আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল বটদ্ৰৱা প্ৰকল্প

Story by  atv | Posted by  [email protected] • 4 h ago
আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল বটদ্ৰৱা প্ৰকল্প
আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল বটদ্ৰৱা প্ৰকল্প
 
গুৱাহাটী
 
ভক্তপ্ৰাণ লোকৰ লগতে পৰ্যটকৰ দৰ্শনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মাণ হোৱা অভিলাষী বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰ ৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়াকৈ প্ৰবেশৰ বাবে জাননী জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে ৷ বহুকেইটা নীতি-নিৰ্দেশনাৰ মাজেৰে ১ ফেব্ৰুৱাৰীৰ পৰা দৰ্শন কৰিব পাৰিব বটদ্ৰৱা প্ৰকল্প৷
 
জিলা প্ৰশাসনৰ সিদ্ধান্ত অনুসৰি ১ ফেব্ৰুৱাৰী দেওবাৰৰ পৰা বটদ্ৰৱাস্থিত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ সাধাৰণ দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে মুকলি কৰা হ’ব ৷ এই পৱিত্ৰ ক্ষেত্ৰত ভকত-বৈষ্ণৱ, বাপ, আই-মাতৃ তথা পৰিয়ালবৰ্গই সুশৃংখল পৰিৱেশত প্ৰকল্পটো দৰ্শনৰ সুবিধা লাভ কৰিব৷
 
উল্লেখযোগ্য যে, নগাঁও জিলা প্ৰশাসনে জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি, দৰ্শনৰ সময়সীমা থাকিব পুৱা ১০:০০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈকে ৷ দৰ্শনাৰ্থীৰ সুৰক্ষা, পৰিৱেশ সংৰক্ষণ আৰু ধৰ্মীয় মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে কেতবোৰ নীতি-নিয়মো জাৰি কৰিছে ৷