বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে ১৮০ দিনীয়া অগ্ৰাধিকাৰ পৰিকল্পনা ঘোষণা কৰিছে

Story by  atv | Posted by  [email protected] • 15 h ago
বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমান
বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমান
 
ঢাকা (বাংলাদেশ)
 
বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে তেওঁৰ চৰকাৰৰ ১৮০ দিনীয়া অগ্ৰাধিকাৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিছে।
 
এই পৰিকল্পনাত তেওঁ চাৰিটা মুখ্য দিশত গুৰুত্ব আৰোপ কৰিছে। প্ৰথমতে, তেওঁৰ লক্ষ্য হৈছে আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি কৰা। দ্বিতীয়তে, নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰিছে। তৃতীয়তে, তেওঁ নিৰৱচ্ছিন্ন বিদ্যুৎ আৰু গেছ যোগান নিশ্চিত কৰাৰ লগতে জীৱন ধাৰণৰ খৰচ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিছে। চতুৰ্থতে, তেওঁ কয় যে উন্নত যোগাযোগৰ বাবে ৰাজহুৱা পৰিবহণ, বিশেষকৈ ৰে’ল ব্যৱস্থাৰ উন্নতি হ’ব লাগিব। ইয়াৰ উপৰি তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ কঠোৰ নিৰ্দেশ দিছে।
 
মঙলবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰহমানে প্ৰতিটো মন্ত্ৰালয়ক এই ১৮০ দিনৰ ভিতৰত নিজাকৈ পৰিকল্পনা তৈয়াৰ কৰি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। সাধাৰণতে বাংলাদেশত নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিলে ১০০ দিনীয়া অগ্ৰাধিকাৰ পেকেজ ঘোষণা কৰা হয়। অৱশ্যে ৰহমানে ইয়াক ১৮০ দিনলৈ বৃদ্ধি কৰিছে, যাৰ ফলত সাধাৰণতে ১০০ দিনীয়া হোৱা এই 'হনিমুন পিৰিয়ড' (প্ৰাৰম্ভিক বিশেষ সময়ছোৱা) অধিক দীঘলীয়া হৈ পৰিছে।
 
বুধবাৰে নিশা দেশবাসীক সম্বোধন কৰি ৰহমানে কয়, "অপৰাধ নিৰ্মূল কৰি আৰু দুৰ্নীতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰি জনসাধাৰণৰ মনত শান্তি আৰু নিৰাপত্তা ঘূৰাই অনাটোৱেই আমাৰ চৰকাৰৰ কাৰ্যসূচীৰ প্ৰাথমিক লক্ষ্য।"
 
এই সন্দৰ্ভত বিভিন্ন মন্ত্ৰীয়ে শপত গ্ৰহণৰ পাছত এই বিষয়সমূহৰ ওপৰত কথা ক’বলৈ আৰম্ভ কৰিছে। গৃহমন্ত্ৰী ছালাউদ্দিন আহমেদে সাংবাদিকক কয় যে বাংলাদেশত আৰু কোনো 'মব ভায়োলেন্স' (উন্মত্ত জনতাৰ হিংসা) নহ’ব আৰু ইয়াৰ এতিয়া অন্ত পৰিছে; তেওঁ ঘোষণা কৰে যে জনতাৰ হিংসা আৰু সহ্য কৰা নহ’ব। তেওঁ লগতে ঘোষণা কৰে যে ড্ৰাগছ নিয়ন্ত্ৰণ আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাৰে দেশৰ পৰিস্থিতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা হৈছে।
 
বৈদেশিক নীতিৰ ক্ষেত্ৰত তাৰেক ৰহমানে একো কোৱা নাছিল। অৱশ্যে পাছলৈ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী খলিলুৰ ৰহমানে কয় যে এয়া হ’ব বাংলাদেশৰ নতুন বৈদেশিক নীতি: "বাংলাদেশ ফাৰ্ষ্ট" (বাংলাদেশ প্ৰথম)। অৰ্থাৎ বাংলাদেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া আৰু সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা, যাৰ পথ প্ৰয়াত ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ বৈদেশিক নীতিৰ সৈতে একে হ’ব।
 
ৰহমানে কয়, "মই দেশৰ জনসাধাৰণক এটা বাৰ্তা দিব বিচাৰোঁ: মুছলমান, হিন্দু, বৌদ্ধ, খ্ৰীষ্টান— ধৰ্ম নিৰ্বিশেষে পাহাৰত বাস কৰা হওক বা সমভূমিত— এই দেশ আমাৰ সকলোৰে। প্ৰতিগৰাকী নাগৰিকৰ বাবে আমি এই দেশখনক এক নিৰাপদ স্থানলৈ ৰূপান্তৰিত কৰিব বিচাৰোঁ।"
 
পবিত্ৰ ৰমজান উপলক্ষে নাগৰিকসকললৈ ওলগ জনাই ৰহমানে ব্যৱসায়ীসকলক সতৰ্ক হ’বলৈ আহ্বান জনায় যাতে সামগ্ৰীৰ মূল্য সাধাৰণ মানুহৰ হাতৰ নাগালৰ বাহিৰলৈ নাযায়।
 
তেওঁ সাৱধান কৰি দি কয়, "দুৰ্নীতি আৰু অনিয়মৰ সকলো ছিণ্ডিকেট ভাঙি পেলাবলৈ বি এন পি (BNP) চৰকাৰ বাধ্য হ’ব লাগিব।"