ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 'আন্তঃৰাষ্ট্ৰীয় সম্পদ' আখ্যা মাৰ্কিন ৰাষ্ট্ৰদূতৰ

Story by  atv | Posted by  [email protected] • 10 Months ago
অজিত ডোভালক 'আন্তঃৰাষ্ট্ৰীয় সম্পদ' আখ্যা মাৰ্কিন ৰাষ্ট্ৰদূতৰ
অজিত ডোভালক 'আন্তঃৰাষ্ট্ৰীয় সম্পদ' আখ্যা মাৰ্কিন ৰাষ্ট্ৰদূতৰ
 
নতুন দিল্লী

ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক প্ৰশংসা কৰি তেওঁক এক ‘আন্তঃৰাষ্ট্ৰীয় সম্পদ’ বুলি অভিহিত কৰে।
 
উত্তৰাখণ্ডৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কূটনীতিবিদ হিচাপে পৰিচিত হোৱা ডোভালৰ নম্ৰ আৰু বিনয়ী স্বভাৱৰ ওপৰত আলোকপাত কৰি  গাৰ্চেট্টিয়ে কয় যে তেওঁ কেৱল জাতীয় সম্পদেই নহয়, আন্তঃৰাষ্ট্ৰীয় সম্পদো হৈ পৰিছে। ভাৰতীয় আৰু আমেৰিকানসকলৰ মাজত থকা পাৰস্পৰিক মৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে আমেৰিকা আৰু ভাৰতৰ মাজত শক্তিশালী ভেটিৰ শলাগ লয়।
 
দিল্লীত আমেৰিকা-ভাৰত ইনিচিয়েটিভ অন ক্ৰিটিকেল এণ্ড ইমাৰ্জিং টেকন’লজিছ (আইচিইটি) বৈঠকত ভাষণ দি গাৰ্চেট্টিয়ে ডিজিটেল পেমেণ্ট আৰু বিত্তীয় প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ উন্নতিৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে এই ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বিশেষকৈ চৰকাৰে আনকি দূৰৱৰ্তী গাঁৱৰ জনসাধাৰণকো ফোনৰ জৰিয়তে প্ৰত্যক্ষভাৱে ধন পৰিশোধ কৰিব পৰাকৈ ডিজিটেল প্ৰযুক্তি গঢ়ি তুলিছে।
দুদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে তেওঁৰ ভাৰতীয় সমকক্ষ অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰে। চুলিভানৰ সৈতে আমেৰিকা চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু আমেৰিকাৰ ব্যৱসায়িক নেতাসকলৰ এটা প্ৰতিনিধি দল উপস্থিত থাকে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক আমেৰিকা ভ্ৰমণৰ লগত সংগতি ৰাখি চুলিভানে ভাৰতলৈ আহিছে। 
 
ৰাষ্ট্রীয় সুৰক্ষা উপদেষ্টা দুগৰাকীয়ে ইয়াৰ পূৰ্বে মঙলবাৰে পুৱাৰ ভাগত দুয়োখন দেশৰ উমৈহতীয়া স্বার্থৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ ৱাশ্বিংটন ডি চিত আমেৰিকাৰ চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা প্ৰথম সংস্কৰণৰ পিছত ভাৰতীয় উদ্যোগ কনফেডাৰেচনে আয়োজন কৰা দ্বিতীয়টো ট্ৰেক ১.৫ বক্তৃতাতো অংশগ্ৰহণ কৰে। ভ্ৰমণৰ অংশ হিচাপে চুলিভানে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু অন্যান্য চৰকাৰী বিশিষ্ট ব্যক্তিসকলৰ সৈতেও সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছিল।
 
চুলিভানৰ ভ্ৰমণৰ পূৰ্বে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰিছিল। তেওঁলোকৰ আলোচনাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় সহযোগিতা আৰু সামুদ্ৰিক, সামৰিক, আৰু মহাকাশ ক্ষেত্ৰৰ সৈতে জড়িত প্ৰযুক্তিৰ সহযোগিতাৰ দৰে বিষয়সমূহ সামৰি লোৱা হৈছিল।
 
ভাৰতৰ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ লগত সংগতি ৰাখি প্ৰযুক্তি হস্তান্তৰ, সহ-উৎপাদন, আৰু থলুৱা সামৰ্থ্য বিকাশৰ গুৰুত্বৰ ওপৰতো নেতা দুজনে গুৰুত্ব আৰোপ কৰে।