গুৱাহাটী
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাক আলোকপাত কৰি উল্লেখ কৰে যে, ক্ৰমাৎ ভাৰতত সেউজীয়া বাতাৱৰণ আৰু বহু দুষ্প্ৰাপ্য প্ৰাণীৰ জনসংখ্যা বৃদ্ধি হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো ভাৰতীয় নাগৰিকক উদ্দেশ্য কৰি এক্সত এক পোষ্ট কৰে৷ তেওঁ কয়, "বিশ্ব পৰিৱেশ দিৱসত সকলোকে শুভেচ্ছা জনালোঁ। পৰিৱেশ সংৰক্ষণৰ প্ৰতি আকৰ্ষিত সকলোকে মই শলাগ ল'ব বিচাৰিছো।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, "আমাৰ পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ সংকল্পক পুনৰ দৃঢ় কৰাৰ দিন এয়া। বিগত দশকত আমাৰ চৰকাৰে কৰা অসংখ্য প্ৰচেষ্টাৰ ফলত ভাৰতে কিছুমান ডাঙৰ সফলতা লাভ কৰিছে৷ যাৰ ভিতৰত সেউজ আৱৰণৰ সম্প্ৰসাৰণ আৰু বহু প্ৰাণীৰ জনসংখ্যা বৃদ্ধি। সামূহিক প্ৰচেষ্টা, নীতি আৰু বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি থকা বিশ্বাসৰ দ্বাৰা আমাৰ পৰিৱেশ উন্নত কৰিব পৰা যায়, সেই কথা ভাৰতৰ জনসাধাৰণে প্ৰমাণ কৰিছে।"
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত এটা পোষ্ট কৰে৷ তেওঁ পোষ্টটোত কয়, "প্ৰকৃতি আমাৰ অস্তিত্বৰ আধাৰ। সেয়েহে পৰিৱেশ সংৰক্ষণৰ দায়িত্বও আমাৰ সকলোৰে। আজি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটিত সেউজীয়া আৰু সুস্থ পৃথিৱী গঢ়াৰ বাবে আহক আমি সকলোৱে সংকল্প লওঁ। এগৰাকী সজাগ নাগৰিক হিচাপে অন্ততঃ এটিকৈ গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ মনোভাবেৰে আহক আমি এক সেউজ, নিৰ্মল আৰু বাসযোগ্য ভৱিষ্যৎ গঢ়াৰ দিশে আগবাঢ়ো।"