আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিবেশন

Story by  atv | Posted by  [email protected] • 3 h ago
আজিৰে পৰা আৰম্ভ অসম  বিধানসভাৰ বাজেট অধিবেশন
আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিবেশন
 
গুৱাহাটী
 
আজিৰে পৰা আৰম্ভ হ'ব ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিবেশন। অহা ৩১ জুলাইলৈ চলিবলগীয়া এইবাৰৰ বাজেট অধিবেশনতেই ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
 
এইবাৰৰ বাজেট অধিবেশনত নতুন বিধেয়কৰ পৰিৱৰ্তে ১২খনকৈ সংশোধনী বিধেয়ক উপস্থাপন কৰিব চৰকাৰে। আজি ৬ জুলাইৰ পৰা ৩১ জুলাইলৈকে সৰ্বমুঠ ১৬ দিন চলিব বিধানসভাৰ বাজেট অধিবেশনৰ কাম-কাজ।
 
উল্লেখযোগ্য যে, আজি উত্থাপন হ’ব আছাম টুৰিজিম ডেভেলপমেণ্ট এক্ট-২০২৪। এই আইনৰ জৰিয়তে হোটেল, হোমষ্টে পঞ্জীয়নত সুবিধা হ’ব। এই অধিৱেশনতে খাৰিজ হ’ব অসম SARI ACT.1867। উত্থাপন হ’ব গুৱাহাটী উপগ্রহীয় মহানগৰ উন্নয়ন প্রাধিকৰণ বিধেয়ক। ইফালে বাজেট অধিবেশনক লৈ সাজু হৈছে বিৰোধী শিবিৰ।