নতুন দিল্লী
কাটাৰত সংঘটিত হৈছে প্ৰচণ্ড বিস্ফোৰণ৷ এই বিস্ফোৰণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে, মৃত্যুক সাৱটি লোৱা ১২ জনেই হৈছে ভাৰতীয়৷ সাগৰৰ উপকূলীয় অঞ্চলত অৱস্থিত দেশ কাটাৰৰ শক্তি মন্ত্ৰী সাদ বিন শ্বেৰিদা আল-কাবীয়ে সোমবাৰে এই তথ্য সদৰী কৰে।
কাটাৰৰ সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, কাটাৰএনাৰ্জিৰ মুৰব্বী আল-কাবীয়ে কয় যে দেওবাৰে সন্ধিয়া ৰাছ লাফান ঔদ্যোগিক চহৰৰ বাৰ্জান ঘৰুৱা গেছ যোগান প্ৰকল্পত এই বিস্ফোৰণ সংঘটিত হয়৷ বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডত প্ৰায় ৬৬ জন লোক আহত হয়।
সোমবাৰে এক সংবাদমেলযোগে আল-কাবীয়ে এই তথ্য সদৰী কৰে। লগতে জনাই যে এই ঘটনাত বিস্ফোৰণত ভাৰতীয় আৰু পাকিস্তানী মূলৰ ১৩ জন লোকৰ মৃত্যু ঘটিছে৷
আনহাতে, ডোহাস্থিত ভাৰতীয় দূতাবাসে কাটাৰ চৰকাৰৰ সৈতে সংযোগ স্থাপন কৰি যিসকল লোকে প্ৰাণ হেৰুৱাইছে বা আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকৰ পৰিয়ালক সকলো ধৰণৰ সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।
কাটাৰস্থিত ভাৰতীয় দূতাবাসে এক্সৰ এটা পোষ্টত এনেদৰে উল্লেখ কৰিছে, ‘‘যোৱা নিশা ৰাছ লাফান ঔদ্যোগিক চহৰত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত কৰুণভাৱে প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’’
দূতাবাসে সকলোৰে সহায় হোৱাকৈ দুটাকৈ হেল্পলাইন নম্বৰ আৰু ই-মেইল আইডি মুকলি কৰিছে ৷ সেইসমূহ হৈছে - +৯৭৪-৫৫৬৪৭৫০২ অথবা +৯৭৫-৫৫৩৮৪৬৮৩
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আহত ব্যক্তিসকল ভাৰত, কাটাৰ, তাঞ্জানিয়া, পাকিস্তান, গিনি, নেপাল, বাংলাদেশ, কেনিয়া আৰু নাইজেৰিয়াকে ধৰি কেইবাখনো দেশৰ লোক। ভাৰতীয় দূতাবাসে এই দুৰ্ভাগ্যজনক কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ কিয়নো এই বিস্ফোৰণত দেশখনৰ বহু লোক আহত হোৱাৰ বিপৰীতে একাংশ বৰ্তমানে সন্ধানহীন৷
দূতাবাসৰ ফালৰ পৰা এক বিবৃতিৰ জৰিয়তে এনেদৰে কোৱা হৈছে, ‘‘এই কঠিন আৰু প্ৰত্যাহ্বানমূলক সময়ত কাটাৰত থকা ভাৰতৰ দূতাবাস আৰু সমগ্ৰ ভাৰতীয় লোকসকলে কাটাৰ চৰকাৰ আৰু জনসাধাৰণৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিছে। আমি আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছো আৰু নিৰুদ্দিষ্ট লোকসকলৰ সুৰক্ষাৰ বাবে আশা আৰু প্ৰাৰ্থনা কৰিছো।’’
এক সুকীয়া বিবৃতিত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, অভিযানৰ সময়ত হোৱা কাৰিকৰী বিসংগতিৰ বাবেই দুৰ্ভাগ্যজনকভাৱে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়৷ যাৰ ফলত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বিভিন্ন দেশৰ ৬৬ জন ব্যক্তি গুৰুতৰভাৱে আহত হয়।