মুম্বাইত ধাৰাষাৰ বৰষুণৰ ফলত নিহত ৬, আহত ১ জন; সোমবাৰে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

Story by  atv | Posted by  [email protected] • 1 h ago
মুম্বাইত ধাৰাষাৰ বৰষুণৰ ফলত নিহত ৬, আহত ১ জন
মুম্বাইত ধাৰাষাৰ বৰষুণৰ ফলত নিহত ৬, আহত ১ জন
 
নতুন দিল্লী
 
মুম্বাইৰ মানখুর্দ অঞ্চলত দেওবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতে তিনি মহলীয়া ছাদ খহি পৰাত প্ৰায় ৬ জন লোক নিহত হোৱাৰ লগতে এজন আহত হয়।
 
বৃহনমুম্বাই পৌৰ নিগমৰ বিষয়াসকলে সদৰী কৰা মতে, পৌৰসভাৰ দ্বাৰা পৰিচালিত শতাব্দী চিকিৎসালয়লৈ চাৰিগৰাকী মহিলা আৰু এজন পুৰুষক মৃত অৱস্থাত অনা হয়। ৰজাৱাড়ী হাস্পতালত আন এজন ব্যক্তিক মৃত ঘোষণা কৰা হয়।
 
বিএমচিৰ দ্বাৰা পৰিচালিত ৰজাৱাড়ী চিকিৎসালয়ত এজন আহত ব্যক্তিক চিকিৎসাধীন হৈ আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। পৌৰ নিগমৰ বিষয়াসকলে জনোৱা মতে, নিশা প্ৰায় ৮:৩০ বজাত মণ্ডল অঞ্চলৰ হনুমান মন্দিৰৰ পিছফালে থকা জনতা নগৰৰ ৫ নং চাওলত এই ঘটনা সংঘটিত হয়।
 
বিষয়াসকলে জনোৱা মতে, প্ৰাৰম্ভিক তথ্য অনুসৰি তিনিমহলীয়া ঘৰটোৰ দুটা বা তিনিটা মহলা ভাঙি পৰে। ঘটনাৰ সম্ভেদ লাভ কৰাৰ লগে লগে মুম্বাই অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী, বিএমচি ৱাৰ্ড কাৰ্যালয় আৰু ১০৮ এম্বুলেন্স সেৱাৰ কৰ্মীসকল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
 
বিষয়াসকলে জনোৱা মতে, ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা সন্দেহযুক্ত এজন ব্যক্তিক উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে; এনডিআৰএফৰ এটা দলো সেই স্থানত উপস্থিত হৈছে।
 
স্থানীয় বিজেপিৰ কাউন্সিলাৰ নৱনাথ বানেও আন এজন ব্যক্তি নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে কালেক্টৰৰ মাটিত নিৰ্মাণ কৰা ওচৰৰ জুপুৰি এটাত ভাঙি পৰে৷ প্ৰবল বৰষুণে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।
 
ইফালে মুম্বাইৰ কুৰলাৰ নৱপাডাৰ গোমেছ গাউন বিল্ডিঙৰ সমীপত দেওবাৰে বিয়লি ধাৰাষাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ মাজতে এখন দোকানত গছ উভালি পৰি এজন ৬৩ বছৰীয়া ব্যক্তিৰ মৃত্যু হয়।
 
আৰক্ষীয়ে জনোৱা মতে, নিহত যুৱকজন ইউনুছ কুণ্ডাৱালা বুলি চিনাক্ত কৰা হৈছে৷ তেওঁলোকে জনোৱা মতে, গুৰুতৰভাৱে আহত কুণ্ডাৱালাক ওচৰৰ বাসিন্দাসকলে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷
 
মুম্বাই অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী, বৃহনমুম্বাই ইলেক্ট্ৰিক চাপ্লাই এণ্ড ট্ৰেন্সপ’ৰ্ট (বেষ্ট) আৰু পৌৰ ৱাৰ্ডৰ কাৰ্যালয়ৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ যান্ত্ৰিক কটাৰীৰ সহায়ত দোকানখনত পৰি যোৱা গছজোপা আঁতৰায় ৷ গছজোপাই তাঁৰ ভাঙি বিদ্যুৎ যোগানত ব্যাঘাত জন্মায়৷
 
একেদৰে গোৰেগাঁও পূৱৰ আৰে কলনীত মটৰ চাইকেল চলাই গৈ থকা অৱস্থাত গছৰ ডাল পৰি এজন ১৮ বছৰীয়া যুৱকৰ মৃত্যু হয়। ৩০ জুনতো চেম্বুৰত গছ উভালি চলন্ত স্কুল বাছত পৰাৰ ফলত এটি ১১ বছৰীয়া কিশোৰৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়।
 
ইফালে, ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ‘ৰেড এলাৰ্ট’ জাৰি কৰাৰ পিছতে বিএমচিয়ে সোমবাৰে মুম্বাইৰ সকলো চৰকাৰী, ব্যক্তিগত আৰু নাগৰিক বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে বন্ধ ঘোষণা কৰে।
 
বৃহনমুম্বাই পৌৰ নিগমে দেওবাৰে সন্ধিয়া এক বিবৃতিত কয় যে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মহানগৰীৰ বাবে ‘অৰেঞ্জ’ সতৰ্কবাণী জাৰি কৰি ধাৰাষাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। অৱশ্যে চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়সমূহে স্বাভাৱিকভাৱে কাম কৰিব।