নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কাতাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীৰ সৈতে টেলিফোনিক বাৰ্তালাপত ডোহাত শেহতীয়া আক্ৰমণৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।
"কাটাৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীৰ সৈতে কথা পাতিছো আৰু ডোহাত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। ভাৰতে ভাতৃ ৰাষ্ট্ৰ কাটাৰৰ সাৰ্বভৌমত্বৰ উলংঘনক নিন্দা কৰিছে। আমি আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সমস্যা সমাধানৰ সমৰ্থন কৰো আৰু উত্তেজনা বৃদ্ধি নকৰো। ভাৰতে এই অঞ্চলত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছে।", প্ৰধানমন্ত্ৰী মোদীয়ে ফোন কল কৰাৰ পিছত এক্সত এইদৰে পোষ্ট কৰে।
মঙলবাৰে দোহাত ইজৰাইলৰ আক্ৰমণৰ পিছত এই বাৰ্তালাপ হৈছিল।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, প্ৰধানমন্ত্ৰীয়ে গাজাত যুদ্ধবিৰতি আৰু সকলো জিম্মিক মুক্তিৰ অৰ্থে মধ্যস্থতাকাৰী প্ৰচেষ্টাকে ধৰি আঞ্চলিক শান্তি আৰু স্থিৰতা প্ৰসাৰত কাটাৰে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰৰ জনসাধাৰণ আৰু ৰাজ্যখনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ বাবে শ্বেইখ তামীমে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই ভাৰত-কাটাৰ কৌশলগত অংশীদাৰীত্বৰ নিৰন্তৰ অগ্ৰগতিৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰে আৰু পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দোহাৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে, 'তেওঁলোকৰ মাজত ঘনিষ্ঠ যোগাযোগ বজাই ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰা হয়।'
মঙলবাৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে (MEA) কৈছে যে ভাৰতে এই বিকাশ আৰু অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে "গভীৰভাৱে উদ্বিগ্ন"। ইজৰাইলৰ আক্ৰমণৰ পিছত বিদেশ মন্ত্ৰণালয়ে কয়, "আমি সংযম আৰু কূটনীতিৰ ওপৰত জোৰ দিছো, যাতে এই অঞ্চলৰ শান্তি আৰু নিৰাপত্তা বিপন্ন নহয়।"
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণক্ৰমে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শ্বেইখ তামিম বিন হামাদ আল থানিয়ে ভাৰত ভ্ৰমণ কৰিছিল। তেওঁৰ সৈতে মন্ত্ৰী, বিষয়া আৰু ব্যৱসায়িক নেতৃবৃন্দৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল আহিছিল। কাটাৰৰ আমিৰৰ এয়া দ্বিতীয়টো ভাৰত ভ্ৰমণ।
বৈঠকত দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক বাণিজ্যিক সম্পৰ্ক, গভীৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ কথা দুয়োগৰাকী নেতাই উল্লেখ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজৰ বহুমুখী সম্পৰ্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ কৰাৰ ইচ্ছা ব্যক্ত কৰে। এই পৰিপ্ৰেক্ষিতত তেওঁলোকে দুয়োখন দেশৰ মাজত 'দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব স্থাপনৰ চুক্তি' স্বাক্ষৰিত হোৱাত সন্তোষ প্ৰকাশ কৰে।