গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়াৱহ আক্ৰমণ; চিকিৎসকসহ ৬ জনৰ মৃত্যু, আহত ২৭ গৰাকী

Story by  atv | Posted by  [email protected] • 8 h ago
গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়াৱহ আক্ৰমণ
গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়াৱহ আক্ৰমণ
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ মাজতে পুনৰ এক ভয়ংকৰ মানৱীয় সংকটৰ খবৰ পোহৰলৈ আহিছে। আল জাজিৰাই গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, দক্ষিণ গাজাৰ খান ইউনিছত অৱস্থিত নাছেৰ মেডিকেল কমপ্লেক্সত ইজৰাইলে চলোৱা এক ভয়াৱহ আক্ৰমণত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ৰোগীসহ মুঠ ৬ জন লোক নিহত হোৱাৰ লগতে আন ২৭ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।
 
প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ ভৱনটোক লক্ষ্য কৰি পুৱাৰ ভাগত এই আক্ৰমণ চলোৱা হৈছিল। এই মৰ্মান্তিক ঘটনাত নিহতসকলৰ ভিতৰত ডাঃ ৰিজক আবু শ্বুয়াইৰা নামৰ এগৰাকী চিকিৎসকৰ লগতে এগৰাকী স্বাস্থ্যকৰ্মীও অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও চিকিৎসাধীন হৈ থকা ৰোগী আৰু তেওঁলোকৰ অভিভাৱকেও এই আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হয়।
এই আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে ইয়াক চিকিৎসা প্ৰতিষ্ঠান, স্বাস্থ্যকৰ্মী আৰু ৰোগীক সুৰক্ষা প্ৰদান কৰা আন্তঃৰাষ্ট্ৰীয় আইনসমূহৰ "স্পষ্ট উলংঘা" বুলি অভিহিত কৰিছে। মন্ত্ৰণালয়টোৱে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহক চিকিৎসালয়সমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু এই জঘন্য কাৰ্যৰ বাবে ইজৰাইলক জবাবদিহি কৰিবলৈ তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনাইছে।
 
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানোম গেব্ৰেইছাছেও এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে দিয়া এক বিবৃতিত তেওঁ কয় যে নাছেৰ মেডিকেল কমপ্লেক্সৰ অস্ত্ৰোপচাৰ বিভাগত পুৱাৰ ভাগত হোৱা এই আক্ৰমণে গাজাৰ স্বাস্থ্যসেৱাৰ ওপৰত এক মাৰাত্মক প্ৰহাৰ হানিছে। তেওঁ সদৰী কৰা মতে, আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষ, ৰিক’ভাৰী ইউনিট আৰু ইনটেনচিভ কেয়াৰ ইউনিটকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অংশৰ ব্যাপক ক্ষতিসাধন হৈছে, যাৰ প্ৰকৃত পৰিমাণ নিৰ্ধাৰণৰ বাবে বৰ্তমানো মূল্যায়ন চলি আছে।
 
ইয়াৰ লগতে টেড্ৰ’ছে এক উদ্বেগজনক পৰিসংখ্যা দাঙি ধৰি কয় যে ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা পেলেষ্টাইনৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত মুঠ ১০৫৬ টা আক্ৰমণৰ ঘটনা পঞ্জীয়ন কৰা হৈছে, য’ত এতিয়ালৈকে ১০১০ জনৰ মৃত্যু আৰু ১৭২৫ জন লোক আহত হৈছে।
 
ইফালে, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই আক্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দাবী কৰিছে যে নাছেৰ হাস্পতালৰ চৌহদৰ ভিতৰত আশ্ৰয় লৈ থকা হামাছৰ সামৰিক কৰ্মীসকলক লক্ষ্য কৰিয়েই এই অভিযান চলোৱা হৈছিল। আইডিএফে প্ৰকাশ কৰা অনুসৰি, চিকিৎসালয়খনৰ দ্বিতীয় মহলাটো হামাছে নিজৰ সামৰিক মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল। কঠোৰ নিৰাপত্তাৰ মাজত কমাণ্ডাৰসকলে পৰিচালনা কৰা এই স্থানলৈ সাধাৰণ নাগৰিকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল। এই আক্ৰমণৰ অন্যতম লক্ষ্য আছিল হামাছৰ খান ইউনিছ ব্ৰিগেডৰ জ্যেষ্ঠ অধিনায়ক মহম্মদ আবু ইছমাইল, যিয়ে যুদ্ধৰ সময়ছোৱাত চিকিৎসালয়খনৰ ভিতৰতে আত্মগোপন কৰি আছিল বুলি ইজৰাইলী সেনাই অভিযোগ কৰিছে।