পশ্চিম গাৰোপাহাৰ জিলাৰ গাওঁ চেম্পিয়নসকলৰ মাজত মানৱ-হাতীৰ সহাৱস্থান সন্দৰ্ভত সজাগতা সৃষ্টি

Story by  atv | Posted by  Munni Begum • 10 Months ago
মানৱ-হাতীৰ সহাৱস্থান সন্দৰ্ভত সজাগতা সৃষ্টি
মানৱ-হাতীৰ সহাৱস্থান সন্দৰ্ভত সজাগতা সৃষ্টি
 
গুৱাহাটী
 
উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ (ডব্লিউ জি এইচ) জিলাৰ বন্দুকমালি গাৱঁত বুধবাৰে অনুষ্ঠিত কৰা এখন প্ৰশিক্ষণ কৰ্মশালাত জিলাখনৰ “গাওঁ চেম্পিয়ন” আৰু নোকমাসকলৰ এটা দলক মানৱ-হাতী সহাৱস্থানৰ প্ৰয়োজনীয়তা আৰু মানৱ-হাতী সংঘাতৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে সজাগ কৰা হয়।
 
গাওঁ চেম্পিয়নসকল হৈছে সহযোগিতামূলক প্ৰকল্পৰ অধীনত গাঁও পৰ্যায়ত মানৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে সমূহীয়া সজাগতা আৰু স্থানীয় সহযোগিতাৰ বৃদ্ধি কৰা কামত নিয়োজিত স্থানীয় সম্প্ৰদায়ৰ সদস্য। ডাৰউইন ইনিচিয়েটিভৰ পৃষ্ঠপোষকতাত আৰণ্যকে ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহযোগিতাত এই প্ৰকল্পটো ৰুপায়ণ কৰিছে। পশ্চিম গাৰো পাহাৰ জিলাৰ বন্দুকমালি গাঁৱৰ সংহত গাঁও সমবায় সমিতিৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰায় ১৫ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।
 
আৰণ্যকে ফোটামাটি অঞ্চল আৰু বন্দুকমালি, বড়োগোবাল আৰু জামডাংৰেৰ গাঁওসমূহ সামৰি অসম আৰু পশ্চিম গাৰো পাহাৰ জিলাত মানৱ আৰু হাতী সহাৱস্থান বিষয়ক এটা প্ৰকল্প ৰূপায়ণ কৰি আছে। এই গাঁওবোৰত গাৰো, ৰাভা, বড়োসকলকে ধৰি খিলঞ্জীয়া জনগোষ্ঠীৰ মিশ্ৰিত লোকে বসবাস কৰে। ২০১৩ চনৰ পৰা এই অঞ্চলত মানুহ-হাতীৰ সংঘাতৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এই প্ৰকল্পৰ গাঁওসমূহৰ গাঁও চেম্পিয়নসকলৰ উপৰিও বিভিন্ন গাৱঁৰ নোকমাসকল আৰু গাওঁবাসীয়ে কাৰ্যসূচীত অংশগ্ৰহণ আৰু মত-বিনিময় কৰে।
 
আৰণ্যকৰ পৰা জ্যেষ্ঠ বিষয়া জয়ন্ত পাঠক, অঞ্জন বৰুৱা আৰু প্ৰকল্প কৰ্মী ভেণ্ডো থিয়ডৰ, সুভাষ ৰাভা আৰু বিজয় কলিতাৰ লগতে আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষানৱিচ কাৰ্যসূচীত উপস্থিত থাকে। অসমৰ এগৰাকী প্ৰখ্যাত পৰিবেশ চলচ্চিত্ৰ নিৰ্মাতা চম্পক ডেকায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 
 
জয়ন্ত পাঠকে হাতীৰ বিভিন্ন চৰিত্ৰ আৰু বৈশিষ্ট্যৰ বিষয়ে উপস্থাপন কৰে আৰু অঞ্জন বৰুৱাই মানৱ-হাতী সংঘাতৰ বিভিন্ন কাৰক আৰু নেমু গছৰ জৈৱ-বেৰাকে ধৰি সংঘাত প্ৰশমনৰ বিভিন্ন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে। ভেণ্ডোৱে মানৱ-হাতী সংঘাতৰ ভুক্তভোগী সকলক কৰ্তৃপক্ষই ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰে।