নতুন দিল্লী
বাজেট দাখিলৰ পূৰ্বেই আজিৰে পৰা দেশত বহুকেইবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাব। বিশেষকৈ গুটখা আৰু চিগাৰেট খোৱা সকলৰ বাবে আছে এটা বেয়া খবৰ। আজিৰে পৰা দাম বৃদ্ধি পাব ধঁপাতজাতীয় সামগ্ৰী, পাণ-মচলা আৰু চিগাৰেটৰ।
ধঁপাত, পাণ-মচলা আৰু চিগাৰেটত বলবত হ'ব ৪০শতাংশ জি এছ টি। আনহাতে বিড়িত বলবত কৰা হ'ব ১৮শতাংশ জি এছ টি। ইয়াৰোপৰি আজিৰে পৰা ফাৰ্ষ্টটেগৰ ক্ষেত্ৰতো সলনি হ'ব নিয়ম। এতিয়াৰে পৰা ফাৰ্ষ্টটেগ ব্য়ৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব কে ৱাই চি। অৱশ্যে সৰু বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম।
উল্লেখযোগ্য যে, আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰো দাম বৃদ্ধি পাব। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত দাম বৃদ্ধি পালে ৫০টকাকৈ। এনেকৈয়ে এতিয়া ১ফেব্ৰুৱাৰী দিনটোৰ পৰা বহুকেইবিধ সামগ্ৰীৰ দাম বৃদ্ধি পালে।