ইছলামিক দেশসমূহে সঘনাই ব্যক্তিগত আইনসমূহ সলনি কৰে; ভাৰতত বিৰোধীতা কিয়?

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
সমীৰ শ্বেইখ / পুনে
 
ধৰ্ম আৰু ৰীতি-নীতিৰ বৈচিত্ৰ্যৰ বাবে ভাৰত পৰিচিত। কিন্তু সকলো নাগৰিকৰ বাবে আইন একে হ’ব লাগে। সেইবাবেই ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদত একেধৰণৰ নাগৰিক সংহিতা প্ৰৱৰ্তনৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ বাবে ভাৰতত বহু বিতৰ্কৰ সৃষ্টি হৈছে। সমগ্ৰ দেশতে বেছিভাগ দেৱানী আৰু অপৰাধমূলক আইন একে হ’লেও, ব্যক্তিগত আইন প্ৰতিটো ধৰ্মৰ বাবে পৃথক পৃথক। এই ব্যক্তিগত আইনসমূহে বিবাহ, বিবাহ বিচ্ছেদ, দত্তক লোৱা আৰু উত্তৰাধিকাৰক সামৰি লয় আৰু প্ৰতিটো ধৰ্মৰ বাবেই অনন্য। উদাহৰণস্বৰূপে, মুছলমানসকলৰ নিজস্ব আইন আছে, যিবোৰ মুছলমান ব্যক্তিগত বা শ্বৰীয়ত আবেদন আইন ১৯৩৬ত উল্লেখ কৰা হৈছে।
 
শ্বৰীয়ত হৈছে বহু মুছলমানে পালন কৰা ৰীতি-নীতি, নিয়ম আৰু পৰম্পৰাৰ এক গোট। ব্যক্তিগত আইনৰ বাহিৰে আন আইনসমূহ সকলো ভাৰতীয়ৰ বাবে সাধাৰণ। দুৰ্ভাগ্যজনকভাৱে জ্ঞানৰ অভাৱ বা ভিত্তিহীন ভয়ৰ বাবে বহু মুছলমানে ইয়াক  ভুলকৈ বিশ্বাস কৰে যে ১৯৩৭ চনৰ ব্যক্তিগত আইনখন শ্বৰীয়তৰ সৈতে একে আৰু অপৰিৱৰ্তনীয়। কিন্তু সময়ৰ লগে লগে মুছলমান সংখ্যাগৰিষ্ঠ গণতন্ত্ৰ আৰু ইছলামিক শ্বৰীয়ত ভিত্তিক ৰাষ্ট্ৰ দুয়োখনেই ইছলামিক আইনত পৰিৱৰ্তন আনিছে
 
বোৰ্খা পিন্ধা কেইগৰাকীমান মুছলমান মহিলা
 
ইছলামিক আইন সংস্কাৰ এতিয়াও ইছলামিক দেশসমূহতো এক ভয়ংকৰ আৰু বিতৰ্কিত বিষয় হৈয়ে আছে। শ্বৰীয়ত, ইছলামিক ধৰ্মীয় আইন, আধুনিক আইনী ব্যৱস্থা, মানৱ অধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষাৰ কঠিন কামটো এক প্ৰত্যাহ্বান। শ্বৰীয়ত মূলতঃ কোৰআন, চুন্নাহ (হজৰত মহম্মদৰ বাক্য আৰু আচাৰ-ব্যৱহাৰ), আৰু ফিকহ (মুছলমান পণ্ডিতসকলৰ বুজাবুজিৰ ওপৰত ভিত্তি কৰি শ্বৰীয়তৰ ব্যাখ্যা)ৰ পৰা উদ্ভৱ হৈছে। ইয়াত কেৱল আইনী নিয়মেই নহয়, মুছলমানসকলৰ বাবে নৈতিক আৰু আধ্যাত্মিক নীতিও সন্নিবিষ্ট কৰা হৈছে। শ্বৰীয়ত অপৰিৱৰ্তনীয় বুলি এটা সাধাৰণ ধাৰণা আছে যদিও আচলতে ই ঐশ্বৰিক, অপৰিৱৰ্তনীয় বা সাৰ্বজনীন নহয়। ই এক বিকশিত পৰম্পৰা। ভৌগোলিক আৰু সামাজিক পৰিস্থিতি অনুযায়ী ইয়াক সংশোধন কৰা হৈছে।
 
বহু ইছলামিক দেশত শ্বৰীয়ত আইন ফিকহৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰা হয় আৰু ইয়াৰ পৰিসৰ, বিষয়বস্তু আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বহু পৰিমাণে ভিন্নতা থাকিব পাৰে। কিছুমান দেশ যেনে  ছৌদি আৰৱ আৰু ইৰাণত শ্বৰীয়ত আইনৰ একমাত্ৰ উৎস হ’ব লাগে। আনহাতে ইজিপ্ত আৰু পাকিস্তানৰ দৰে কিছুমান দেশত দেৱানী আৰু শ্বৰীয়ত আইন মিশ্ৰিত ব্যৱস্থা আছে। আনহাতে তুৰস্ক আৰু টিউনিছিয়াৰ দৰে মুছলমান সংখ্যাগৰিষ্ঠ দেশত নূন্যতম শ্বৰীয়ত থকা ধৰ্মনিৰপেক্ষ আইনী ব্যৱস্থা আছে।
 
মুছলিম ব্যক্তিগত আইন ব’ৰ্ডৰ সদস্যসকলৰ এক বৈঠক
 
শেহতীয়া বছৰবোৰত ইছলামিক দেশসমূহত পৰিয়াল আইনৰ বহু সংস্কাৰ ঘটিছে। এই সংস্কাৰসমূহৰ লক্ষ্য প্ৰায়ে নাৰীৰ অধিকাৰ, বাল্যবিবাহ, বহুবিবাহ, বিবাহ বিচ্ছেদৰ অধিকাৰ আৰু সম উত্তৰাধিকাৰ আদি বিষয়সমূহৰ সমাধান কৰা। কিন্তু এই সংস্কাৰসমূহে শ্বৰীয়তৰ কৰ্তৃত্বক ভেঙুচালি কৰিছে আৰু ইছলামৰ নীতি-নিয়ম উলংঘা কৰিছে বুলি ৰক্ষণশীল বা মৌলবাদী গোটৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে। তথাপিও পৰিয়াল আইন সংস্কাৰৰ প্ৰক্ৰিয়া অব্যাহত আছে, মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, দত্তক লোৱা, ঘৰুৱা হিংসাৰ পৰা সুৰক্ষা আদিৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সংস্কাৰসমূহে লিংগ সমতা আৰু সামাজিক ন্যায়ৰ প্ৰসাৰ ঘটাই শ্বৰীয়ত আইন ৰক্ষা কৰাটো নিশ্চিত কৰে। এনে সংস্কাৰৰ কিছু উদাহৰণ ইয়াত উল্লেখ কৰা হ’ল। 
 
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে ১৯৬১ চনৰ মুছলিম পৰিয়াল আইন অধ্যাদেশৰ বিভিন্ন সংস্কাৰ ৰূপায়ণ কৰিছে, যেনে- বহুবিবাহৰ বাবে বৰ্তমানৰ পত্নীৰ লিখিত সন্মতি লোৱা আৰু ন্যায়িক বিবাহ বিচ্ছেদৰ সুবিধা আৰু পাৰিবাৰিক বিবাদ সমাধানৰ বাবে পৰিয়াল আদালত স্থাপন কৰা। ৰাজনৈতিক অস্থিৰতাৰ মাজতো এখন উগ্ৰ চৰকাৰৰ ক্ষমতালৈ অহাৰ ফলত এই সংস্কাৰবোৰ উলটিব পৰা নাই যদিও ইয়াৰ অগ্ৰগতি লেহেমীয়া হৈছে। ধৰ্মীয় দলসমূহে সাংবিধানিক ভিত্তিত সংস্কাৰক প্ৰত্যাহ্বান জনাই আদালতত হেঁচা প্ৰয়োগ কৰিছে।
 
প্ৰতিনিধিত্বমুলক ছবি
 
২০০০ চনত আৰৱ ৰাষ্ট্ৰৰ ভিতৰত বৃহত্তম ৰাষ্ট্ৰ ইজিপ্তই নিজৰ ইছলামিক আইন সংস্কাৰ কৰি মহিলাসকলক একপক্ষীয় বিবাহ বিচ্ছেদ (খুলা)ৰ অধিকাৰ প্ৰদান কৰে আৰু তেওঁলোকৰ আৰ্থিক অধিকাৰ অক্ষুণ্ণ ৰাখে। পুৰুষ আৰু মহিলা উভয়ৰে বাবে বিবাহৰ নূন্যতম বয়স আঠাইশলৈ বৃদ্ধি কৰা হৈছে, শিশুৰ তত্ত্বাৱধান ১৫ বছৰ বয়সলৈকে মহিলাগৰাকীৰ লগত থাকিব। যদিও কিছুমান ধৰ্মীয় পণ্ডিত আৰু কৰ্মীয়ে এই সংস্কাৰক শ্বৰীয়ত উলংঘা আৰু পুৰুষৰ মূল্যত 'মহিলাৰ সবলীকৰণ' বুলি ভাবে, তথাপিও ব্যৱস্থাটোৱে মুছলমান ব্যক্তিগত আইন সংস্কাৰৰ কামত অটল হৈ আছে।  
 
টিউনিছিয়া মুছলমান প্ৰধান দেশ যদিও ইয়াত গণতান্ত্ৰিক ব্যৱস্থা আছে। ১৯৫৬ চনৰ ব্যক্তিগত সংহিতাই বহুবিবাহ বিলুপ্ত কৰি স্বামী-স্ত্ৰী উভয়ৰে বাবে আদালতৰ জৰিয়তে বিবাহ বিচ্ছেদৰ ব্যৱস্থা কৰিছিল। ইয়াৰ উপৰিও মহিলাসকলক পুৰুষৰ দৰেই উত্তৰাধিকাৰীত্বৰ অধিকাৰ আৰু সমান আইনী মৰ্যাদা প্ৰদান কৰা হৈছিল। টিউনিছিয়াত বাল্য বিবাহ আৰু নাৰীৰ যৌনাংগ বিকৃতি নিষিদ্ধ কৰা হৈছে আৰু এই সংস্কাৰসমূহক প্ৰগতিশীল আৰু ইছলামৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি বহুলভাৱে প্ৰশংসা কৰা হৈছে। কিন্তু একাংশ ইছলামিক গোটে এই পৰিৱৰ্তনৰ বিৰোধিতা কৰি কয় যে শ্বৰীয়ত আইনৰ একমাত্ৰ ভিত্তি হ’ব লাগে। বিৰোধিতাৰ মাজতো টিউনিছিয়াই সংস্কাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে।
 
 
মুছলমান বিবাহৰ প্ৰতিনিধিত্বমূলক ছবি
 
শ্বৰীয়ত নিৰ্দিষ্ট বা একেধৰণৰ নহয় আৰু ইয়াৰ বহু উদাহৰণ আছে। ইছলামিক দেশসমূহৰ মুছলমানসকলে নিজৰ আইনসমূহৰ সংস্কাৰ আৰু বিকাশ অহৰহ কৰি আছে, যাৰ ফলত সেইবোৰ বৈচিত্ৰ্যপূৰ্ণ আৰু নিত্য পৰিৱৰ্তিত হৈ পৰিছে। এই প্ৰক্ৰিয়াটো ঐতিহাসিক, ৰাজনৈতিক, সামাজিক, ধৰ্মীয় প্ৰেক্ষাপটৰ দ্বাৰা গঢ় লৈ উঠিছে। আধুনিক আইনত শ্বৰীয়ত প্ৰয়োগ কৰা হৈছে যদিও পৰিৱৰ্তন যাতে লাভজনক হয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।
 
গতিকে ভাৰতীয় মুছলমানসকলেও আন ইছলামিক জাতিৰ দৰেই শ্বৰীয়ত তৰল বুলি ধাৰণাটোৰ প্ৰতি মুকলি হ’ব লাগে আৰু মুছলমান সত্যশোদক মণ্ডল আৰু ভাৰতীয় মহিলা আন্দোলনৰ দৰে আন্দোলন সৃষ্টি আৰু শক্তিশালী কৰি মুছলমান ব্যক্তিগত আইনৰ সংস্কাৰ আৰম্ভ কৰাৰ প্ৰচেষ্টা চলাব লাগে। যাতে এক শতিকাৰো অধিক সময় ধৰি বিচাৰাধীন হৈ থকা মুছলমান ব্যক্তিগত আইনৰ সংস্কাৰ আৰম্ভ হয়।