এই সপ্তাহত নতুন দিল্লী ভ্ৰমণ কৰিব আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰে

Story by  atv | Posted by  Munni Begum • 6 h ago
আমেৰিকাৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰ
আমেৰিকাৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰ
 
নতুন দিল্লী
 
আমেৰিকাৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰে সোমবাৰে ভাৰত-আমেৰিকা দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পৰ্কীয় আলোচনা কৰিবলৈ আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি (USTR) জেমিছন গ্ৰীৰৰ নতুন দিল্লী ভ্ৰমণক লৈ আশাবাদী বুলি ব্যক্ত কৰিছে।
 
এক্সৰ এক পোষ্টত, আমেৰিকাৰ দূতজনে গ্ৰীৰৰ ভ্ৰমণৰ বাবে তেওঁৰ আগ্ৰহ প্ৰকাশ কৰি কয় যে, তেওঁ গ্ৰীৰক নতুন দিল্লীত স্বাগতম জনাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ভ্ৰমণকালত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ লগতে আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে একাধিক বৈঠক অনুষ্ঠিত হ’ব।
 
তেওঁ পোষ্টটোত লিখিছে, "আমাৰ বাণিজ্য প্ৰতিনিধি ৰাষ্ট্ৰদূত গ্ৰী'ৰক নতুন দিল্লীত স্বাগতম জনোৱাৰ বাবে মই আগ্ৰহেৰে বাট চাই আছো। মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰতৰ বাণিজ্যিক চুক্তিৰ অগ্ৰগতিৰ বাবে একাধিক বৈঠক অনুষ্ঠিত হ'ব।"
 
এই উচ্চ পৰ্যায়ৰ আলোচনাত আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত যৌথ বিবৃতি আৰু অন্তৱৰ্তীকালীন চুক্তিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। এই দুয়োখন চুক্তি বহল দ্বিপাক্ষিক বাণিজ্যিক আলোচনাৰ এক অংশ। ইউএছটিআৰৰ এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, এই আলোচনাসমূহ  ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত প্ৰথমে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল।
 
ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছত এই ভ্ৰমণসূচী গ্ৰহণ কৰা হৈছে। এই বৈঠকত দুয়োখন দেশৰ নেতাই এই বৈঠকৰ সময়সীমা ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
 
ভাৰতত বৈঠকসমূহ সম্পন্ন কৰাৰ পিছত ৰাষ্ট্ৰদূত গ্ৰীৰে উজবেকিস্তানৰ তাশখন্দ ভ্ৰমণ কৰিব। তাত তেওঁ উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শাভকাত মিৰ্জিয়োয়েভ, ৰাষ্ট্ৰপতি প্ৰশাসনৰ মুৰব্বী চাইদা মিৰ্জিয়োয়েভা আৰু উপ-প্ৰধানমন্ত্ৰী জামশিদ খোদজায়েভৰ সৈতে সাক্ষাৎ কৰিব।
 
USTR-ৰ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, ৰাষ্ট্ৰদূত গ্ৰীৰে এই আন্তঃৰাষ্ট্ৰীয় বৈঠকসমূহত নিজৰ সমকক্ষসকলৰ সৈতে আমেৰিকাৰ বাবে ন্যায্য, সুষম আৰু পাৰস্পৰিক লাভজনক বাণিজ্য ব্যৱস্থা নিশ্চিত কৰাৰ বিষয়ত আলোচনা কৰিব।
 
ইয়াৰ পূৰ্বে, যোৱা সপ্তাহত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, অন্তৱৰ্তীকালীন দ্বিপাক্ষিক বাণিজ্য চুক্তিখন চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। জি-৭ সন্মিলনৰ পিছত আয়োজন কৰা এক সংবাদমেলত তেওঁ কয় যে, দুয়োখন দেশে যথেষ্ট অগ্ৰগতি সাধন কৰিছে আৰু গ্ৰীৰৰ নতুন দিল্লী ভ্ৰমণ এই আলোচনাক অধিক গতিশীল কৰিব।
 
মিশ্ৰীয়ে কয়, “আমেৰিকাৰ সৈতে অন্তৱৰ্তীকালীন মুক্ত বাণিজ্যভিত্তিক দ্বিপাক্ষিক চুক্তি সম্পন্ন কৰাৰ ক্ষেত্ৰত আমি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছোঁ। বৰ্তমান আমি এই চুক্তিখন চূড়ান্ত কৰাৰ শেষ পৰ্যায়ত আছোঁ।”
 
তেওঁ লগতে কয়, “আগতীয়া সপ্তাহত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰ ভাৰত ভ্ৰমণ কৰিব আৰু এই আলোচনা অধিক আগবঢ়াই নিব।”
 
মিশ্ৰীয়ে লগতে উল্লেখ কৰে, ইভিয়াঁনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকত এই বিষয়টো অন্যতম গুৰুত্বপূৰ্ণ আলোচ্য বিষয় আছিল। দুয়োগৰাকী নেতাই এই চুক্তিখন যিমান সোনকালে সম্ভৱ সম্পন্ন কৰিবলৈ পুনৰ নিৰ্দেশ দিছে।