গুৱাহাটী
ভক্তপ্ৰাণ লোকৰ লগতে পৰ্যটকৰ দৰ্শনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মাণ হোৱা অভিলাষী বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰ ৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়াকৈ প্ৰবেশৰ বাবে জাননী জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে ৷ বহুকেইটা নীতি-নিৰ্দেশনাৰ মাজেৰে ১ ফেব্ৰুৱাৰীৰ পৰা দৰ্শন কৰিব পাৰিব বটদ্ৰৱা প্ৰকল্প৷
জিলা প্ৰশাসনৰ সিদ্ধান্ত অনুসৰি ১ ফেব্ৰুৱাৰী দেওবাৰৰ পৰা বটদ্ৰৱাস্থিত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ সাধাৰণ দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে মুকলি কৰা হ’ব ৷ এই পৱিত্ৰ ক্ষেত্ৰত ভকত-বৈষ্ণৱ, বাপ, আই-মাতৃ তথা পৰিয়ালবৰ্গই সুশৃংখল পৰিৱেশত প্ৰকল্পটো দৰ্শনৰ সুবিধা লাভ কৰিব৷
উল্লেখযোগ্য যে, নগাঁও জিলা প্ৰশাসনে জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি, দৰ্শনৰ সময়সীমা থাকিব পুৱা ১০:০০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈকে ৷ দৰ্শনাৰ্থীৰ সুৰক্ষা, পৰিৱেশ সংৰক্ষণ আৰু ধৰ্মীয় মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে কেতবোৰ নীতি-নিয়মো জাৰি কৰিছে ৷