২৭ বাৰ ৰক্তদানেৰে বহুজনক নতুন জীৱন দিয়া বৰপেটাৰ চফিক আহমেদলৈ অসম চৰকাৰৰ সন্মান

Story by  atv | Posted by  Munni Begum • 1 Years ago
 চফিক আহমেদ
চফিক আহমেদ
 
চাইজুৰ ৰহমান / বৰপেটা
 
ৰক্তদানক মহান দান বুলি কোৱা হয়। ৰক্তদানেৰে এগৰাকী লোকে আন এগৰাকীক জীৱন দান কৰিব পাৰে। সেয়ে কোৱা হয় 'ৰক্তদান জীৱন দান।' এই কথাশাৰীকে সাৰোগত কৰি বৰপেটাৰ এজন মানৱদৰদী ব্যক্তিয়ে ৭ বছৰত মুঠ ২৭ বাৰ (চৰকাৰী তথ্য) ৰক্তদান কৰি বহুলোকক নতুন জীৱনৰ পোহৰ দেখুৱাইছে। 
 
বৰপেটা জিলাৰ শ্ৰেষ্ঠ ৰক্তদাতা হিচাপে অসম চৰকাৰৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এই ব্যক্তিজন হৈছে চফিক আহমেদ। অলপতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গুৱাহাটীৰ অসম প্ৰশাসনিক ষ্টাফ কলেজৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অন্যান্য কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত চফিক আহমেদক বৰপেটা জিলাৰ ভিতৰতে ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ ৰক্তদাতাৰ বঁটা প্ৰদান কৰে। 
 
২০১৬ চনৰ পৰা বৰ্তমানলৈ ৰক্তদান কৰি অহা চফিক আহমেদে নিজৰ ৰক্তদানৰ অভিজ্ঞতা তথা অনুভৱ ব্যক্ত কৰি "আৱাজ দ্য ভইচ"ৰ আগত কয় যে ২০১৬ চনত বৰপেটা চহৰত অনুষ্ঠিত হোৱা চাউলখোৱা মহোৎসৱত ৰক্তদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু তাতেই তেওঁ প্ৰথমবাৰৰ বাবে ৰক্তদান কৰিছিল। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈ প্ৰতি ৯০ দিনৰ মূৰে মূৰে ৰক্তদান কৰি আজি পৰ্যন্ত ২৭বাৰ ৰক্তদান কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৪ বাৰ আৰু বাকী কেইবাৰ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্তদান কৰি তেওঁ মহানুভৱতাৰ পৰিচয় দিছে।
 
গুৱাহাটীত অনুষ্ঠিত এক ৰক্তদান শিবিৰ
 
চফিক আহমেদে কয়, 'ম‌ই কোনো জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী বিচাৰ নকৰাকৈ মানুহ হিচাপে যিকোনো ব্যক্তিকে প্ৰয়োজনৰ সময়ত ৰক্তদান কৰি আহিছো। বিশেষকৈ দৰিদ্ৰ লোকৰ লগতে থেলাচেমিয়া ৰোগত আক্ৰান্ত শিশুক মই বেছিকৈ ৰক্তদান কৰিছো। ২০১৬ চনত যেতিয়া প্ৰথমবাৰৰ বাবে ৰক্তদান কৰিছিলো তেতিয়া মনতে ঠিৰাং কৰি লৈছিলো যে মোৰ ৰক্তৰ দ্বাৰা যদি কোনো ব্যক্তিৰ জীৱন বাচি যায়, তেনেহ'লে মই জীয়াই থকা পৰ্যন্ত ৰক্তদান কৰি যাম। আৰু সেয়েহে এই ধাৰা বৰ্তমানলৈ অব্যাহত ৰাখিছো আৰু ভৱিষ্যতলৈও ৰাখিম।'
 
উদ্যমী তথা মানৱদৰদী যুৱক চফিক আহমেদে ৰক্তদান সন্দৰ্ভত নৱ প্ৰজন্মক কয় যে কিছুমান যুৱকৰ মনত ভ্ৰান্ত ধাৰণা আছে যে ৰক্তদান কৰিলে শৰীৰ দূৰ্বল হৈ যায়, দেহৰ ক্ষতি হয়। কিন্তু সেয়া ভুল ধাৰণা। চৰকাৰী হিচাপ মতে তেওঁ বৰ্তমানলৈ ২৭ বাৰ ৰক্তদান কৰিছে। কিন্তু আজিলৈ শৰীৰত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই অথবা কোনো ক্ষতি হোৱা নাই। ৰক্তদান কৰাৰ পাছত মনত এক প্ৰশান্তি আহে। মনত এক স্ফূৰ্তি জাগি উঠে। বিপদত পৰা মানুহক সকলোৱে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলি তেওঁ মন্তব্য কৰে।
 
উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান অনুসৰি ভাৰতত সৃষ্টি হোৱা ৰক্তাদানৰ চাহিদা পূৰণৰ বাবে দেশৰ প্ৰায় এক শতাংশ জনসংখ্যাই নিয়মিতভাৱে ৰক্তদান কৰাটো প্ৰয়োজন। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতত তেজৰ প্ৰয়োজনীয়তা হৈছে প্ৰায় ১ কোটি ৩১ লাখ ইউনিট। 
 
ভাৰতৰ তেজৰ প্ৰয়োজনীয়তাৰ ৰাষ্ট্ৰীয় সমীক্ষাই পোহৰলৈ আনিছে যে যদিহে যোগ্য জনসংখ্যাৰ ৩.৪৩% লোকে ৰক্তদান কৰে তেন্তে ক্লিনিকেল চাহিদা পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ তেজ উপলব্ধ হ'ব। সমীক্ষাত দেখা গৈছে যে ভাৰতত প্ৰায় ৩.১৩% যোগ্য ব্যক্তিয়ে ৰক্তদান কৰে আৰু ইয়ে ইংগিত দিয়ে যে ৰক্তদানৰ গুৰুত্বৰ ওপৰত অভিযান তীব্ৰতৰ কৰিলে ক্লিনিকেল চাহিদা সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা যাব। 
 
বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত ৰক্তদান শিবিৰৰ এক দৃশ্য
 
উল্লেখ্য যে, ২০১৮ চনত নেচনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেচন (NACO), ইউ এছ চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চি ডি চি), নেশ্যনেল ইনষ্টিটিউট অৱ মেডিকেল ষ্টেটিষ্টিকছ, খ্ৰীষ্টিয়ান মেডিকেল কলেজ, ভেলোৰ আৰু খ্ৰীষ্টান মেডিকেল এছ’চিয়েচন অৱ ইণ্ডিয়াই এক যৌথ অধ্যয়ন চলাইছিল আৰু ভাৰতত তেজৰ প্ৰয়োজনীয়তাৰ ৰাষ্ট্ৰীয় মূল্যায়ন কৰা হৈছিল। এই অধ্যয়ন অনুসৰি সমগ্ৰ দেশৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰায় ১ কোটি ৪৬ লাখ ইউনিট তেজৰ ক্লিনিকেল চাহিদা আছে।
 
ভাৰতত তেজৰ প্ৰয়োজনীয়তাক পৰ্যাপ্তভাৱে পূৰণ কৰিবলৈ অধ্যয়নটোৱে পৰামৰ্শ দিছিল যে প্ৰতি ১০০০ যোগ্য জনসংখ্যাৰ বিপৰীতে বছৰি ৬২.৩টা ৰক্তদান (যোগ্য জনসংখ্যাৰ ৬.২৩%ৰ সমতুল্য) হ’ব লাগে। ইয়াৰ উপৰিও ক্লিনিকেল চাহিদা পূৰণ কৰিবলৈ প্ৰতি বছৰে প্ৰতি ১০০০ জন যোগ্য জনসংখ্যাৰ বিপৰীতে (যোগ্য জনসংখ্যাৰ ৩.৪৩%) ৩৪.৩ টা অনুদান আগবঢ়াব লাগিব।
 
কিন্তু দান কৰা তেজৰ প্ৰকৃত যোগান প্ৰতি ১০০০ যোগ্য জনসংখ্যাৰ বিপৰীতে ৩১.৯ (যোগ্য জনসংখ্যাৰ ৩.১৯%) আছিল, যিটো প্ৰয়োজনীয় সংখ্যাতকৈ কম। এই তথ্যই চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ আৰু সমগ্ৰ দেশতে চিকিৎসাৰ উদ্দেশ্যে তেজৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ ৰক্তদান বৃদ্ধিৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে।