কৰ্নেল ছোফিয়া কুৰেছীক প্ৰদান কৰা হ’ব 'বিশিষ্ট সেৱা পদক'

Story by  atv | Posted by  [email protected] • 20 h ago
কৰ্নেল ছোফিয়া কুৰেছীক প্ৰদান কৰা হ’ব 'বিশিষ্ট সেৱা পদক'
কৰ্নেল ছোফিয়া কুৰেছীক প্ৰদান কৰা হ’ব 'বিশিষ্ট সেৱা পদক'
 
নতুন দিল্লী
 
'অপাৰেচন সিন্দুৰ'ৰ সময়ত এখন প্ৰধান মুখ হৈ পৰা কৰ্নেল ছোফিয়া কুৰেছীক ২০২৬ চনৰ গণৰাজ্য দিৱসৰ সন্মানীয় তালিকাত 'বিশিষ্ট সেৱা পদক(VSM)’ৰ বাবে মনোনীত কৰা হৈছে।
 
ছোফিয়া কুৰেছীয়ে উইং কমাণ্ডাৰ ভ্যোমিকা সিং আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ সৈতে মিলি অপাৰেচন সিন্দুৰৰ সময়ত চলোৱা আক্ৰমণৰ দৈনন্দিন সবিশেষ তথ্য ৰাজহুৱা কৰিছিল।
 
৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেওবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সশস্ত্ৰ বাহিনীৰ ৭০ গৰাকী জোৱানক তেওঁলোকৰ অসাধাৰণ সাহস আৰু ত্যাগৰ স্বীকৃতিস্বৰূপে বীৰত্ব বঁটা (Gallantry awards) প্ৰদানত অনুমোদন জনাইছে। এই তালিকাত ৬টা মৰণোত্তৰ সন্মানো অন্তৰ্ভুক্ত কৰা হৈছে।
 
এই বঁটাসমূহৰ ভিতৰত আছে এটা অশোক চক্ৰ; তিনিটা কীৰ্তি চক্ৰ; ১৩টা শৌৰ্য চক্ৰ (এটা মৰণোত্তৰসহ); এটা বাৰ টু সেনা মেডেল (বীৰত্ব); ৪৪টা সেনা মেডেল (বীৰত্ব - ৫টা মৰণোত্তৰসহ); ৬টা নৌ সেনা মেডেল (বীৰত্ব) আৰু দুটা বায়ু সেনা মেডেল (বীৰত্ব)।
 
বঁটা প্ৰাপকসকলৰ ভিতৰত আছে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা, লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ আৰু সেনাবাহিনী, নৌসেনা তথা বায়ুসেনাৰ আন কেইবাগৰাকীও বিষয়া।
 
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক দেশৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা 'অশোক চক্ৰ' প্ৰদান কৰা হ’ব।
 
গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালকৃষ্ণন নায়াৰ, মেজৰ আৰ্শদীপ সিং আৰু নায়ব চুবেদাৰ ডলেশ্বৰ চুব্বাই তেওঁলোকৰ আদৰ্শ সেৱাৰ বাবে 'কীৰ্তি চক্ৰ' লাভ কৰিব। লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক 'উত্তম যুদ্ধ সেৱা পদক'ৰে সন্মানিত কৰা হ’ব।
 
তদুপৰি ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনী আৰু অন্যান্য কৰ্মীৰ বাবে ৩০১টা সামৰিক অলংকৰণত অনুমোদন জনাইছে। ইয়াৰ ভিতৰত আছে ৩০টা পৰম বিশিষ্ট সেৱা পদক, চাৰিটা উত্তম যুদ্ধ সেৱা পদক, ৫৬টা অতি বিশিষ্ট সেৱা পদক, ৯টা যুদ্ধ সেৱা পদক, সেনা মেডেলৰ দুটা ডিষ্টিংগুইছড বাৰ (Distinguished Bars), ৪৩টা ডিষ্টিংগুইছড সেনা মেডেল, ৮টা ডিষ্টিংগুইছড নৌ সেনা মেডেল, ১৪টা ডিষ্টিংগুইছড বায়ু সেনা মেডেল আৰু ১৩৫টা বিশিষ্ট সেৱা পদক।
 
ৰাষ্ট্ৰপতি মুৰ্মুৱে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ বাবে ৯৮টা 'মেঞ্চন-ইন-ডিচপেচ' (Mentioned-in-Despatches) অনুমোদন জনাইছে, যাৰ ভিতৰত আছে ৫টা মৰণোত্তৰ সন্মান। ইয়াৰ ভিতৰত ভাৰতীয় সেনাবাহিনীৰ ৮১টা সন্মান আছে - অপাৰেচন ৰক্ষকৰ বাবে ১৭টা; অপাৰেচন স্নো লিপাৰ্ডৰ বাবে ১১টা; অপাৰেচন হিফাজতৰ বাবে ১১টা; অপাৰেচন অৰ্কিডৰ বাবে ৫টা; অপাৰেচন মেঘদূতৰ বাবে ২টা; অপাৰেচন ৰাইনোৰ বাবে ১টা; অপাৰেচন সিন্ধুৰৰ বাবে ২টা; উদ্ধাৰ অভিযানৰ বাবে ৩টা; আহতক স্থানান্তৰ কৰা অভিযানৰ বাবে ৪টা; অপাৰেচন ছফাইনৰ বাবে ১টা; বিবিধ অভিযানৰ বাবে ২৪টা (৩টা মৰণোত্তৰসহ); ভাৰতীয় নৌসেনাৰ বাবে ১৫টা; আৰু সীমা পথ উন্নয়ন ব'ৰ্ডৰ (BRO) কৰ্মীৰ বাবে ২টা (মৰণোত্তৰ) সন্মান আছে।