কাঠমাণ্ডুৰ
সামাজিক মাধ্যমৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে নেপালত সাব্যস্ত কৰা হিংসাত্মক প্ৰতিবাদৰ পিছত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী নিৰ্বাচনৰ বাবে ৫ হাজাৰৰো অধিক যুৱকে ভাৰ্চুৱেল বৈঠকত যোগদান কৰে। নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে জেন জিৰ আগশাৰীৰ পছন্দ হিচাপে আত্মপ্ৰকাশ কৰিছে।
অনলাইন আলোচনাত শীৰ্ষ পদৰ সম্ভাৱ্য প্ৰাৰ্থীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহক প্ৰথম অৱস্থাত প্ৰিয় হিচাপে গণ্য কৰা হৈছিল যদিও অংশগ্ৰহণকাৰীসকলে কয় যে তেওঁৰ সৈতে বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টাৰ পিছতো তেওঁৰ তৰফৰ পৰা কোনো সঁহাৰি নাহিল।
নেপালী সংবাদ মাধ্যমে জেন জিৰ এজন প্ৰতিনিধিৰ উদ্ধৃতিৰে কয় যে, "যিহেতু তেওঁ আমাৰ ফোন গ্ৰহণ কৰা নাছিল, গতিকে আলোচনাত আন নামৰ চিন্তা চৰ্চা কৰা হৈছে। আৰু সৰ্বাধিক সমৰ্থন লাভ কৰিছে সুশীলা কাৰ্কীয়ে।"
ইয়াৰ পূৰ্বে কাৰ্কীৰ সৈতে এই প্ৰস্তাৱৰ বাবে যোগাযোগ কৰা হৈছিল আৰু সমৰ্থন হিচাপে কমেও ১০০০ লিখিত স্বাক্ষৰ বিচৰা বুলি জানিব পৰা গৈছে। সূত্ৰই জনোৱা অনুসৰি, তেওঁ ২৫০০ৰো অধিক স্বাক্ষৰ লাভ কৰিছে।
যদিও কাৰ্কীয়ে আগশাৰীৰ প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছিল, তথাপিও ভাৰ্চুৱেল বৈঠকত আন কেইবাটাও বিশিষ্ট নামৰ বিষয়ে আলোচনা কৰা হৈছিল। অংশগ্ৰহণকাৰীসকলে নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ মুৰব্বী কুলমান ঘিছিঙৰ লগতে যুৱ নেতা সাগৰ ঢাকাল আৰু ধৰণৰ মেয়ৰ হৰকা সাম্পাঙৰ কথা উল্লেখ কৰে।
যদিহে সুশীলা কাৰ্কীয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে নেপালৰ বিশেষজ্ঞসকলে কয় যে তেওঁ প্ৰথমে সেনা প্ৰধান জেনেৰেল অশোক ৰাজ ছিগডেলক সাক্ষাৎ কৰিব, তাৰ পিছত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ পৰা অনুমোদন ল’ব।