শান্তি আৰু ন্যায়ৰ বাবে কুতুব জাহান কিদৱাইৰ অবিৰত যুঁজ

Story by  atv | Posted by  [email protected] • 2 Months ago
শান্তি আৰু ন্যায়ৰ বাবে কুতুব জাহান কিদৱাইৰ অবিৰত যুঁজ
শান্তি আৰু ন্যায়ৰ বাবে কুতুব জাহান কিদৱাইৰ অবিৰত যুঁজ
 
ফিৰদৌচ খান

দেশ আৰু বিশ্বৰ এক বৃহৎ জনসংখ্যা এতিয়াও দৰিদ্ৰতাৰ কৱলত জীৱন কটাবলগীয়া হৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে প্ৰাপ্যৰ পৰা বঞ্চিত আৰু অজ্ঞানতা। বঞ্চিত আৰু অভাৱগ্ৰস্ত লোকসকলক মূলসুঁতিত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰাসকলৰ ভিতৰত আছে সমাজ বিজ্ঞানী কুতুবজাহান কিদৱাই। যোৱা দুটা দশক ধৰি তেওঁ দৰিদ্ৰ লোকসকলৰ ন্যায়, কৰ্মসংস্থাপন আৰু মানৱ অধিকাৰ আদি বিষয়ক লৈ কাম কৰি আহিছে।
 
প্ৰান্তীয় সম্প্ৰদায়ৰ সৈতে কাম কৰাৰ তেওঁৰ ভাল অভিজ্ঞতা আছে। সাম্প্ৰদায়িক সম্প্ৰীতি, গণতন্ত্ৰ আৰু নাৰী সবলীকৰণৰ ওপৰত তেওঁ অনুসন্ধান আৰু গৱেষণামূলক প্ৰকল্পৰ কামো কৰি আছে।
 
১৯৭৫ চনৰ ৩ আগষ্টত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত জন্মগ্ৰহণ কৰা কুতুব জাহান কিদৱাইয়ে ওমানত কমাৰ্চিয়েল পাইলট হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত আক্ৰমণৰ পিছত পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  তেওঁ এই চাকৰিটো বাদ দিবলগীয়া হৈছিল। ওমান এৰি তেওঁ ভাৰতলৈ আহিছিল আৰু মুম্বাইৰ এখন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰাৰ সুযোগ পাইছিল। অৱশ্যে, জীৱনত আন কিবা এটা কৰিবলৈ তেওঁৰ মন গৈছিল। সেয়েহে, তেওঁ এই কামটোও এৰি দিলে।
 
 
উল্লেখ্য যে, ভাৰতীয় ইতিহাস আৰু সমাজ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰি তেওঁ স্বৰ্ণ পদক লাভ কৰে। সমাজ বিজ্ঞানৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছিল। সেয়েহে, তেওঁ অনুসন্ধান আৰু গৱেষণামূলক কামক গুৰুত্ব দিছিল।
 
ইছলামিক পণ্ডিত ড° আছঘৰ আলী ইঞ্জিনিয়াৰৰ পৰা প্ৰায় ১২ বছৰ ধৰি মুছলিম তেহৰিকত প্ৰশিক্ষণ লৈছিল। বিশ্ববিদ্যালয়ৰ দিনৰে পৰাই তেওঁ আন্তঃধৰ্মীয় সম্প্ৰীতিৰ বাবে কাম কৰি আহিছে। তেওঁ কয়, "ভাৰতত আমি প্ৰায়ে ধৰ্মৰ নামত হিংসাৰ সন্মুখীন হৈ আহিছো। সেইবাবেই মই শান্তি সম্প্ৰীতি সৃষ্টিৰ সৈতে জড়িত কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত হৈ আছো।"
 
 
দেশ-বিদেশৰ বহু স্বেচ্ছাসেৱী সংগঠনত যোগদান কৰি জনকল্যাণৰ বাবে কাম কৰি আছে। তেওঁ নেটৱৰ্ক ফৰ এডুকেচন, এম্পাৱাৰমেণ্ট, ডেভেলপমেণ্ট এণ্ড এৱেৰনেছ (এন আই ডি এ)ৰ সঞ্চালক পদত আছে।
 
কুতুব জাহান কিদৱাইয়ে কয় যে দেশত শিশু আৰু মহিলাৰ শাৰীৰিক শোষণ দিনক দিনে বৃদ্ধি পোৱাটো অতি দুখৰ বিষয়। যদিও দেশত ইয়াৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সজাগতাৰ অভাৱত মানুহে তেওঁলোকৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদি মানুহ সচেতন নহয়, তেন্তে এই সকলোবোৰ আইনো ভিত্তিহীন।
 
মুছলিম উইমেন নিউজলেটাৰৰ সম্পাদিকাও হৈ থকা সক্ৰিয় সমাজকৰ্মীগৰাকীয়ে মুছলমান মহিলাৰ বিৰুদ্ধে থকা কু-সংস্কাৰ প্ৰতিহত কৰিবলৈ এই অনলাইন নিউজলেটাৰখন সৃষ্টি কৰিছে। বাতৰি কাকতখনত মূলতঃ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত মুছলমান মহিলাসকলৰ সাফল্যৰ ওপৰত আলোকপাত কৰা হয়।
 
ইয়াৰ উপৰিও যথাৰ্থ অৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ বাবে সংগ্ৰাম আৰু আবেগৰ কাহিনীও সন্নিবিষ্ট কৰা হয়। ই আমেৰিকা, কানাডা, ইজিপ্ত, মালয়েছিয়া, ছুইডেন আদিৰ বিভিন্ন বিশ্ববিদ্যালয়ত পুথিভঁৰালৰ অন্যতম সম্পদ হৈ আহিছে। ইছলামত নাৰীৰ অধিকাৰ আৰু মুছলমান দেশত মুছলমান পৰিয়াল আইন সংস্কাৰ, সামাজিক সংহতি, সাম্প্ৰদায়িকতাবাদ আৰু মধ্যযুগীয় ইতিহাসত যুৱক-যুৱতীৰ ভূমিকা, কোৰানত নাৰীৰ অধিকাৰ আৰু ইছলামত শান্তিৰ ধাৰণা আদিৰ ওপৰত কেইবাটাও প্ৰশিক্ষণ প্ৰদান কৰিছে।
 
 
তেওঁ এছিয়ান মুছলিম নেটৱৰ্ক (AMAN)ৰ উপ-সভানেত্ৰী হিচাপেও দায়িত্ব নিৰ্বাহ কৰি আছে। ই মুছলমানসকলৰ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন, যিয়ে গান্ধীবাদী মূল্যবোধ, প্ৰগতিশীল ধাৰণা, মানৱ অধিকাৰ আৰু শৰণাৰ্থীৰ বাবে কাম কৰে। সংস্থাটোৱে যুৱক-যুৱতী আৰু কৰ্মীসকলৰ বাবে শান্তি আৰু সম্প্ৰীতিৰ ওপৰত আৱাসিক প্ৰশিক্ষণ, কৰ্মশালা আৰু সন্মিলনৰ আয়োজন কৰাত সহায় কৰে।
 
বহিঃৰাজ্যত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনতো তেওঁক আমন্ত্ৰণ জনোৱা হয়। ইণ্ডোনেছিয়া চৰকাৰে জাকাৰ্টাত আয়োজন কৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় মুছলমান মহিলা মঞ্চ, ইউ এ ই চৰকাৰে ডুবাইত আয়োজন কৰা বিশ্ব সহনশীলতা সন্মিলন, দক্ষিণ কোৰিয়াৰ ছিউলত আয়োজিত ৰাষ্ট্ৰসংঘৰ বিশ্ব যুৱ নেতা সন্মিলনত তেওঁ অংশ লোৱাৰ সুযোগ পাইছে। 
 
দেশ আৰু সমাজৰ উন্নতিৰ বাবে কাম কৰা কুতুব জাহান কিদৱাইক বহু বঁটাৰে সন্মানিত কৰা হৈছে। ২০২২ চনত পুনেৰ সাবিত্ৰী বাই সেৱা ফাউণ্ডেচনৰ দ্বাৰা ভাৰতীয় মহিলা শক্তি সন্মানেৰে সন্মানিত হৈছিল।
 
ইয়াৰ পূৰ্বে ২০২১ চনত শান্তি শিক্ষাত সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০২০ চনত বিশ্ব এইডছ দিৱস আৰু আঘাজ-ই-দোস্তি, ২০২০ চনত মহাত্মা গান্ধী ভগত সিং ৰাষ্ট্ৰীয় বঁটা, ২০১৯ চনত ব্যতিক্ৰমী মহিলা বঁটা, বছনিয়ান চৰকাৰী সন্থাই ২০২০ চনত সদস্যপদ বঁটা লাভ কৰে ২০১৭ চনত এম জি এম মহিলা নেত্ৰী বঁটা, ২০১২ চনত ইউনাইটেড ৰিলিজিয়ন ইনিচিয়েটিভ বঁটা আৰু ২০০১ চনত বছৰৰ শ্ৰেষ্ঠ শিক্ষক বঁটাৰে সন্মানিত হয়।
 
তেওঁ কয় যে যুৱক-যুৱতীসকলে জনকল্যাণমূলক কামৰ বাবে আগবাঢ়ি আহিব লাগে, যাতে আমি এখন উন্নত সমাজ গঢ়ি তুলিব পাৰো।
 
(লেখক এজন কবি, গল্পকাৰ আৰু সাংবাদিক)