৪৮ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদত্যাগৰ দাবী CJP-ৰ; আয়ুক্তক 'দেশদ্ৰোহী' আখ্যা ৰাহুল গান্ধীৰ

Story by  atv | Posted by  Nikunja Nath • 2 h ago
৪৮ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদত্যাগৰ দাবী CJP-ৰ; আয়ুক্তক 'দেশদ্ৰোহী' আখ্যা ৰাহুল গান্ধীৰ
৪৮ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদত্যাগৰ দাবী CJP-ৰ; আয়ুক্তক 'দেশদ্ৰোহী' আখ্যা ৰাহুল গান্ধীৰ
 
নতুন দিল্লী
 
ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰচৰাত সৃষ্টি হোৱা সংঘাত আৰু ভোটাৰ তালিকা সংশোধন (SIR)ক লৈ পোহৰলৈ অহা তথ্যই জোকাৰি গৈছে সমগ্ৰ দেশৰ ৰাজনীতি। দুজন নিৰ্বাচন আয়ুক্তৰ স্পষ্ট আপত্তিৰ পাছতো মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে গ্ৰহণ কৰা একতৰফীয়া সিদ্ধান্তৰ খবৰে এতিয়া দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতাৰ ওপৰত এক বৃহৎ প্ৰশ্নৰ উদ্ভৱ হৈছে।
 
দেশৰ অগ্ৰণী সংবাদপত্ৰ 'ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ এক অনুসন্ধানমূলক প্ৰতিবেদন অনুসৰি, বিগত ১০ মাহত ভোটাৰ তালিকা সংশোধনকে ধৰি গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ক্ষেত্ৰত অন্য দুজন আয়ুক্তক আওকাণ কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে অকলেই সিদ্ধান্ত লৈছিল। ইয়াৰ বিৰুদ্ধে আয়ুক্ত দুগৰাকীয়ে ১৪ বাৰকৈ অন-ৰেকৰ্ড আপত্তি দৰ্শোৱাৰ লগতে কেবিনেট সচিবলৈ পত্ৰও প্ৰেৰণ কৰিছিল।
 
এই তথ্য পোহৰলৈ অহাৰ লগে লগে সৰৱ হৈ পৰে বিৰোধী। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন সংবাদমেল যোগে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীক 'দেশদ্ৰোহী' আখ্যা দি তেওঁৰ তৎকালীন পদত্যাগ দাবী কৰে। দেশত 'ভোট চুৰি' হোৱা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয়, "আমাৰ চকুৰ আগতেই গণতন্ত্ৰক ধ্বংস কৰা হৈছে।" ১৯৭১ চনৰ ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ইতিহাস সোঁৱৰাই তেওঁ প্ৰশ্ন কৰে যে ৰহস্যজনক কাৰণত বৰ্তমানৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠাবিৰোধী আৱেগৰ নিয়ম কিয় প্ৰযোজ্য নহয়।
 
আনহাতে, এই পৰিস্থিতিৰ মাজতে 'ক’কৰোচ্ছ জনতা পাৰ্টি' (CJP)ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে দিল্লীত এক সংবাদমেল সম্বোধন কৰি ৪৮ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদত্যাগৰ দাবী জনায়। চিজেপিৰ নেতাসকলে অভিযোগ কৰে যে, ২০২৪ৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ভয়তে বিজেপিয়ে এই ষড়যন্ত্ৰ ৰচিছে। চিজেপিৰ নেতা অংকিত ভৰদ্বাজে দাবী কৰে যে, যোৱা দুবছৰত SIR-ৰ জৰিয়তে প্ৰায় ১৩ কোটি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। স্থানীয় বিষয়াৰ ক্ষমতা খৰ্ব কৰি দিল্লীৰ কেন্দ্ৰীয় ছফ্টৱেৰৰ জৰিয়তে বিৰোধী শাসিত ৰাজ্যসমূহৰ লাখ লাখ বৈধ ভোটাৰৰ নাম পৰিকল্পিতভাৱে আঁতৰোৱা হৈছে বুলিও দলটোৱে অভিযোগ কৰে।
 
সংবাদমেলত চিজেপিয়ে মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ আৰু তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ নিৰপেক্ষ অপৰাধমূলক তদন্ত কৰা, বৰ্তমানৰ SIR প্ৰক্ৰিয়া স্থগিত ৰাখি ২০২৫ চনৰ জানুৱাৰীৰ ভোটাৰ তালিকা পুনৰুদ্ধাৰ আৰু এক স্বতন্ত্ৰ ন্যায়িক তদন্ত আয়োগ গঠন কৰা, নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন (২০২৩) সংশোধন কৰি নাগৰিক সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে৷