মেনিলা / ফিলিপাইনছ
ৰিখটাৰ স্কেলৰ উচ্চ প্ৰাবল্য়ৰ এক ভূমিকম্পই সোমবাৰে পুৱা ফিলিপাইনছক জোকাৰি যায়৷ ৰিখটাৰ স্কেলত ৭.৮ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত উপকূলীয় এখন গুৰুত্বপূৰ্ণ চহৰত ক্ষতিসাধন হয়, বিদ্যুৎ সেৱা বিকল হৈ পৰে আৰু ওচৰৰ উপকূলত ১ মিটাৰ (৩ ফুট) উচ্চতালৈকে ছুনামীৰ ঢৌৰ সৃষ্টি হয়৷
ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে ফিলিপাইনছৰ ছুনামী প্ৰৱণ অঞ্চলৰ বাসিন্দাসকলক তৎক্ষণাত উচ্চ স্থানলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনায়। মালয়েছিয়া কৰ্তৃপক্ষইও তেওঁলোকৰ ওচৰৰ উপকূলীয় অঞ্চলসমূহলৈ সতৰ্কবাণী জাৰি কৰে।
বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । জেনেৰেল ছান্টোছত এটা সৰু অট্টালিকা ভূমিকম্পৰ ফলত ভাঙি পৰে৷ অৱশ্যে বিল্ডিঙটোৰ ভিতৰত কোনোবা আবদ্ধ হৈ আছে নেকি অথবা কোনো লোক আহত হৈছে নেকি, সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ৭ লাখতকৈ অধিক লোকৰ বসতিপ্ৰধান চহৰ জেনেৰেল ছান্টোছ দক্ষিণৰ টুনা প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু বাণিজ্যিক কেন্দ্ৰও।
ফিলিপাইনছৰ আগ্নেয়গিৰি আৰু ভূমিকম্পবিজ্ঞান প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই বছৰ ফিলিপাইনছত এইটোৱেই আছিল আটাইতকৈ শক্তিশালী ভূমিকম্প। ইয়াৰ অভিকেন্দ্ৰ আছিল জেনেৰেল ছান্টোছৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ (৮ মাইল) দক্ষিণ-পশ্চিমত আৰু ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰতাত। প্ৰতিষ্ঠানটোৰ পৰিচালক টেৰেচিটো বাকলকোলে জনোৱা মতে, পুৱা ৭:৩৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
দ্য এছ'চিয়েটেড প্ৰেছক তেওঁ জনোৱা মতে, "এয়া এটা ডাঙৰ ভূমিকম্প আৰু আমি ক্ষতি হোৱাৰ আশংকা কৰিছো। আমি দেখা ভিডিঅ'ৰ ভিত্তিত কিছুমান অট্টালিকাৰ ক্ষতিগ্ৰস্ত হৈছে।"
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (এনচিএছ)ৰ তথ্য অনুসৰি সোমবাৰে ফিলিপাইনছত ৭.৮ ৰিখটাৰ স্কেলৰ এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। সামাজিক মাধ্যম এক্সত উল্লেখ কৰা অনুসৰি ভাৰতীয় মানক সময় (IST) পুৱা ৫:০৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ ভূমিকম্পৰ কেন্দ্ৰ ৯৩ কিলোমিটাৰ গভীৰতাত আছিল। কিছু সময়ৰ পিছতে পুৱা ৫:১৮ বজাত পুনৰ আন এক প্ৰবল কম্পন অনুভূত হয়, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৪। ভূমিকম্পৰ কেন্দ্ৰ ৭৯ কিলোমিটাৰ গভীৰতাত আছিল।
পেচিফিক ছুনামী সতৰ্কবাণী কেন্দ্ৰই জনোৱা মতে, ফিলিপাইনছৰ কিছুমান উপকূলত ৩ মিটাৰ (১০ ফুট) পৰ্যন্ত ছুনামীৰ ঢৌ সম্ভৱপৰ। ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ কিছুমান উপকূলত ১ মিটাৰ (৩ ফুট) পৰ্যন্ত উচ্চতাৰ ঢৌৰ সৃষ্টি হ’ব পাৰে।
টেৰেচিটো বাকলকোলে কয় যে, চুলতান কুদাৰট আৰু সাৰংগানী প্ৰদেশৰ স্থলভিত্তিক ছুনামী নিৰীক্ষণ কেন্দ্ৰই ১ মিটাৰ (৩ ফুট) উচ্চতৰ ঢৌ নিৰীক্ষণ কৰিছিল। আন এখন প্ৰদেশত সৰু সৰু ঢৌ দেখা গৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে।
ৰাষ্ট্ৰপতি মাৰ্কছে ভূমিকম্পত আক্ৰান্ত প্ৰদেশৰ লোকসকলক কয়, "অনুগ্ৰহ কৰি ছুনামীৰ সতৰ্কবাণীবোৰ মানি লওক। এতিয়াই ওখ ঠাইলৈ যাওক। অপেক্ষা নকৰিব। আপোনালোকৰ জীৱন সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ।"