আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 18 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত দেশবাসীক সম্ভাষণ জনায়। তেওঁৰ চৰকাৰে মহিলাসকলৰ অধিক সবলীকৰণৰ বাবে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
 
 
এই উপলক্ষে তেওঁ ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ কৃতিত্ব আৰু অৱদানৰ কথাও উল্লেখ কৰে।
 
‘NariShaktiforNewIndia’ হেচটেগেৰে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত মহিলাৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে।
 
উজ্জ্বলা যোজনা, ইজ্জত ঘৰ, সুকন্যা সমৃদ্ধি, মাত্ৰী বন্দনা আদি চৰকাৰী আঁচনিৰ কথা উল্লেখ কৰি তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰি টুইট কৰি কয়, "আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত আমাৰ নাৰী শক্তিৰ কৃতিত্বক প্ৰণাম জনাইছো। ভাৰতৰ মহিলা শক্তিৰ ভূমিকাক আমি অতি গুৰুত্ব দিওঁ।" আমাৰ চৰকাৰে মহিলাসকলক অধিক সবলীকৰণৰ বাবে কাম কৰি যাব।'
 
ধাৰাবাহিক টুইটত তেওঁ তেওঁৰ ‘মন কি বাত’ত সংকলিত সফল মহিলাৰ এক আকৰ্ষণীয় সংকলন আৰু সেই মহিলাসকলৰ জীৱন যাত্ৰাৰ সৈতে জড়িত স্মৃতিগ্ৰন্থখনৰ এটা অংশ শ্বেয়াৰ কৰে, লগতে সকলোকে তেওঁলোকৰ পৰা প্ৰেৰণা ল’বলৈ পৰামৰ্শ দিয়ে।
 
নাৰীক জাতিৰ দিশ নিৰ্ধাৰণ কৰা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভিডিঅ’টোত কয় যে এগৰাকী কন্যা সন্তানৰ শক্তি, শিক্ষা আৰু দক্ষতাই কেৱল পৰিয়ালেই নহয়, সমাজ আৰু জাতিৰ দিশ নিৰ্ণয় কৰে।
 
বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলেও এই উপলক্ষে মহিলাসকলক শুভেচ্ছা জনায়। "নাৰি তু নাৰায়ণী। এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সকলো মহিলাৰ শক্তি, প্ৰজ্ঞা, দয়া, সাহস, সহানুভূতি আৰু দেৱত্বক শ্ৰদ্ধাঞ্জলি জনাই,"  টুইট কৰে।