নতুন দিল্লী
আজি পুৱতি নিশা এক আকস্মিক ভূমিকম্পই চুবুৰীয়া ৰাষ্ট্ৰ নেপালক প্ৰবলভাৱে জোকাৰি যায়। এই ভূ-কম্পনৰ প্ৰভাৱ কেৱল নেপালৰ ভূ-খণ্ডতে আৱদ্ধ নাথাকি ভাৰতৰ উত্তৰ-বংগৰ শিলিগুৰিকে ধৰি বিভিন্ন অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যতো বাৰুকৈয়ে অনুভূত হয়।
প্ৰাপ্ত প্ৰাথমিক তথ্য অনুসৰি, ভাৰতীয় সময় মৰ্মে পুৱতি নিশা প্ৰায় ৪.৩০ বজাত এই ভূমিকম্পৰ সৃষ্টি হয়। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৯। ভূ-তাত্ত্বিক তথ্য অনুসৰি, এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ভূ-পৃষ্ঠৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত। ভৌগোলিক অৱস্থান অনুসৰি ভূমিকম্পৰ উৎপত্তিস্থল নেপালৰ কোশী প্ৰদেশৰ পৰা প্ৰায় ৫ কিলোমিটাৰ উত্তৰ-পূব দিশত আৰু ভাৰতৰ দাৰ্জিলিঙৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উত্তৰ আৰু উত্তৰ-পশ্চিম দিশত অৱস্থিত আছিল।
পুৱাৰ নিস্তব্ধতা ফালি হঠাৎ অহা এই ভূ-কম্পনৰ ফলত জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। গভীৰ নিদ্ৰাত থকা অৱস্থাতে হঠাতে ঘৰ-দুৱাৰ কঁপি উঠাত বহু লোক ভয়ত সন্ত্ৰস্ত হৈ পৰে আৰু নিৰাপত্তাৰ খাতিৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। কেৱল নেপাল বা ভাৰততেই নহয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, চীন আৰু বাংলাদেশৰ কেইবাটাও প্ৰান্ততো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে ভিন্ন ভিন্ন অঞ্চলত কম্পনৰ প্ৰকৃত প্ৰাবল্য কিমান আছিল, সেই সন্দৰ্ভত এতিয়াও বিতং তথ্য পোহৰলৈ অহা নাই। এক সকাহৰ বিষয় যে, এইপৰ্যন্ত কতো কোনো লোকৰ মৃত্যু বা কোনো ধৰণৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।