ইছলামবাদ
শেহতীয়া আঞ্চলিক সংঘাতৰ পৰিপ্ৰেক্ষিতত দ্বিপাক্ষিক সম্পৰ্ক প্ৰসাৰিত কৰাৰ বাবে শনিবাৰে দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণত পাকিস্তানত উপস্থিত হয় ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ, পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজ আৰু ফেডাৰেল গৃহ নিৰ্মাণ মন্ত্ৰী ৰাইজ হুছেইন পিৰ্জাদাই লাহোৰত উপস্থিত হোৱাৰ লগে লগে পেজেস্কিয়ানক আদৰণি জনাই বুলি বৈদেশিক কাৰ্যালয়ে (এফ অ’) প্ৰকাশ কৰিছে।
শনিবাৰে নিশা তেওঁ ইছলামবাদলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে। পেজেস্কিয়ানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ আমন্ত্ৰণত ২ৰ পৰা ৩ আগষ্টলৈ পাকিস্তান ভ্ৰমণ কৰিব বুলি এফ অ’ই জনায়।
তেওঁৰ সৈতে বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি, জ্যেষ্ঠ মন্ত্ৰী, আৰু অন্যান্য উচ্চ পদস্থ বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আছে।
এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি পেজেস্কিয়ানে পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীৰ সৈতে সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব।
ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে পেজেস্কিয়ানৰ পাকিস্তান ভ্ৰমণৰ এইটো হৈছে প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণ। ২৬ মে’ত ইৰাণ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে।
এফ অ’গৰাকীয়ে লগতে কয় যে, এই ভ্ৰমণে পাকিস্তান আৰু ইৰাণৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।