নতুন দিল্লী
বলীউডৰ তাৰকাসকলৰ ঘৰত গুলীচালনাৰ ঘটনা যেন শেষ হোৱাৰ কোনো নামেই লোৱা নাই।ইয়াৰ পূৰ্বে ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছত কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত গুলীচালনা হৈছিল।আৰু এইবাৰ বলীউডৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰোহিত শ্বেট্টীৰ বাসগৃহত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
জানিব পৰা মতে শনিবাৰে নিশা ৰোহিত শ্বেট্টীৰ জুহুস্থিত বাসগৃহলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীচালনা কৰে। গভীৰ নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতে অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
এই ঘটনাৰ পিছত এতিয়া সমগ্ৰ উদ্যোগটোত হাহাকাৰ সৃষ্টি হৈছে।জানিব পৰা মতে ৰোহিত শ্বেট্টীৰ ঘৰৰ বাহিৰত চাৰি জাই গুলিৰ শব্দ শুনিবলৈ পোৱা গৈছিল।
জানিব পৰা মতে শনিবাৰে নিশা যেতিয়া গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিল, সেই সময়ত ঘৰত উপস্থিত হৈছিল ৰোহিত শ্বেট্টী।ৰোহিত শ্বেট্টীয়ে সমগ্ৰ পৰিয়ালৰ সৈতে শ্বেটী টাৱাৰত থাকে।
এতিয়া এই গোচৰত এফআইআৰ ৰুজু হৈছে আৰু মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ দলে তদন্ত আৰম্ভ কৰিছে।প্ৰাথমিক তদন্তত জানিব পৰা মতে, মাত্ৰ এজন অভিযুক্তই এই গুলীচালনা কৰিছিল।
উল্লেখযোগ্য যে, ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰই জনোৱা মতে, এই গুলীচালনাৰ ঘটনাৰ সৈতে গেংষ্টাৰৰ লিংক থকাৰ সন্দেহ কৰা হৈছে। ৰোহিত শ্বেট্টীৰ ঘৰত হোৱা এই ঘটনাই এতিয়া তেওঁৰ অনুৰাগী সকলক চিন্তিত কৰিছে। এই ঘটনাক লৈ এতিয়ালৈকে ৰোহিত শ্বেট্টীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।