গুৱাহাটী
গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাক অধিক সুৰক্ষিত আৰু শৃংখলিত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চহৰখনত চলাচল কৰা চিএনজি আৰু বিদ্যুৎচালিত ‘গ্ৰীণবাছ’সমূহে যিকোনো ধৰণৰ ট্ৰেফিক নিয়ম উলংঘা কৰিলে বাছখনক ৭ দিনৰ বাবে ৰাজপথৰ পৰা আঁতৰাই ৰখা হ’ব।
ইতিমধ্যে জিলা পৰিবহন বিষয়াৰ প্ৰৱৰ্তন শাখাই নিয়ম উলংঘা কৰাৰ অভিযোগত ৬৩ গৰাকী গ্ৰীণবাছ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।
শেহতীয়াকৈ গুৱাহাটীৰ গ্ৰীণবাছসমূহৰ বিৰুদ্ধে তীব্ৰ যান-বাহন জঁট সৃষ্টি কৰা, চালকৰ উদণ্ডালি আৰু যাত্ৰীৰ সুৰক্ষা বিঘ্নিত কৰাক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল।
প্ৰশাসনৰ মতে অভিযোগ সমূহ:
-নিৰ্ধাৰিত পথ সলনি কৰা
-বেপৰোৱাভাৱে গাড়ী চলোৱা আৰু হঠাতে ব্ৰেক মৰা
-যাত্ৰী উঠা-নমা কৰাৰ বাবে মাজ ৰাস্তাতে বাছ ৰখাই থোৱা
উল্লেখযোগ্য যে, মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে কয় যে ৰাইজৰ এই অভিযোগসমূহক প্ৰশাসনে অত্যন্ত গুৰুত্বসহকাৰে লৈছে । আঞ্চলিক পৰিবহন কৰ্তৃপক্ষৰ জৰিয়তে এই নতুন নিয়মসমূহ অতি সোনকালে আনুষ্ঠানিকভাৱে বলৱৎ কৰা হ’ব।
উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে পথ উলংঘাৰ এটা মাত্ৰ অভিযোগ পালেও চালক-কণ্ডাক্টৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে বাছখনৰ চলাচল ৭ দিনৰ বাবে নিষিদ্ধ কৰা হ’ব।
গ্ৰীণবাছৰ বাবে নতুন নিৰ্দেশনা দিয়া হৈছে:
বাওঁফালৰ লেন বাধ্যতামুলক: গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই জানিবলৈ দিয়ে যে গ্ৰীণবাছসমূহ সদায় ৰাস্তাৰ বাওঁফালৰ লেনেদিহে যাব লাগিব।
অভাৰটেক কৰাত নিষেধাজ্ঞা: যদি সন্মুখৰ বাছখন ষ্টপেজত ৰৈ থাকে, তেন্তে পিছৰ বাছখনে সোঁফালৰ লেনলৈ গৈ তাক অভাৰটেক কৰিব নোৱাৰিব । এই নিয়ম ভাঙিলে বাছখন ৭ দিনৰ বাবে জব্দ কৰা হ’ব।
সকলো পথতে সমভাৱে বাছ মোতায়েন: প্ৰশাসনে লক্ষ্য কৰিছে যে চহৰখনৰ কিছুমান নিৰ্দিষ্ট পথত অত্যধিক গ্ৰীণ বাছ চলাচল কৰে, যাৰ ফলত ট্ৰেফিক জাম হয়। সেয়েহে, অসম ৰাজ্যিক পৰিবহন নিগম-ক নিৰ্ধাৰিত ১৬-১৭টা পথত সমানুপাতিকভাৱে বাছসমূহ বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
জিলা প্ৰশাসনে জনোৱা মতে, মটৰ বাহন আইনৰ অধীনত নিয়ম উলংঘা কৰা যিকোনো গ্ৰীণবাছৰ বিৰুদ্ধে সৰ্বোচ্চ কঠোৰ শাস্তি বিহা হ’ব । এই অভিযানে গুৱাহাটীৰ পৰিবহন ব্যৱস্থা অধিক যাত্ৰীবান্ধৱ আৰু সুৰক্ষিত কৰি তুলিব বুলি আশা কৰা হৈছে।