নতুন দিল্লী
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে ভাৰতীয় উপকূলক্ষী বাহিনীৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো বিষয়া, জোৱান, আৰু তেওঁলোকৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ইনষ্টাগ্ৰামত ক’ষ্ট গাৰ্ডে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই বাৰ্তা শ্বেয়াৰ কৰি তেওঁৰ মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
নিজৰ আনুষ্ঠানিক বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ভূমিকাক ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে, উপকূলৰক্ষী বাহিনীয়ে দেশৰ সাগৰীয় সীমান্তৰ সুৰক্ষা, অবৈধ গতিবিধি প্ৰতিৰোধ, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তৎকালীন সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ জৰিয়তে নিৰন্তৰ প্ৰশংসনীয় অৱদান আগবঢ়াই আহিছে। তেওঁ বিশেষভাৱে সামুদ্ৰিক পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম সামুদ্ৰিক উন্নয়নত বাহিনীৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰী সিঙে কয়, ভাৰতীয় উপকূল সুৰক্ষা বাহিনীয়ে সদায়েই সক্ৰিয় আৰু সতৰ্ক হৈ দেশৰ উপকূলৰ সুৰক্ষা প্ৰদান কৰি আহিছে। অবৈধ সৰবৰাহ ৰোধ কৰা, সামুদ্ৰিক দুৰ্যোগৰ সময়ত লোকসকলৰ জীৱন ৰক্ষা কৰা, ৰাষ্ট্ৰীয় সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰা আদি সকলো ক্ষেত্ৰতে এই বাহিনীয়ে নিজৰ দক্ষতা প্ৰমাণ কৰিছে। তেওঁ সেনা জোৱানসকলৰ নিষ্ঠা, সাহস আৰু কৰ্তব্যনিষ্ঠাৰ শলাগ লয়।
২০২৬-২৭ বৰ্ষত স্বৰ্ণ জয়ন্তী বৰ্ষত প্ৰৱেশ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে, ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ভৱিষ্যতেও অত্যাধুনিক প্ৰযুক্তি, উদ্ভাৱন আৰু কাৰ্যকৰী উৎকৃষ্টতাৰ সৈতে সামুদ্ৰিক নিৰীক্ষণত অগ্ৰণী ভূমিকা পালন কৰি থাকিব। তেওঁ কয় যে, দেশৰ সমুদ্ৰ সীমান্তৰ সুৰক্ষা আৰু ৰাষ্ট্ৰ সেৱাৰ আদৰ্শ "আমি ৰক্ষাকৱচ"ক সম্পূৰ্ণ নিষ্ঠাৰে আগবঢ়াই নিব।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় উপকূল সুৰক্ষা বাহিনীৰ ৫০তম প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত ভাৰতৰ সামুদ্ৰিক সুৰক্ষাৰ সতৰ্ক প্ৰহৰী বুলি অভিহিত কৰি বাহিনীৰ প্ৰতি অসীম গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে, উপকূলৰক্ষী বাহিনী ভাৰতীয় জলক্ষেত্ৰৰ সুৰক্ষাৰ আধাৰশিলা আৰু ইয়াৰ ভূমিকা কেৱল সীমান্তৰ সুৰক্ষাত সীমাবদ্ধ নহয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে উপকূলৰক্ষী বাহিনীয়ে সমুদ্ৰৰ ওপৰত নিৰ্ভৰশীল জনগোষ্ঠী, মৎস্যজীৱী আৰু উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰ অভিযানত তৎপৰতাৰ বাবে উপকূলৰক্ষী বাহিনীৰ তৎপৰতা ৰাষ্ট্ৰৰ বাবে অমূল্য বুলি তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে, ভাৰতীয় উপকূলৰক্ষী বাহিনী ১৯৭৭ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। বিগত পাঁচ দশকত এই বাহিনী আধুনিক সম্পদ আৰু দক্ষ মানৱ শক্তিৰ সৈতে ভাৰতৰ সামুদ্ৰিক সুৰক্ষাৰ এক শক্তিশালী ঢাল হিচাপে পৰিগণিত হৈছে। ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ দেশতে উপকূল সুৰক্ষা বাহিনীৰ সাফল্য আৰু অৱদানক সন্মানসহকাৰে স্মৰণ কৰা হৈছে।