নতুন দিল্লী
পাকিস্তান পিপলছ পাৰ্টিৰ নেতা তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। এইবাৰ তেওঁ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক লৈ এটা ডাঙৰ বক্তব্য দিছে।
বিলোৱাল ভুট্টোৱে কয়, জইছ-ই-মহম্মদৰ মুৰব্বী আজহাৰ ক’ত লুকাই আছে পাকিস্তানে নাজানে। তেওঁ কয় যে যদিহে ভাৰতে মাছুদ পাকিস্তানত আছে বুলি সুনিৰ্দিষ্ট প্ৰমাণ দিব পাৰে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।এটা সাক্ষাৎকাৰত এইদৰে কয় বিলোৱাল ভুট্টোৱে।
বিলোৱাল ভুট্টোৱে কয় যে ভাৰতে এতিয়াও আজহাৰ পাকিস্তানত থকাৰ কোনো প্ৰমাণ দিয়া নাই। যদি তেওঁলোকে ইয়াক প্ৰমাণ কৰিব পাৰে, তেতিয়া আমি আজহাৰক গ্ৰেপ্তাৰ কৰিম।
ভুট্টোৱে লগতে কয় যে আজহাৰ আফগানিস্তানত থাকিব পাৰে।অৱশ্যে ভুট্টোৱে লগতে কয় যে যদি নাটোৱে তেওঁক আফগানিস্তানত বন্দী কৰিব নোৱাৰে, তেন্তে পাকিস্তানে এই কাম কৰিব বুলি আশা কৰাটো ব্যৱহাৰিক নহয়।
আজহাৰ এজন কুখ্যাত সন্ত্ৰাসবাদী আৰু পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ (JeM)ৰ প্ৰতিষ্ঠাপক আৰু নেতা।
তেওঁৰ সম্পূৰ্ণ নাম মৌলানা মাছুদ আজহাৰ আলভি আৰু তেওঁৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১০ জুলাইত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰত হৈছিল।
তেওঁলোকৰ ১১ জন ভাই-ভনী আছিল আৰু পিতৃ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।মাছুদে কৰাচীৰ জামিয়া উলুম আল ইছলামিয়াত অধ্যয়ন কৰিছিল আৰু পিছলৈ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈছিল।
ভাৰতত সংঘটিত বহু বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল মাছুদ আজহাৰ।২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত চি আৰ পি এফৰ ৪০ জন জোৱান শ্বহীদ হোৱাত তেওঁৰ হাত আছে বুলিও কোৱা হয়।