নেৰানেপেৰা বৰষুণে জটিল কৰি তুলিছে অৰুণাচলৰ পৰিস্থিতি; ৫ জিলাত নতুনকৈ বান আৰু ভূমিস্খলন

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ইটানগৰ
 
নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশত বান আৰু ভূমিস্খলনৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ পাঁচখন জিলাত নতুনকৈ বান আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ ফলত ঘৰ-বাৰী, পথ, দলং আৰু জলসিঞ্চন ব্যৱস্থাৰ বিস্তৰ ক্ষতি সাধন হৈছে। ৰাজ্যজুৰি বৰ্তমান এই দুৰ্যোগত ১,০৩,৮৬০ জন লোক ক্ষতিগ্ৰস্ত হৈছে। 
 
অৰুণাচল প্ৰদেশ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বৃহস্পতিবাৰে সন্ধিয়া প্ৰকাশ কৰা দৈনিক প্ৰতিবেদন অনুসৰি, নতুনকৈ ইষ্ট কামেং, আপাৰ সোৱণশিৰি, আপাৰ ছিয়াং, কামলে আৰু ক্ৰা দাডি জিলাত বান আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। 
 
ইষ্ট কামেং জিলাৰ চেপ্পা আৰু বামেং, আপাৰ সোৱণশিৰিৰ ডাপৰিজো, আপাৰ ছিয়াঙৰ মাৰিয়াং, মিগিং আৰু টুটিং, কামলে জিলাৰ গেপেন, পুচিগেকো আৰু ৰাগা, আৰু ক্ৰা দাডি জিলাৰ টালি অঞ্চল অধিক ক্ষতিগ্ৰস্ত হৈছে। 
 
বিষয়াসকলে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত ইষ্ট কামেং জিলাত ৬৪০ জন আৰু কামলে জিলাত ৫৩ জন লোক নতুনকৈ বান আৰু ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে।
 
এই প্ৰাকৃতিক দুৰ্যোগত ইষ্ট কামেং জিলাৰ বহু পথ আৰু নলা-নৰ্দমা ক্ষতিগ্ৰস্ত হৈছে। আপাৰ ছিয়াঙত ১৩টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প, জলসিঞ্চন নলা আৰু এটা বান প্ৰতিৰোধী প্ৰাচীৰ ধ্বংস হৈছে। কামলে জিলাত তিনিখন দলং, আৰু ক্ৰা দাডি জিলাত এখন দলং আৰু দুখন ৰিটেইনিং ৱাল ক্ষতিগ্ৰস্ত হৈছে। 
 
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, বৰ্তমানলৈকে এই বান আৰু ভূমিস্খলনত ৭ জন লোকৰ মৃত্যু হৈছে আৰু ২৯ জন আহত হৈছে।
 
আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আপাৰ ছিয়াং জিলা, য'ত ৪৯,২৫৯ জন লোক প্ৰভাৱিত হৈছে। ইয়াৰ পিছতে আছে ছিয়াং (২৫,৩৬৫), ক্ৰা দাডি (১৩,৭৩১), ইষ্ট কামেং (৬,৭৮৬), আপাৰ সোৱণশিৰি (৩,৪৬৭), নামছাই (২,৬৫৭) আৰু আঞ্জাও (১,০১১)।
 
দুৰ্যোগত ৰাজ্যজুৰি ৮০৪টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত ৬১৪টা কেঁচা ঘৰ আৰু ১২০টা পকী ঘৰ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও পথ, দলং, বিদ্যুৎ আন্তঃগাঁথনি, বিদ্যালয়, চিকিৎসালয়, চৰকাৰী ভৱন, পানী যোগান আঁচনি আৰু বান প্ৰতিৰোধী ব্যৱস্থাৰো ব্যাপক ক্ষতি হৈছে।
 
কৃষি আৰু উদ্যান শস্য খণ্ডতো বৃহৎ ক্ষতি হৈছে। বৰ্তমানলৈকে ৬০৩.৭৫ হেক্টৰ ভূমিৰ ক্ষতি হৈছে, যাৰ ভিতৰত ২৪০ হেক্টৰ কৃষিভূমি আৰু ৩৬৩.৭৫ হেক্টৰ উদ্যান শস্যৰ খেতি অন্তৰ্ভুক্ত। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অহা ৩ দিনলৈ অৰুণাচল প্ৰদেশত বৰষুণ অব্যাহত থকাৰ পূৰ্বাভাস দিছে। 
 
শুকুৰবাৰৰ বাবে পাপুম পাৰে, তিৰাপ আৰু চাংলাং জিলাত বজ্ৰ-বিদ্যুৎসহ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। শনিবাৰৰ বাবে লংডিং, ইষ্ট ছিয়াং, ল'ৱাৰ সোৱণশিৰি, পাপুম পাৰে, তিৰাপ আৰু চাংলাং জিলালৈও এই সতৰ্কবাণী সম্প্ৰসাৰণ কৰা হৈছে। লগতে লহিত আৰু পাপুম পাৰে জিলাত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। 
 
আইএমডিয়ে জিলা প্ৰশাসন আৰু সাধাৰণ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে সতৰ্ক কৰি দিছে যে, অব্যাহত বৰষুণৰ ফলত ভূমিস্খলন, আকস্মিক বান, জলাবদ্ধতা আৰু পথ যোগাযোগ ব্যৱস্থাত ব্যাঘাত ঘটিব পাৰে। অৱশ্যে দেওবাৰৰ পৰা বতৰৰ কিছু উন্নতি হোৱাৰ সম্ভাৱনা আছে আৰু সোমবাৰৰ ভিতৰত অধিকাংশ জিলাত সতৰ্কবাণী হ্ৰাস পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।