যদি ৫০ দিনৰ ভিতৰত ইউক্ৰেইন যুদ্ধ শেষ নকৰে তেন্তে ৰাছিয়াৰ ওপৰত অতি কঠোৰ শুল্ক আৰোপ কৰিব ট্ৰাম্পে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
ভ্লাদিমিৰ পুটিন আৰু ড’নাল্ড ট্ৰাম্প
ভ্লাদিমিৰ পুটিন আৰু ড’নাল্ড ট্ৰাম্প
ৱাশ্বিংটন

সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ বিৰুদ্ধে “কঠোৰ শুল্ক” আৰোপৰ হুংকাৰ দিয়ে যদিহে ভ্লাদিমিৰ পুটিনে অহা ৫০ দিনৰ ভিতৰত ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে।

সোমবাৰে হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, "আমি গৌণ শুল্ক কৰিম। যদি ৫০ দিনৰ পিছত আমাৰ কোনো চুক্তি নহয় তেন্তে সেয়া স্পষ্ট। আৰু তেওঁলোক ১০০ শতাংশ শুল্ক দিব, আৰু সেয়াই হ'ব।"

ইউক্ৰেইনৰ যুদ্ধখন পুটিনে চম্ভালি লোৱাৰ ক্ষেত্ৰত ট্ৰাম্পে ক্ৰমান্বয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। যুদ্ধবিৰতিৰ লক্ষ্যৰে আলোচনা চলি থকাৰ পাছতো ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত থকাৰ বাবে ইউক্ৰেইনক অস্ত্ৰৰে সজ্জিত কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ নেতাগৰাকীক শান্তি বিচাৰে বুলি কোৱাৰ লগতে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ বাবে ক্ষোভিত হৈ পৰিছিল। পুটিনৰ প্ৰতি তেওঁৰ মোহভংগ বৃদ্ধি পোৱাৰ লগে লগে ট্ৰাম্পে ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞা অতি সোনকালে ঘোষণা কৰিব পৰা যাব বুলিও ইংগিত দিয়ে।

"ৰাষ্ট্ৰপতি পুটিনক লৈ মই অতি হতাশ," বুলি কয় তেওঁ অৰু কয়ঃ "মই ভাবিছিলো যে তেওঁ যি কয় তাকেই  কৰে — আৰু তেওঁ ইমান ধুনীয়াকৈ কথা কয়, তাৰ পিছতো ৰাতি বোমাৰে মানুহ মাৰে। মোৰ ভাল নালাগে।"

ট্ৰাম্পে লগতে কয় যে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনক সহায় কৰিবলৈ আমেৰিকাই নাটোলৈ প্ৰেৰণ কৰিবলগীয়া অস্ত্ৰৰ ভিতৰত পেট্ৰিয়ট মিছাইল চিষ্টেম আৰু বেটাৰীও হ’ব।