বেংগালুৰুত কৰ্মৰত অসমৰ ৪ যুৱকৰ ৰহস্যজনক মৃত্যু

Story by  atv | Posted by  [email protected] • 7 h ago
বেংগালুৰুত কৰ্মৰত অসমৰ ৪ যুৱকৰ ৰহস্যজনক মৃত্যু
বেংগালুৰুত কৰ্মৰত অসমৰ ৪ যুৱকৰ ৰহস্যজনক মৃত্যু
 
গুৱাহাটী
 
পেটৰ তাড়নাত বেংগালুৰুৰ উদ্যোগত শ্রমিক হিচাপে কাম কৰিবলৈ যোৱা লখিমপুৰ জিলাৰ চাৰি যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে এটা বন্ধ কুঠৰীত। কোকা-কোলাৰ ৱেৰ হাউছত কাম কৰা এই চাৰি যুৱকৰ মৃতদেহ এটা কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যত সৃষ্টি কৰিছে তীব্র চাঞ্চল্য। বেংগালুৰুৰ গ্ৰাম্য জিলাৰ চুলিবেলে থানাৰ অন্তর্গত হোছকোটে তালুকৰ অন্তৰ্গত মুটচন্দ্ৰা গাঁৱৰ এটা ভাড়া কোঠাত মৃতদেহ উদ্ধাৰ হোৱা যুৱককেইজন হ'ল লখিমপুৰ জিলাৰ নৰেন্দ্ৰ টাইদ (২২), ধনঞ্জয় টাইদ (২৩), ডাক্তৰ টাইদ (২০) আৰু জয়ন্ত চিন্তে (২২)। নৰেন্দ্র, ধনঞ্জয় আৰু ডাক্তৰৰ ঘৰ ঢকুৱাখনাৰ বৰ্ষামুখ গাঁৱত।
 
জয়ন্তৰ ঘৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত শালমৰা গাঁৱত। কালি নিশা এই চাৰি যুৱকৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত তেওঁলোকৰ ভাড়াৰ কোঠাটোৰ ভিতৰত উদ্ধাৰ হয়। কোকা-কোলাত শ্রমিক হিচাপে নিয়োজিত চাৰি যুৱকক কালি নিশা কাষৰ কোঠাত থকা আন এজন লখিমপুৰৰ যুৱকে বাহিৰৰ পৰা মাতি সঁহাৰি পোৱা নাছিল। কোঠাটোৰ ভিতৰৰ পৰা খাদ্য প্রস্তুতৰ গোন্ধ আহিছিল। বহুপৰ মতাৰ পিচতো সঁহাৰি নোপোৱাত অৱশেষত দুৱাৰ ভাঙি চাৰিওজনকে মজিয়াত পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে। লগে লগে হুৱা-দুৱা লাগে ভাড়া ঘৰৰ চৌহদটোত। খবৰ দিয়া হয় স্থানীয় চুলিবেলে থানাত।
 
বেংগালুৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চাৰি যুৱকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে আৰু আৰম্ভ কৰে প্ৰাথমিক তদন্ত। আৰক্ষীয়ে সন্দেহ কৰিছে সৰু বন্ধ কোঠাটোত খাদ্য প্ৰস্তুত কৰাৰ ফলত অক্সিজেনৰ অভাৱ হৈ চাৰি যুৱক প্ৰথমতে অচেতন হয় আৰু তাৰ পিচত তেওঁলোকৰ মৃত্যু হয়। আৰক্ষীয়ে লগতে যুৱক চাৰিজনৰ খাদ্যত বিষক্রিয়া হৈয়ো মৃত্যু হ'ব পাৰে বুলি সন্দেহ কৰিছে। যদি খাদ্যত বিষক্রিয়া হৈছিল, তেনেহ'লে কোনে মিহলাইছিল বিষ। এই ঘটনাত আন কোনো পক্ষ জড়িত হৈ আছে নেকি? সেই দিশটোও তদন্তৰ আওতালৈ আহিছে।
 
ইতিমধ্যে স্থানীয় আৰক্ষীয়ে মৃতদেহ চাৰিটাৰ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে নিযুক্তি আৰু সংস্থাপনৰ জয়ঢোল কোবোৱাৰ সময়তে অসমৰ হেজাৰ হেজাৰ যুৱকে পেটৰ তাড়নাত বেংগালুৰু, কেৰালা, তামিলনাডু আদি বিভিন্ন ৰাজ্যত শ্রমিক হিচাপে কাম কৰিবলৈ ৰাওনা হোৱাৰ বাবে বাধ্য হৈছে। এইদৰে কৰ্মসংস্থাপন বিচাৰি যোৱা নাইবা বহিঃৰাজ্যৰ উদ্যোগ প্রতিষ্ঠানত কাম কৰি ঘৰলৈ ওভতাৰ পথত প্রায়ে ৰে'লত অসমীয়া যুৱক মৃত্যুমুখত পৰা ঘটনা সম্প্রতি সুলভ হৈ পৰিছে। বেংগালুৰুত লখিমপুৰৰ চাৰি যুৱকে ৰহস্যজনক পৰিস্থিতিত প্রাণ হেৰুওৱাৰ ঘটনাই স্বাভাৱিকতে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহতা আৰু চৰকাৰী সংস্থাপনৰ প্ৰকৃত ছবিখন প্রকট কৰিছে।
 
বেংগালুৰুৰ মুটচন্দ্ৰা গাঁৱৰ যিটো ভাড়াৰ কোঠাত যুৱক চাৰিজনৰ মৃতদেহ উদ্ধাৰ হৈছে, সেই কোঠাটোৰ পৰিবেশ চালেই বুজা যায় যে পেটৰ তাড়নাত অসমীয়া যুৱকে এটা সৰু কুঠৰীত কিদৰে জীৱন অতিবাহিত কৰিবলগা হৈছে। কোঠাটো আছিল তেনেই সৰু। চাৰিওজনে মজিয়াত শুইছিল। তাতে খাদ্যও প্রস্তুত কৰিছিল। দুৱাৰখনৰ বাহিৰে এখন সৰু খিৰিকী আছিল। বাহিৰৰ পৰা কোঠাটোত বতাহ সোমোৱাৰ আন কোনো সুৰুঙা নাছিল। সেয়ে খাদ্য প্রস্তুতৰ সময়ত ধোঁৱাৰ সৃষ্টি হৈ কোঠাটোৰ ভিতৰত অক্সিজেনৰ পৰিমাণ হ্রাস কৰাত চাৰিওজন যুৱক প্রথমে অচেতন আৰু পৰৱৰ্তী সময়ত মৃত্যুমুখত পৰা বুলি সন্দেহ কৰা হৈছে। মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই ইতিমধ্যে অসম আৰক্ষীক বেংগালুৰুৰ আৰক্ষী আয়ুক্তৰ সৈতে যোগাযোগ কৰি ঘটনাটোৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে।
 
তেওঁ আজি এই সন্দর্ভত কয় যে অসম চৰকাৰে চাৰি যুৱকৰ মৃতদেহ সন্মানসহকাৰে ওভতাই অনাৰ ব্যৱস্থা কৰিব। মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই ঘটনাটো সন্দর্ভত আজি নিশা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতেও কথা পাতিব বুলি সদৰী কৰিছে। বেংগালুৰুৰ অসম ছ'চাইটিয়ে ঘটনাটো সন্দর্ভত স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰা বুলিও জনা গৈছে।লখিমপুৰ জিলাৰ চাৰি যুৱকৰ মৃতদেহ বেংগালুৰুৰ এটা বন্ধ কোঠাত উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু গভীৰ শোকৰ ছাঁ পেলাইছে। নিহত যুৱক চাৰিজনৰ নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ আৰু ডাক্তৰ টাইদৰ ঘৰ ঢকুৱাখনাৰ নামনি বর্ষামুখ গাঁৱত।
 
জয়ন্ত চিন্তেৰ ঘৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত শালমৰা গাঁৱত। চাৰি যুৱকৰ পৰিয়ালে কালি নিশা এই দুঃসংবাদ লাভ কৰাৰ পিচতে তেওঁলোক শোকত ভাগি পৰিছে। শালমৰাৰ জয়ন্ত চিন্তে আঠ মাহ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল। ছমাহ আগতে তেওঁ কর্মসংস্থাপন বিচাৰি বেংগালুৰুলৈ গৈছিল। তেওঁৰ শোকদগ্ধ পত্নীয়ে জানিবলৈ দিয়া মতে কালি সন্ধিয়া তেওঁ গিৰিয়েকৰ সৈতে ম'বাইলত কথা পাতিছিল। তেওঁ ভাড়াৰ কোঠাত থকা বুলি জনাইছিল আৰু খাদ্য প্ৰস্তুত কৰাৰ বিষয়ে অৱগত কৰিছিল। লক্ষণীয়ভাৱে নিশা কোঠাটোত দেখা গৈছে যে তেওঁলোকে প্ৰস্তুত কৰা আহাৰ খোৱা নাছিল আৰু বন্ধন গেছৰ চিলিণ্ডাৰ অন হৈ আছিল।
 
একেটা চৌহদতে থকা লখিমপুৰৰ আন এজন যুৱকে কালি নিশা পৰিয়ালকেইটাক এই দুঃসংবাদ দিয়ে। নবেন্দ্র, ধনঞ্জয়, ডাক্তৰ আৰু জয়ন্ত থকা কোঠাটোৰ দাঁতিতে থকা লখিমপুৰৰ আন এজন যুৱকে কালি কর্মক্ষেত্রলৈ গৈছিল। নিশা উভতি আহি তেওঁ নৰেন্দ্ৰহঁতক মৃত অৱস্থাত প্রত্যক্ষ কৰে। এই ঘটনাই বেংগালুৰুৰ উদ্যোগ প্রতিষ্ঠানত কৰ্মৰত অসমৰ যুৱকসকলক শংকিত কৰি তুলিছে। স্থানীয় আৰক্ষীৰ উচিত তদন্ততহে এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।