ঢাকা
বাংলাদেশৰ ৰংপুৰত ভগৱান ৰামৰ আটাইতকৈ ওখ মূৰ্তি নিৰ্মাণৰ বিৰোধিতা কৰা কট্টৰপন্থীসকলৰ দ্বাৰা ভগৱান ৰামৰ এখন ছবি অৱমাননা কৰাৰ অভিযোগক কেন্দ্ৰ কৰি বাংলাদেশৰ ঢাকা জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। বৰ্তমান মূৰ্তি নিৰ্মাণৰ কাম বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত, বাংলাদেশৰ হাজাৰ হাজাৰ হিন্দু লোকে শুকুৰবাৰে ঢাকাত এক জোঁৰ সমদল উলিয়ায় আৰু ছবি অৱমাননাৰ আঁৰত থকা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত 'জয় শ্ৰী ৰাম' ধ্বনি দিয়ে।
উত্তৰ বাংলাদেশৰ গাইবান্ধা জিলাৰ পলাশবাৰীত ভগৱান ৰামৰ এটা ৮১ ফুট ওখ মূৰ্তি নিৰ্মাণৰ কাম স্থগিত ৰখাৰ কেইদিনমান পিছতে বাংলাদেশত এই নতুন উত্তেজনাই গা কৰি উঠিছে। এই প্ৰকল্পৰ আঁৰত থকা ‘শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ’ পৰিচালনা সমিতিয়ে দাবী কৰা অনুসৰি কৰ্তৃপক্ষই ইছলামপন্থী সংগঠনসমূহৰ পৰা ভাবুকি লাভ কৰিছিল। এই ঘটনাই মুছলমান সংখ্যাগৰিষ্ঠ বাংলাদেশত সংখ্যালঘুসকলৰ অধিকাৰক লৈ থকা চিন্তাক পুনৰবাৰ সমুখলৈ আনিছে।
এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। শুকুৰবাৰে কেইবাটাও হিন্দু সংগঠন আৰু ছাত্ৰ-ছাত্ৰীয়ে মূল শ্বাহবাগ চাৰিআলিত সমবেত হৈ ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবলৈ সমদল কৰে। এই প্ৰতিবাদৰ আহ্বান জনাইছিল ‘হিন্দু মহাজোঁট’এ। সংগঠনটোৱে ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ সন্মুখত এক মানৱ শৃংখলো গঢ়ি তোলে। আন এটা অংশই ‘ঢাকা ৰিপৰ্টাৰ্ছ ইউনিটি’ ভৱনৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে।
ৰংপুৰত আৰক্ষীয়ে হিন্দুসকলক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাত বাধা দিয়াত এক সামান্য হতাহতিৰ সৃষ্টি হয়।
প্ৰতিবাদকাৰীসকলে দাবী কৰা অনুসৰি, এই মাহৰ আৰম্ভণিতে গাইবান্ধাত অনুষ্ঠিত এক প্ৰদৰ্শনৰ সময়ত এদল ইছলামপন্থী লোকে ভগৱান ৰামৰ এখন ছবিত জোতা থৈ ছবিখন অৱমাননা কৰিছিল।
তাৰেক ৰহমানৰ নেতৃত্বাধীন বিএনপি চৰকাৰক নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে ৭২ ঘণ্টাৰ চৰম সীমা বান্ধি দিছে। এই দাবী পূৰণ নকৰিলে হিন্দু সমাজে ভৱিষ্যতে অধিক সমদল আৰু প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে। শনিবাৰে ধৰ্ম পৰিক্ৰমা মন্ত্ৰালয়কো এখন স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব।
পৃথকভাৱে, হিন্দু মহাজোঁটে দৃঢ়তাৰে কয় যে যদি ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিবলৈ দিয়া নহয়, তেন্তে তেওঁলোকে বাংলাদেশৰ আটাইকেইখন ৬৪ খন জিলাতে এটাকৈ ৰাম মন্দিৰ নিৰ্মাণ কৰিব।
প্ৰতিবাদ শনিবাৰেও অব্যাহত থকাৰ সম্ভাৱনা আছে, কাৰণ ‘পূজা উদযাপন ৰাষ্ট্ৰীয় কমিটি’য়ে সমগ্ৰ দেশজুৰি আন্দোলনৰ ঘোষণা কৰিছে।
পলাশবাৰীৰ এটা মন্দিৰ প্ৰাংগণৰ অংশ হিচাপে ভগৱান ৰামৰ এই মূৰ্তিটো নিৰ্মাণ কৰা হৈ আছিল। ইয়াৰ প্ৰায় ৮০% কাম সম্পূৰ্ণ হৈ উঠিছে।
প্ৰায় ২২ কোটি বাংলাদেশী টাকা (প্ৰায় ১৫.৬ কোটি টকা) ব্যয় সাপেক্ষে প্ৰস্তাৱিত এই প্ৰকল্পটোত ভগৱান কৃষ্ণৰ এটা ৫০ ফুট ওখ মূৰ্তি আৰু ভগৱান শিৱৰ এটা ৩০ ফুট ওখ মূৰ্তিও অন্তৰ্ভুক্ত আছে।
‘শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ’ সমিতিৰ সভাপতি হৰিদাছ চন্দ্ৰ দাসে কয় যে প্ৰকল্পৰ সৈতে জড়িত লোকসকললৈ ইছলামপন্থী সংগঠনসমূহে ভাবুকি প্ৰদান কৰাৰ পিছতে কাম বন্ধ কৰি দিয়া হয়। আনকি এজন কট্টৰপন্থী ইছলামিক ধৰ্ম প্ৰচাৰকে বুলডজাৰেৰে মূৰ্তিটো ভাঙি পেলোৱাৰো হুংকাৰ দিছিল।
দাসে সংবাদ মাধ্যমৰ আগত কয়, "আমি ভিত হৈ পৰিছোঁ, আৰু ভয়তে আমি কামটো স্থগিত ৰাখিছোঁ।" তেওঁ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানকো এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। দাসে কয় যে সনাতন ধৰ্মৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছিল।
এটা বিবৃতিত মন্দিৰ সমিতিৰ উপদেষ্টা শ্যামলাল কুমাৰ মহন্তই কয় যে "সামাজিক সম্প্ৰীতি ৰক্ষা কৰিবলৈ" কাম বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
সমিতিয়ে কয়, "আইন-শৃংখলা পৰিস্থিতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আমি এই কাম বন্ধ কৰিছোঁ। আমি কোনো বিবাদৰ কাৰণ হ’ব নিবিচাৰোঁ, বা কাৰো ধৰ্মীয় অনুভূতিত আঘাত হানিব নিবিচাৰোঁ।"
বাংলাদেশত হিন্দুসকল হৈছে আটাইতকৈ ডাঙৰ ধৰ্মীয় সংখ্যালঘু গোট, যি দেশৰ জনসংখ্যাৰ প্ৰায় ৮ শতাংশ। পূৰ্বৰ মহম্মদ ইউনূছ শাসনকালত দেখা দিয়া সংকটৰ পিছত হিন্দুসকলক লক্ষ্য কৰি লোৱাৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এই ঘটনাটো পোহৰলৈ আহিছে।
যোৱা ফেব্ৰুৱাৰী মাহত দায়িত্ব গ্ৰহণ কৰা ৰহমানে বাৰে বাৰে দাবী কৰি আহিছে যে বাংলাদেশৰ প্ৰতিজন নাগৰিকৰে নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে। প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীক উদ্দেশ্যি দিয়া প্ৰথমটো ভাষণত ৰহমানে সাহসেৰে ঘোষণা কৰিছিল যে ধৰ্ম ব্যক্তিগত হ’ব পাৰে, কিন্তু দেশখন "সবাৰে"।
অৱশ্যে চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ মাৰ্চৰ ভিতৰত প্ৰায় ১৩৩ টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা লিপিবদ্ধ কৰা হৈছে।