পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত গ্ৰেণড আক্ৰমণ; ৫ জন নিহত, আহত ১১ জন

Story by  atv | Posted by  [email protected] • 10 h ago
পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত গ্ৰেণড আক্ৰমণ
পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত গ্ৰেণড আক্ৰমণ
 
নতুন দিল্লী
 
আকৌ এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হল পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত। বুধবাৰে বাজাউৰ জিলাত বিদ্ৰোহী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানৰ সদস্যই এখন চৰকাৰী বাহন বিস্ফোৰণেৰে উৰুৱাই দিয়ে।
 
জানিব পৰা মতে, বিস্ফোৰণটোত ৫ জন লোকৰ মৃত্যু হয়। ১১ জন লোক গুৰুতৰভাৱে আহত হয়।পাকিস্তানী সংবাদ মাধ্যম ‘দ্য ডনে’ প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত বাজাউৰৰ সহকাৰী আয়ুক্ত ফৈজল ইছমাইল আৰু তহচিলদাৰ আব্দুল ৱাকিল অন্যতম।
 
এই আক্ৰমণত দুজন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকো নিহত হৈছে। বাজাউৰ আৰক্ষী অধীক্ষক ৱাকাছ ৰফিকে জনোৱা মতে, খাৰ তহচিলৰ ছিদ্দিকাবাদ ৰে’লৱে এলেকাৰ নাওগাই পথত তেহৰিক-ই-তালিবানে এখন চৰকাৰী বাহনক গ্ৰেণেডেৰে লক্ষ্য কৰি লয়।
 
২০২২ চনৰ নৱেম্বৰ মাহত পাকিস্তান চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনাৰ পতনৰ পিছত সংগঠনটোৱে ‘যুদ্ধ’ ঘোষণা কৰিছিল। তেওঁলোকে অভিযোগ উত্থাপন কৰি কয় যে পাকিস্তানী সেনা, ‘ফ্ৰন্টিয়াৰ কৰ্পছ’ অৰ্ধসামৰিক বাহিনী আৰু চিটিডিৰ যুদ্ধবিৰতি উলংঘা আৰু যৌথ অভিযানে খাইবাৰ-পাখতুনখোৱাত অশান্তি বিয়পাইছে।
 
যোৱা বছৰৰ ২৫ ডিচেম্বৰত পাকিস্তানী বায়ুসেনাৰ যুদ্ধ বিমানে খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ সীমান্তৱৰ্তী আফগানিস্তানৰ পাক্তিকা প্ৰদেশত আক্ৰমণ চলাইছিল। ইছলামবাদে দাবী কৰে যে তেহৰিক-ই-তালিবান পাকিস্তান বিদ্ৰোহীৰ ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছিল। কিন্তু আফগান তালিবানে অভিযোগ কৰে যে পাকিস্তানী যুদ্ধ বিমানে সাধাৰণ গাঁৱৰ লোককো লক্ষ্য কৰি লৈছিল।