নতুন দিল্লী
আমেৰিকাৰ সাহযোগৰ বাবেই যেন সাহস বাঢ়ি যায় পাকিস্তানৰ। পাক সেনাৰ মুৰব্বী আছিম মুনিৰে আমেৰিকাত বহি পুনৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি প্ৰদান কৰিলে।
ভাৰতক এক প্ৰকাৰৰ সকিয়নী প্ৰদান কৰি পাক সেনাৰ মুৰব্বীগৰাকীয়ে কয় যে, ভাৰতৰ সৈতে হোৱা যিকোনো যুদ্ধত যদি পাকিস্তানে অস্তিত্বৰ সংকটৰ মুখামুখি হয়, তেন্তে আমি আধা বিশ্বক লগত লৈহে ডুবিম। কিয়নো পৰমাণু শক্তিৰে শক্তিশালী আমাৰ ৰাষ্ট্ৰ। যিকোনো যুদ্ধত পৰাজয়ৰ উমান পালেই আমিৰ আধা বিশ্বক ধ্বংস কৰিহে হাৰ মানিম।
উল্লেখযোগ্য যে, আমেৰিকাত বহি প্ৰথমবাৰৰ বাবে এনেদৰে পাৰমাণৱিক অস্ত্ৰৰ ভয় দেখুৱালে পাকিস্তানে। আমেৰিকাত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত ভাষণ প্ৰদান কৰাৰ সময়তে এনেদৰে ভাবুকি প্ৰদান কৰে পাক সেনাধ্যক্ষগৰাকীয়ে। ইফালে এই ভাষণ ভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে বিশ্ব প্ৰেক্ষাপটত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।