ডুবাই
বুধবাৰে ডুবাইত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে তেওঁৰ আগন্তুক ছবি 'কিং'-ৰ ৰোমাণ্টিক গীত ‘তু মিল জায়ে’ লাইভ পৰিৱেশন কৰি অনুৰাগীসকলক আচৰিত কৰি তোলে।
ডেনিউব প্ৰপাৰ্টিজৰ দ্বাৰা নিৰ্মিত 'শ্বাহৰুখজ ৰেছিডেন্স'ৰ এক বৃহৎ উদ্বোধনী অনুষ্ঠানত অভিনেতাজনে গীতটোৰ তালে তালে নৃত্য কৰে, য'ত তেওঁ দুয়োখন হাত মেলি তেওঁৰ পৰিচিত আইকনিক প'জটো দিয়ে। ইয়াকে দেখি অনুৰাগীসকল আপ্লুত হৈ পৰে।
ছুপাৰষ্টাৰগৰাকীয়ে এমব্ৰয়ডাৰী কৰা ব্লেজাৰ, একে ৰঙৰ ট্ৰাউজাৰ আৰু ছানগ্লাছৰ সৈতে সম্পূৰ্ণ ক'লা সাজত এক আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰে। তেওঁ নিজৰ পৰিচিত চল্ট-এণ্ড-পেপাৰ হেয়াৰষ্টাইলৰে নিজৰ লুকটো সম্পূৰ্ণ কৰে।
অনুষ্ঠানটোত তেওঁৰ পত্নী গৌৰী খানৰ লগতে পৰিয়ালৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে। চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰো এই অনুষ্ঠানত উপস্থিত আছিল।
এই উদ্বোধনী অনুষ্ঠানত শ্বাহৰুখে তেওঁৰ সন্মানত নামাকৰণ কৰা ৰিয়েল ইষ্টেট প্ৰকল্পটোৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ৬১ সংখ্যক জন্মদিন উপলক্ষে ২ নৱেম্বৰত শ্বাহৰুখ খানে ‘তু মিল জায়ে’ গীতটো মুকলি কৰে।
এই ৰোমাণ্টিক গীতটোত সুৰ দিছে শচীন-জিগাৰে আৰু গীতৰ কথা কুমাৰৰ। গীতটোত অৰিজিত সিং আৰু মধুবন্তী বাগচিয়ে কণ্ঠদান কৰাৰ বিপৰীতে এড শ্বিৰানে লিখা এটা ইংৰাজী ৰেপো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
গীতটো মুকলি কৰাৰ পাছত এড শ্বিৰানে শ্বাহৰুখ খানৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে এক আৱেগিক টোকা শ্বেয়াৰ কৰে। তাত তেওঁ প্ৰকাশ কৰে যে কেনেদৰে বছৰ বছৰ ধৰি থকা তেওঁলোকৰ বন্ধুত্বই অভিনেতাজনৰ আগন্তুক ছবি 'কিং'-ৰ বাবে এক ৰোমাঞ্চকৰ সংগীতৰ আদান-প্ৰদানৰ পথ প্ৰশস্ত কৰিলে।
ইনষ্টাগ্ৰামৰ এটা প'ষ্টত এডে এছ আৰ কেৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎকাৰৰ কথা সুঁৱৰি কয় যে কেনেদৰে ছুপাৰষ্টাৰগৰাকীয়ে গায়কজনক তেওঁৰ পৰৱৰ্তী ছবিখনৰ বাবে এটা গীত সৃষ্টি কৰি বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
গায়কগৰাকীয়ে জনায় যে তেওঁৰ যোৱাবাৰৰ ভাৰত ভ্ৰমণৰ সময়তে তেওঁলোকৰ এই পেছাদাৰী সহযোগিতা সম্ভৱ হৈ উঠিছিল। এডে অৰিজিত সিঙৰ সৈতে গোৱা তেওঁৰ ‘চেফায়াৰ’ গীতটোৰ মিউজিক ভিডিঅ'ত অভিনেতাজনৰ কেমিঅ'ৰ অনুৰোধ কৰিবলৈ শ্বাহৰুখৰ বাসগৃহলৈ গৈছিল। এই সাক্ষাৎকাৰৰ সময়তে এছ আৰ কেয়ে তেওঁক সংগীত পৰিচালক যুটি শচীন-জিগাৰৰ সৈতে চিনাকি কৰাই দিছিল।
“মই যেতিয়া প্ৰথমবাৰৰ বাবে শ্বাহৰুখক লগ পাইছিলো, তেওঁ কৈছিল যে মই তেওঁৰ পৰৱৰ্তী ছবিখনৰ বাবে এটা গীত বনাব লাগে আৰু সেয়াই হ’ব মোৰ প্ৰথম বলীউডৰ গীত। বছৰ বছৰ ধৰি আমি ইজনে সিজনক চিনি পাওঁ আৰু মই তেওঁক বহুত ভাল পাওঁ। যোৱাবাৰ ভাৰতলৈ আহোঁতে মই মোৰ আৰু অৰিজিতৰ বাবে চেফায়াৰ মিউজিক ভিডিঅ'ত তেওঁক এটা কেমিঅ' শ্বুট কৰিবলৈ অনুৰোধ জনাবলৈ তেওঁৰ ঘৰলৈ গৈছিলো। সেইদিনা তেওঁ মোক শচীন যিগৰৰ সৈতে চিনাকি কৰাই দিছিল আৰু সেই নিশাই মই তেওঁৰ ছবি 'কিং'-ৰ বাবে ‘তু মিল জায়ে’ গীতটোত মোৰ অংশখিনি লিখি ৰেকৰ্ড কৰিছিলো,”— তেওঁ এনেদৰে লিখে।
কথাবোৰ কেনেকৈ আগবাঢ়িছিল সেয়া সুঁৱৰি এডে শ্বেয়াৰ কৰে যে সেই নিশা তেওঁ 'কিং' ছবিৰ ‘তু মিল জায়ে’ গীতটোৰ বাবে তেওঁৰ অংশখিনি লিখি ৰেকৰ্ড কৰিছিল। তেওঁ লগতে এই প্ৰকল্পটোক তেওঁৰ প্ৰিয় মানুহবোৰৰ এক মিলন বুলিও বৰ্ণনা কৰিছে।
“মই বহুত সুখী যে অৰিজিতেও মোৰ লগতে ইয়াত গান গাইছে, এটা প্ৰকল্পত মোৰ সকলো প্ৰিয় মানুহ আছে। 'কিং' অহা ২৪ ডিচেম্বৰত ওলাব আৰু ‘তু মিল জায়ে’ এতিয়া সকলো ঠাইতে মুকলি কৰা হৈছে,” তেওঁ লগতে কয়।
গীতটোৰ মিউজিক ভিডিঅ'টোত শ্বাহৰুখ খানৰ লগতে 'কিং' ছবিত তেওঁৰ সহ-অভিনেত্ৰী দীপিকা পাডুকনকো দেখা গৈছে। ইয়াত তেওঁলোকৰ মাজৰ কেমিষ্ট্ৰী লগতে ছবিখনৰ একচন দৃশ্যৰ কিছু ঝলক প্ৰদৰ্শিত হৈছে।
সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত 'কিং' ছবিখন ৰেড চিলিছ এণ্টাৰটেইনমেণ্ট আৰু মাৰফ্লিক্স পিক্সাৰ্ছে প্ৰযোজনা কৰিছে। এই একচন থ্ৰিলাৰ ছবিখন ২০২৬ চনৰ ২৪ ডিচেম্বৰত বিশ্বজুৰি থিয়েটাৰত মুক্তি পোৱাৰ কথা।
ছবিখনত অভিষেক বচ্চন আৰু এছ আৰ কেৰ কন্যা সুহানা খানেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।