্ধ কৰি দিছিল, কাৰণ মূল্যায়নকাৰী দলসমূহে এই সিদ্ধান্তত উপনীত হৈছিল যে খনিটোৰ ভিতৰত আবদ্ধ হৈ থকা জীৱিত লোকসকলক বিচাৰি উলিওৱাৰ আৰু কোনো সম্ভাৱনা নাই।
ৰাজ্য চৰকাৰে মেঘালয় উচ্চ ন্যায়ালয়ক আশ্বাস দিছে যে অবৈধ খনি চলোৱাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনত ৰেট হোল খনন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও উত্তৰ-পূবত এতিয়াও এই বিপজ্জনক পদ্ধতিৰে কয়লা নিষ্কাশন কৰা হয়।