ব্ৰিকছৰ গালা ডিনাৰ মেনুৰ মুখ্য আকৰ্ষণ মিলেট পুলাও, পানীৰ লাবাবদাৰ, শাহতূত ফিৰনী

Story by  atv | Posted by  Munni Begum • 2 h ago
ব্ৰিকছ সন্মিলন
ব্ৰিকছ সন্মিলন
 
নতুন দিল্লী
 
শনিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বিশেষ নৈশভোজত বিশ্বৰ বিভিন্ন দেশৰ নেতা আৰু প্ৰতিনিধিসকলক ভাৰতীয় বিভিন্ন সুস্বাদু ব্যঞ্জন পৰিৱেশন কৰা হয়। ইয়াৰ ভিতৰত আছিল 'পনীৰ লাবাবদাৰ', 'গুচ্চি মাৰ্মিক', 'মিলেট পুলাও' আৰু মিঠাই হিচাপে 'শাহতূত ফিৰনী'।
 
এই বিশেষ অনুষ্ঠান উপলক্ষে অত্যাধুনিক ভাৰত মণ্ডপম সুন্দৰভাৱে সজাই তোলা হৈছিল। ভাৰতে ১২ আৰু ১৩ ছেপ্টেম্বৰত মধ্য দিল্লীৰ বিশাল ভাৰত মণ্ডপমত ব্ৰিকছ শীৰ্ষ সন্মিলন আয়োজন কৰিছে। সন্মিলনৰ প্ৰথম দিনটোত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধান আৰু বহুতো বিশিষ্ট অতিথি উপস্থিত থাকে। 
 
এই বিশেষ নৈশভোজৰ আৰম্ভণিতে পৰিৱেশন কৰা হৈছিল ‘খাণ্ডৱী মিল’ আৰু ‘খুম্ব গালৌটি’। ‘খাণ্ডৱী মিল’ হৈছে বেচনেৰে ভাপত সিজোৱা পাতল ৰোলৰ দৰে এবিধ সুস্বাদু খাদ্য। ইয়াক সৰিয়হ, নাৰিকল আৰু নৰসিংহ পাতেৰে সুন্দৰভাৱে সজাই, লগতে কেশৰ-মিশ্ৰিত আম, মাইক্ৰ’-গ্ৰীনছ আৰু দৈৰ ড্ৰেছিঙৰ সৈতে পৰিৱেশন কৰা হৈছিল। 
 
আনহাতে, ‘খুম্ব গালৌটি’ হৈছে কোমলকৈ পেনত গ্ৰীল কৰা কাঠফুলাৰ কাবাব। ইয়াক পদিনাৰ সৰু সৰু মুকুতাৰ দৰে বল আৰু শ্বীৰমাল ৰুটিৰ সৈতে পৰিৱেশন কৰা হৈছিল। মূল খাদ্যৰ তালিকাত আছিল ‘পনীৰ লাবাবদাৰ’। যি কোমল পনীৰৰ টুকুৰা শ্যালট পিঁয়াজ আৰু বিলাহীৰে তৈয়াৰ কৰা ঘন আৰু সুস্বাদু গ্ৰেভিত ৰন্ধা হৈছিল।   
 
ইয়াৰ লগতে আছিল ‘গুচ্চি মাৰ্মিক’ হিমালয়ৰ সুস্বাদু ম’ৰেল কাঠফুলা আৰু কোমল এছপাৰাগাছ কেশৰ, কিচমিচ আৰু উন্নত মানৰ মামৰা আলমণ্ডৰ সৈতে লাহে লাহে ৰন্ধা হৈছিল। আৰু আছিল ‘কেৰট বিন প’ৰিয়াল’। যি গাজৰ আৰু সেউজীয়া বিন দক্ষিণ ভাৰতীয় সুগন্ধি মছলাৰে ভজা হৈছিল। ইয়াক হাতেৰে তৈয়াৰ কৰা বিশুদ্ধ নাৰিকল তেলত ৰান্ধি ওপৰত সতেজকৈ কটা নাৰিকল দিয়া হৈছিল।
 
ইয়াৰ উপৰি মেনুত আছিল 'থাক্কালি বেলে ছাৰু' ৰহৰ দালি, সতেজ বিলাহী আৰু নৰসিংহ পাতেৰে তৈয়াৰ কৰা পাতল আৰু সুগন্ধি দাইল। মিলেট পুলাও সুগন্ধি বাছমতী চাউল আৰু পাৰ্ল মিলেট বিভিন্ন মছলা আৰু ঋতুভিত্তিক সুগন্ধি উপকৰণৰ সৈতে ৰন্ধা হৈছিল। বিটৰূট ৰায়তা হিচাপে ঠাণ্ডা দৈৰ সৈতে বিটৰূট আৰু সতেজ বনৌষধি পৰিৱেশন কৰা হৈছিল। লগতে বিভিন্ন ধৰণৰ ভাৰতীয় ৰুটিও মেনুত আছিল।
 
মিঠাইৰ ক্ষেত্ৰত অতিথিসকলৰ বাবে আছিল ‘পুৰণি দিল্লীৰ ফ্ৰুট ক্ৰীম উইথ জিলাপী’ ঋতুভিত্তিক সতেজ ফল আৰু পাতলকৈ ফেটি লোৱা ক্ৰীমৰ সৈতে মচমচীয়া জিলাপী পৰিৱেশন কৰা হৈছিল। শেষত আছিল ‘শাহতূত ফিৰনী’। যি গাখীৰ আৰু চাউলেৰে লাহে লাহে ৰন্ধা সুস্বাদু পায়সজাতীয় মিঠাই। ইয়াৰ ওপৰত মিঠা শাহতূত (mulberry) দি সুন্দৰভাৱে সজোৱা হৈছিল। 
 
এই বিশেষ নৈশভোজৰ সময়ত ভাৰতৰ লগতে ব্ৰিকছৰ আন সদস্য দেশসমূহৰ পৰা অহা ১০০ৰো অধিক শিল্পীৰে গঠিত এটা বিশেষ সাংস্কৃতিক দলে সংগীত আৰু নৃত্য পৰিৱেশন কৰে।