ইৰানত হিংসাত্মক প্ৰতিবাদ; বৰ্তমানলৈ ৭ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 2 h ago
ইৰানত হিংসাত্মক প্ৰতিবাদ
ইৰানত হিংসাত্মক প্ৰতিবাদ
 
ইৰান
 
ইৰানৰ দুৰ্বল অৰ্থনীতিৰ ফলত সৃষ্টি হোৱা প্ৰতিবাদ গ্ৰামাঞ্চললৈ বিয়পি পৰিছে। প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাত কমেও ৭ জন লোকৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বুধবাৰে এজন লোকৰ মৃত্যু হৈছিল। এই সংঘৰ্ষত ইৰানৰ অৰ্ধসামৰিক বাহিনীৰ এজন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩ জনতকৈ অধিক জোৱান আহত হয়।
 
এই হিংসাত্মক প্ৰতিবাদৰ সময়ত মৃত্যুৰ পিছত প্ৰতিবাদকাৰীয়ে নিয়ন্ত্ৰণ হেৰুৱাইছে। তেহৰাণৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদে এতিয়া দেশ খনৰ ৫০খনতকৈও অধিক চহৰত প্ৰৱেশ কৰিছে।
 
মুদ্ৰাস্ফীতি বৃদ্ধিৰ বাবে আৰম্ভ হোৱা এই প্ৰতিবাদ নিৰাপত্তাৰক্ষীৰ কাৰ্যকলাপৰ পিছত তীব্ৰতৰ হৈ পৰিছে।তেহৰাণৰ পৰা ৩০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত আজনা চহৰত আটাইতকৈ হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছে।
 
দেশখনৰ লোৰাডাগানত নিৰাপত্তা বাহিনী আৰু সশস্ত্ৰ প্ৰতিবাদকাৰীৰ মাজত অগ্নি সংযোগ কৰিছে।প্ৰতিবাদকাৰীয়ে একাংশ চহৰত ইৰানী ৰিভল্যুচনেৰী গাৰ্ডৰ অট্টালিকাও জব্দ কৰিছে। আদালতৰ ভৱনসমূহৰ ওপৰতো বহিছে প্ৰতিবাদকাৰীসকল।ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে ছয়জন লোকক গ্ৰেপ্তাৰ কৰাৰ বাতৰি প্ৰকাশ কৰিছে।
 
উল্লেখযোগ্য যে, ইৰানত এই ধাৰাবাহিক প্ৰতিবাদ ৰাজধানী তেহৰাণৰ পৰা আৰম্ভ হৈছিল। প্ৰথমে তেহৰাণৰ ব্যৱসায়ীসকলে অৱনতি ঘটা ব্যৱসায়িক অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াইছিল।ইয়াৰ পিছতে তেহৰাণ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও ব্যৱসায়ীসকলৰ প্ৰতিবাদত যোগদান কৰে।