নতুন দিল্লী
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানীক ভাবুকি আছিম মুনিৰৰ। ভাৰতৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ মূৰব্বীক ভাবুকি প্ৰদান কৰিলে পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল আছিম মুনিৰৰ। ধৰ্মীয় উপমা ব্যৱহাৰ কৰি মুকেশ আম্বানীক ভাবুকি মুনিৰৰ। কোৰাণৰ ছুৰাৰ চিত্ৰৰ সৈতে মুকেশ আম্বানীৰ ফটো ব্যৱহাৰ কৰি প্ৰদান কৰা হৈছে ভাবুকি।
এই ফটোৰে ভৱিষ্যতে বিধ্বংসী আক্ৰমণৰ ইংগিত আছিম মুনিৰৰ। ৰিলায়েঞ্চৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰ ভাবুকিৰ আশংকা। আমেৰিকাত পাকিস্তানী প্ৰবাসী সম্প্ৰদায়ক সম্বোধন কৰি মুনিৰে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীক ধৰ্মীয় সুৰত ভাবুকি দিছে।
পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে ভাষণত কয় যে, ‘‘এটা টুইট কৰা হৈছিল, য’ত ছুৰা ফিল আৰু মুকেশ আম্বানীৰ ছবি আছিল, যাতে পাকিস্তানে অহাবাৰ কি কৰিব সেই বিষয়ে বাৰ্তা দিব পৰা যায়।’’ মুনিৰে ভাবুকিপূৰ্ণ সুৰত কয়, ‘‘আমি ভাৰতৰ পূব দিশৰ পৰা আৰম্ভ কৰিম, য’ত তেওঁলোকৰ আটাইতকৈ মূল্যৱান সম্পদ আছে, তাৰ পিছত পশ্চিম দিশলৈ আগবাঢ়িম।’’
ইমানতে ক্ষান্ত থকা নাই আছিম মুনিৰ, তেওঁ পাৰমাণৱিক অস্ত্ৰৰ ভয় দেখুৱাই কয় যে ভাৰতে যদি সিন্ধু নদীত কোনো বান্ধ নিৰ্মাণ কৰে, তেন্তে সেয়া মিছাইল নিক্ষেপ কৰি উৰুৱাই দিয়া হ’ব।
মুনিৰে কয়, ‘আমি ভাৰতে বান্ধ নিৰ্মাণ কৰালৈ অপেক্ষা কৰিম, তাৰ পিছত ১০টা মিছাইলেৰে সেয়া ধ্বংস কৰিম। সিন্ধু নদী ভাৰতৰ পূৰ্বপুৰুষৰ সম্পত্তি নহয়, আৰু আমাৰ ক্ষেপণাস্ত্ৰৰ অভাৱ নাই।'