জালুকবাৰীত বিধ্বংসী অগ্নিকাণ্ড; একেটা পৰিয়ালৰ ৪ জনৰ কৰুণ মৃত্যু

Story by  atv | Posted by  [email protected] • 20 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷
 
এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৪ জনকৈ লোকৰ মৃত্যু হয় ৷ মৃত লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে ৷ এই অগ্নিকাণ্ডৰ ফলত উক্ত পৰিয়ালটোৰ চাৰি সদস্যৰ মৃত্যু হোৱাৰ লগতে জ্বলি চাৰখাৰ হৈ যায় তেওঁলোকৰ বাসগৃহটো ৷ লগতে এই অগ্নিকাণ্ডত জাহ যায় আন এটা বাসগৃহও৷
 
স্থানীয় লোকে জনোৱা অনুসৰি, বৃহস্পতিবাৰে মাজ নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীক।
 
খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে SDRF, NDRF আৰু আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত এই জুই নিয়ন্ত্ৰণ কৰে।
 
উল্লেখযোগ্য যে, মৃত লোককেইগৰাকী হৈছে- কুড্ডুছ আলী, কাজলী বেগম, ছফিকুল আলী, চাহিদ আলী। ইয়াৰে ভিতৰত শিশুৱো আছে। এখন হোটেলৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ। তাৰোপৰি শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ একাংশৰ।