আফগানিস্তান সীমান্তত পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান; ২৯ জন নিহত

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
পাকিস্তানৰ সুৰক্ষা বাহিনীয়ে দেওবাৰে পাকিস্তান-আফগানিস্তান সীমান্তত এক অভিযান চলায়। এই অভিযানত সন্ত্ৰাসবাদীৰ ঘাটি আৰু আশ্ৰয় শিবিৰসমূহক লক্ষ্য কৰি চলোৱা "পৰিকল্পিত আক্ৰমণ"ত ২৯ জন সন্ত্ৰাসবাদী নিহত হয় বুলি বিষয়াসকলে প্ৰকাশ কৰিছে।
 
তথ্য মন্ত্ৰী আতাউল্লা তাৰাৰে এক্সত এটা পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে যে দেশজুৰি সন্ত্ৰাসবাদীয়ে চলোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰত এই অভিযান আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত আফগানিস্তানৰ পৰা লগে লগে কোনো প্ৰতিক্ৰিয়া অহা নাই।
 
শেহতীয়া বছৰবোৰত পাকিস্তানত আৰক্ষী আৰু সুৰক্ষা বাহিনীক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে। কৰ্তৃপক্ষই এই বেছিভাগ হিংসাত্মক ঘটনাৰ বাবে পাক্তিস্তানী তালিবান যাক তহৰীক-ই-তালিবান পাকিস্তান বা 'টিটিপি' বুলি জনা যায়। টিটিপিৰ লগতে ইয়াৰ সহযোগী সন্ত্ৰাসবাদী গোটবোৰক জগৰীয়া কৰিছে।
 
অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰে সজ্জিত সন্ত্ৰাসবাদীয়ে দক্ষিণৰ বন্দৰ চহৰ কৰাচীত অৰ্ধসামৰিক বাহিনী 'ৰেঞ্জাৰ্ছ'ৰ আঞ্চলিক মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে, য’ত তিনিজন জোৱান নিহত হৈছিল। সুৰক্ষা বাহিনীয়ে তিনিজন আক্ৰমণকাৰীক নিহত কৰাৰ লগতে আন এজন আক্ৰমণকাৰীক আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে, যাক সামৰিক বাহিনীয়ে আফগান নাগৰিক বুলি চিনাক্ত কৰিছে।
 
পাকিস্তানী তালিবানৰ পৰা ফাটি ওলোৱা এটা গোট 'জমাট-উল-আহৰাৰে' শনিবাৰে নিশা এক বিবৃতিৰ জৰিয়তে কৰাচী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
 
তাৰাৰে কয় যে আফগান সীমান্তত পাকিস্তানৰ এই শেহতীয়া অভিযানত পাকিস্তানী তালিবানৰ ঘাটি আৰু সুৰক্ষিত আশ্ৰয়স্থলসমূহক লক্ষ্য কৰা হৈছিল। পাকিস্তানী তালিবান আৰু আফগান তালিবান দুয়োটা মিত্ৰজোঁট হ’লেও ইহঁত সুকীয়া সন্ত্ৰাসবাদী গোট। আফগান তালিবানে ২০২১ চনত চুবুৰীয়া আফগানিস্তানত পুনৰ ক্ষমতা দখল কৰিছিল।
 
এই শেহতীয়া অভিযানে ইছলামাবাদ  আৰু কাবুলৰ মাজত ইতিমধ্যে থকা উত্তেজনাপূৰ্ণ সম্পৰ্কক অধিক অৱনতি ঘটোৱাৰ সম্ভাৱনা আছে।
 
আফগানিস্তানত সন্ত্ৰাসবাদীৰ ঘাটি থকা বুলি দাবী কৰি পাকিস্তানৰ সামৰিক বাহিনীয়ে বিমান আক্ৰমণ চলোৱাৰ তিনি সপ্তাহ নৌহওঁতেই দেওবাৰৰ এই সীমান্তপাৰৰ আক্ৰমণ আৰু স্থল অভিযান সংঘটিত হৈছে। এক স্থায়ী শান্তি স্থাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা চলোৱাৰ পিছতো, ইছলামাবাদে চুবুৰীয়া দেশ দুখনৰ মাজত "প্ৰকাশ্য যুদ্ধ" বুলি বৰ্ণনা কৰা ঘটনাৰ পিছত প্ৰায় এমাহ ধৰি চলি থকা আপেক্ষিক শান্তিপূৰ্ণ পৰিৱেশ এই আক্ৰমণৰ জৰিয়তে অন্ত পৰিল।
 
যোৱা ফেব্ৰুৱাৰী মাহত পাকিস্তানে আফগানিস্তানৰ ভিতৰত বিমান আক্ৰমণ চলোৱাৰ পিছত আফগানিস্তানেও প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল। তেতিয়াৰে পৰা সীমান্তৱৰ্তী যুঁজত শ শ লোক নিহত হৈছে আৰু এই সামৰিক উত্তেজনাই দেশ দুয়োখনৰ মাজত মাহৰ পিছত মাহ ধৰি চলি থকা ইটাৰ উত্তৰ পাথৰেৰে দিয়া সামৰিক কাৰ্যকলাপৰেই অংশ।
 
আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাত অনুষ্ঠিত হোৱা কেইবালানি শান্তি আলোচনাই এক স্থায়ী যুদ্ধবিৰতি নিশ্চিত কৰাত ব্যৰ্থ হৈছে। চীনেও এপ্ৰিল মাহত দুয়ো পক্ষক লৈ এক বৈঠক অনুষ্ঠিত কৰিছিল আৰু বেইজিঙে পিছত কৈছিল যে পাকিস্তান আৰু আফগানিস্তানে তেওঁলোকৰ সংঘাত বৃদ্ধি নকৰিবলৈ আৰু এক সমাধানৰ পথ বিচাৰিবলৈ সন্মত হৈছে।
 
যোৱা বছৰৰ পৰা পাকিস্তানে সীমান্তৰ কাষে কাষে আৰু আফগানিস্তানৰ ভিতৰত টিটিপি আৰু অন্যান্য সন্ত্ৰাসবাদীৰ সন্দেহজনক ঘাটিসমূহক লক্ষ্য কৰি কেইবাটাও আক্ৰমণ চলাই আহিছে। পাকিস্তানে আফগানিস্তানৰ আফগান তালিবান চৰকাৰক পাকিস্তানৰ ভিতৰত ঘাতক আক্ৰমণ চলোৱা সন্ত্ৰাসবাদীসকলক, বিশেষকৈ টিটিপিক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে কাবুলে এই অভিযোগ অস্বীকাৰ কৰি আহিছে।


শেহতীয়া খবৰ